1. উদ্য়ানশস্য়

হালধি খেতিৰ বিভিন্ন ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ

RAHUL ALI
RAHUL ALI
Various diseases of turmeric cultivation and its remedies
Various diseases of turmeric cultivation and its remedies

অসমত সহজে কৰিব পৰা মছলাজাতীয় শস্যবিলাকৰ ভিতৰত হালধি এক উত্তম মছলাজাতীয় শস্য। মছলা হিচাবে ব্যৱহাৰ কৰাৰ উপৰিও ঔষধ আৰু সৌন্দৰ্য্যবর্ধক সামগ্রী হিচাবে হালধি ব্যৱহাৰ কৰা হয়। এই খেতিত দেখা দিয়া ৰোগ আৰু অপকাৰী কীট পতংগ নিয়ন্ত্রনৰ উপায় তলত দিয়া হল–

কীট-পতংগ (Pesticides)

(১) মজাখোৱা পোক

এই পোকে গছৰ বাঢ়ি অহা কাণ্ড অংশ খোৱাৰ ফলত গছজোপা হালধীয়া পৰি মাজৰ কোঁহটো শুকাবলৈ আৰম্ভ কৰে। ৰগৰ ৫ মিঃ লিঃ পানীত মিহলাই সেই মিশ্রণ গছত প্ৰয়োগ কৰিব লাগে।

(২) পাত মেৰিয়াই ধৰা পোক

এনে পোকৰ আক্ৰমণ নিয়ন্ত্ৰণৰ বাবে ডাইমেক্রন ৬ মিঃ লিঃ প্রতি ১০ লিটাৰ পানীত মিহলাই স্প্রে কৰিব লাগে।

ৰোগ নিয়ন্ত্রণ (Disease Control)

(১) পাতত দাগ পৰা ৰোগ বা টেফ্রিনা লিফ স্পট

পাতৰ দুয়োকাষে সৰু সৰু পাতল হালধীয়াৰ পৰা ডাঠ হালধীয়া বৰণৰ দাগ পৰা দেখা যায়। পাতৰ উপৰিভাগত দাগৰ পৰিমাণ বেছি হয়। সৰু সৰু দাগবোৰ বাঢ়ি গৈ গোটেই পাতখিলা আবৰি ধৰে আৰু পাতবোৰ হালধীয়া হৈ শুকাই যায়। এই ৰোগে আক্রান্ত গছবোৰ একেবাৰে মাৰি নেপেলাই যদিও পাতবোৰ হালধীয়া হৈ পৰাৰ বাবে হালধিৰ উৎপাদন ৰোগাক্ৰান্ত গছত যথেষ্ট কমি যায়।

প্রতিকাৰ-

আক্রান্ত গছত ১% বৰড’ মিশ্রণ বা ইন্দফিল-এম-৪৫ ২ গ্রাম প্রতি লিটাৰ পানীত মিহলাই প্রয়োগ কৰিব লাগে। প্রতি ১৫ দিনৰ অন্তৰে অন্তৰে ঔষধ প্রয়োগ কৰিলে সুফল লাভ কৰিব পাৰি।

(২) ৰাইজম পচা ৰোগ

এই ৰোগে প্রথমে গছৰ তলৰ ৰাইজম অংশত আক্রমণ কৰে আৰু ই লাহে লাহে গেলিবলৈ ধৰে। গছজোপাৰ ওপৰৰ পাতবিলাক প্রথমে হালধীয়া পৰি ক্ৰমান্বয়ে গছজোপা শুকাই যায়।

প্রতিকাৰ-

(ক) হালধি তলীখনৰ পৰা পানী ওলাই যোৱাৰ সুব্যৱস্থা কৰিব লাগে।

(খ) ৰোৱাৰ আগতে ৰাইজমবোৰ ইন্দফিল-এম-৪৫ মিশ্ৰণত (৩ গ্রাম প্রতি লিটাৰ পানীত) আধা ঘন্টা ডুবাই ছাঁত শুকাব লাগে।

(গ) আক্রান্ত গছত ২ গ্রাম ইন্দ্ৰফিল-এম-৪৫ প্রতি লিটাৰ পানীত মিহলাই গছৰ গুৰি অংশ তিতি যোৱাকৈ স্প্ৰে কৰিব লাগে।

লগতে পঢ়ক-আদা খেতিৰ অনিষ্টকাৰী কীট-পতঙ্গ আৰু ইয়াৰ প্ৰতিকাৰ

English Summary: Various diseases of turmeric cultivation and its remedies

Like this article?

Hey! I am RAHUL ALI. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.