Prawn Farming : ব্যৱসায়িক ভিত্তিত মিছামাছ পালন আৰু ইয়াৰ লাভালাভ বহনক্ষম কৃষি পদ্ধতি! ই কেনেকৈ আমাৰ পৰৱৰ্তী প্ৰজন্মক সুৰক্ষিত কৰিব! Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক
Updated on: 31 March, 2021 10:36 AM IST
Nuts Farming

    আপোনাৰ মোৰ বাবে অতিকৈ সুস্বাদু বাদাম৷ যিকোনো খাদ্যৰ লগতে বাদাম যোগ কৰিলে অধিক সোৱাদযুক্ত হয়। যিদৰে ই খাবলৈ সোৱাদ, সিমানে ইয়াৰ দামো আকাশলংঘী৷ সেয়েহে কব পাৰি যে ইয়াৰ খেতি কৰি কম সময়তে অধিক লাভৱান হ'ব পাৰি। ইয়াৰ বাবে অসমৰ মাটি উপযোগী হয়নে? ইয়াৰ উত্তৰ একেষাৰতে ক'ব গলে হয়, অসমৰ জলবায়ু উপযোগী বুলি বিশেষজ্ঞসকলে কয়। ২৫ শতাংশ প্ৰ’টিন আৰু ৫০ শতাংশ তেল থকা পুষ্টিকৰ অৰ্থকাৰী খাদ্য শস্য বাদাম খেতিৰ অসমৰ অঞ্চল বিশেষে প্ৰচুৰ সম্ভাৱনাময়। বিশেষকৈ শোণিতপুৰ, দৰং, নগাঁও, বৰপেটা জিলাৰ চৰ-চাপৰি অঞ্চলসমূহত বাদাম খেতি কৰি যথেষ্ট লাভবান হোৱা দেখা গৈছে।

   সেয়েহে এই খেতিৰ উন্নত কৃষি প্ৰণালী সম্বন্ধে কিছু তথ্য দাঙি ধৰা হল -

মাটি নিৰ্বাচন:

ওখ বালিচহীয়া মাটি বাদাম খেটিৰ বাবে উপযুক্ত। আঠালতীয়া আৰু পানী জমা হোৱা মাটি এই খেতিৰ বাবে মুঠেই ভাল নহয়। বাদাম যিহেতু মাটিৰ তলত হোৱা শস্য, সেয়েহে বাদাম খেতিৰ বাবে মাটিডৰা ৪-৫ বাৰ হাল বাই ভালদৰে গুৰি কৰি খেতি লগাব লাগে। কিয়নো বাদাম গছত মাটিৰ উপৰি ভাগত ফুল ফুলে আৰু সেই ফুলত পুং সংযোগ হোৱাৰ পিছত ফুল সৰি যায় আৰু তাৰপৰা সৃষ্টি হোৱা শলা এডাল লাহে লাহে বাঢ়ি মাটিৰ তলত সোমায়। মাটিৰ তলত তেতিয়া বাদাম গুটি বান্ধিবলৈ লয়।

জাত নিৰ্বাচন:

১)গ্ৰীষ্মকালীন- জোৱান,কৃষাণ, আই চি জি ৪ (এফ ডি আৰ এছ), আই চি জি ১০, গিৰনাৰ-১, আই চি জি এছ-১১।

বগাই যোৱা জাত: কোপাৰ গাঁও-১, এম-১৩।

প্ৰাক ৰবি: জোৱান, কিষাণ, আই চি জি ৪(এফ ডি আৰ এছ) আৰ ১০, গিৰনাৰ ১, অকোলা হোৱাইট।

 

বীজ সিঁচাৰ সময়:

 ক)শেহতীয়া খাৰিফ বা প্ৰাকৰবি- আগষ্ট-ছেপ্টেম্বৰ।

খ)গ্ৰীষ্মকালীন বাদাম- জানুৱাৰীৰ মাজভাগৰ পৰা ফেব্ৰুৱাৰীৰ মাজভাগলৈ।

অসমৰ পাহাৰীয়া অঞ্চল বিশেষকৈ বৃষ্টিপাত অঞ্চলৰ বালিচহীয়া মাটিৰ বাবে জুন-জুলাই বীজ সিঁচাৰ সঠিক সময়।

সাৰ প্ৰয়োগ:

