বর্তমান সময়ত তিঁয়হ এবিধ লাভজনক খেতি হিচাপে গণ্য কৰা হয়। এইবিধ পাচলি ফল হিচাপেও ব্যৱহাৰ হয়। তাৰোপৰি আমি তিঁয়হৰ কেঁচা ছাটনি বা চালাড বনাই ভাতৰ লগত খাঁও। মধুমেহ ৰোগীসকলৰ বাবে তিঁয়হ এবিধ উপাদেয় খাদ্য। সাধাৰণতে তিঁয়হ গ্ৰীষ্মকালীন খেতি, গতিকে বর্তমান তিঁয়হ খেতি কৰাৰ বাবে উকৃষ্ট সময় বুলি কব পাৰি। যি অঞ্চলত বায়ুমণ্ডলৰ আৰ্দ্ৰতা কম আৰু প্ৰত্যক্ষ ৰ’দৰ পোহৰ পোৱা যায়, তেনেকুৱা ঠাই তিঁয়হ খেতিৰ বাবে উত্তম বুলি জনা যায়।
মাটি -
পাতলীয়া বালিচহীয়া মাটি তিঁয়হ খেতিৰ কাৰণে উপযোগী। কিন্তু বালিচহীয়া পলসুৱা আৰু আলতীয়া পলসুৱা মাটিৰ খেতিত উৎপাদন অধিক পোৱা যায় আৰু ফলৰ আকাৰো ডাঙৰ হয়।
মাটি প্ৰস্তুত(Soil preparation)-
তিঁয়হৰ খেতিৰ বাবে মাটি দ আৰু মিহিকৈ চহাই লৈ ঢাপ কৰি ল’ব লাগে। ঢাপবোৰৰ মাজত নলা ৰখাটো জৰুৰী; ইয়াৰ কাৰণ হৈছে ঠাইখিনি পানীৰ পৰা মুক্ত হৈ থকা আৰু ঠাইখিনি শুকান হৈ থাকিব লাগে। জেকা ঠাই এই খেতিৰ বাবে বেয়া৷
জাত নিৰ্বাচন(Varieties)-
চাইনিজ গ্ৰীণ, পুচা সংযোগ, পইনচেটী, এ এ ইউ চি-১, এ এ ইয়ু চি-২, ৰিজড-কিউকামবাৰ, এপোল- কিউকামবাৰ।
সময়: মাৰ্চ-এপ্ৰিল আৰু নৱেম্বৰ –ডিচেম্বৰ (মাটিত বগোৱা)।
সাৰ প্ৰয়োগ(Manure)-
মাটি চাহ কৰাৰ সময়তে বিঘাই প্ৰতি ৩.৫ টন পচন সাৰ, লগতে প্ৰয়োগ কৰিব লাগে ১৭ কিলোগ্ৰাম ইউৰিয়া সাৰৰ আধা অংশ, ৩৭ কিলোগ্ৰাম ছুপাৰ ফছফেট আৰু ২১ কিলোগ্ৰাম মিউৰেট অব পটাছ সাৰ প্ৰাথমিক সাৰ হিচাপে প্ৰয়োগ কৰিব লাগে। বাকী ইউৰিয়াৰ আধা অংশ পুলি ওলোৱাৰ ৩০ দিনমান পিছত টপড্ৰেছ হিচাপে প্ৰয়োগ কৰিব লাগে।
জৰ পৰিমাণ: বিঘাই প্ৰতি ৪০০ গ্ৰাম বীজৰ প্ৰয়োজন।
ব্যৱধান: আগতীয়া (ফেব্ৰুৱাৰী-মাৰ্চ) খেতিৰ বীজবোৰ ১২০x১২০ ছেণ্টিমিটাৰ দুৰত্বত সিঁচিব লাগে। প্ৰতি গাঁতত ২-৩ টাকৈ বীজ দিয়া উচিত। শেহতীয়া (মে’-জুন) খেতিৰ ক্ষেত্ৰত ১২০x১৫০ ছেণ্টিমিটাৰ ব্যৱধানত বীজ দিব লাগে।
পানী যোগান (Irrigation)-
বৰষুণৰ পৰিমাণ কম হলে প্ৰয়োজন অনুসৰি পানী যোগান ধৰিব লাগে।
শস্য চপোৱা: গুটি সিঁচাৰ দুমাহৰ মুৰত ফল ধৰিবলৈ ধৰে। ফলবোৰ সেউজীয়া আৰু কোমল হৈ থাকোঁতেই চপাব লাগে।
উৎপাদন: উন্নত পদ্ধতিৰে কৰা তিঁয়হৰ খেতিৰ পৰা বিঘাই প্ৰতি ৬-৮ কুইণ্টল উৎপাদন হয়।
লগতে পঢ়ক-নাৰিকল খেতিৰ বাবে মাটি আৰু বতৰৰ প্ৰয়োজনীয়তা