 বিঘাই প্ৰতি ১০ কুইন্টল গোবৰ সাৰ বা পচন সাৰ আৰু ৰাসায়নিক সাৰ (ইউৰীয়া ৬ কিলোগ্ৰাম, ছুপাৰ ফছফেট ৫০ কিলোগ্ৰাম, মিউৰিয়েট অব পটাছ ৭ কিলোগ্ৰাম) বীজ সিঁচাৰ দুই-এদিন আগতে খলবোৰত দিব লাগে।

বীজ শোধন:

বাদামৰ বীজৰ বাকলি গুচাই গুটিবোৰ উলিয়াই বাচি লৈ প্ৰতি কিলোগ্ৰাম বীজত ৩ গ্ৰাম ডাইথেন এম-৪৫ বা এক গ্ৰাম বেভিষ্টিন নাইবা ২.৫ গ্ৰাম থিৰাম ঔষধ মিহলাই শুকানে শুকানে বীজবোৰ শোধন কৰিব লাগে।

বীজৰ পৰিমাণ:

বাকলিৰ সৈতে বিঘাই প্ৰতি ২০-২৫ কিলোগ্ৰাম আৰু বাকলি গুছোৱা অৱস্থাত ১৩-১৫ কিলোগ্ৰাম বীজৰ প্ৰয়োজন।

বীজ সিঁচাৰ পদ্ধতি:

    নাঙলেৰে শাৰী শাৰী কৰি বীজ সিঁচিব লাগে। গ্ৰীষ্মকালীন শস্যৰ ক্ষেত্ৰত ৫০ ছেন্টিমিটাৰ ১৫-২০ ছেন্টিমিটাৰ আৰু প্ৰাকৰবিৰ ক্ষেত্ৰত ৩০-৪০ ছেন্টিমিটাৰ ১০-১৫ ছেন্টিমিটাৰ ব্যৱধানত বীজ সিঁচিব লাগে। বীজবোৰ ৫-৭ ছেন্টিমিটাৰ দকৈ সিঁচি মাটি চপাই পাতলকৈ মৈয়াই দিব লাগে।

প্ৰতিপালন:

বীজ সিঁচাৰ দুই-তিনি সপ্তাহৰ ভিতৰত আলু খেতি কৰাৰ দৰে শাৰীৰ মাজত কোৰেৰে মাটি নিৰাই দিব লাগে। এমাহৰ পিছত গুটি ধৰাৰ আগেয়ে সাৱধানে এবাৰ কোৰ মাৰিব লাগে। ঘাঁহ-বন হাতেৰে টানি উভালিব লাগে।

জলসিঞ্চন:

ফুল ফুলা, বাদাম লগা শলাবোৰ মাটিত প্ৰৱেশ কৰাৰ সময়ত আৰু গুটিৰ আকাৰ ডাঙৰ হোৱাৰ সময়ত প্ৰয়োজনবোধ হলে পানী যোগান ধৰা উচিত।

শস্য চপোৱা:

প্ৰাকৰবি বতৰত কৰা বাদামৰ গছৰ পাত হালধীয়া হ’লে বাদাম পৈণত হোৱা বুলি ধৰিব পাৰি। গ্ৰীষ্মকালীন বাদামৰ ক্ষেত্ৰত গছবোৰ বাঢ়ি গৈয়ে থাকে। পৈণত হোৱাৰ লক্ষণ ধৰা টান। এই সময়ৰ খেতিত ৫০ ভাগ গছৰ ফুল ফুলাৰপৰা ডেৰ মাহ আৰু মাটিত বগাই যোৱা জাত দুইৰপৰা আঢ়ৈ মাহ পিছত চপাবৰ হয়।

উৎপাদন:

চপোৱাৰ লগে লগে বাদামবোৰ নিছিঙি ২-৪ দিন তেনেকৈ শুকুৱাই ল’ব লাগে। বিঘাই প্ৰতি গ্ৰীষ্মকালীন শস্যৰ ৩ কুইন্টল আৰু প্ৰাকৰবিৰ ২ কুইন্টল উৎপাদন হয়।

লেখক: প্ৰবোধ চন্দ্ৰ শৰ্মা (দৈনিক অসম)

আৰু পঢ়ক- আদা খেতিৰ উন্নত কৃষি প্রনালী আৰু ইয়াৰ ৰোগ প্রতিৰোধ

English Summary: How to grow nuts plants in assam details inside
Published on: 31 March 2021, 10:32 IST