Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 15 May, 2024 4:26 PM IST
Apple Farming in Jorhat

ৰাজ্যবাসীৰ বাবে এটা ভাল খবৰ। এই ভাল খবৰটো আনিছে যোৰহাটস্থিত অসম কৃষি বিশ্ববিদ্যালয়ে। বিভিন্ন সময়ত এই কৃষি বিশ্ববিদ্যালয়ে অসমৰ জলবায়ু অনুকুলে উদ্ভাৱন কৰা বিভিন্ন, শস্য, ফলমূলে ইতিমধ্যে ৰাজ্যখনৰ বহু অভাৱ দূৰ কৰিবলৈ সক্ষম হৈছে। বিশ্ববিদ্যালয় উদ্ভাৱন কৰা ৰঞ্জিত-বাহাদুৰ ধানৰ প্ৰজাতিটোৱে অসমৰ বহু কৃষকৰ অভাবী জীৱনলৈ এক বৈপ্লৱিক পৰিৱৰ্তন অনাৰ কথা সকলোৱে জানে। শেহতীয়াকৈ বিশ্ববিদ্যালয়খনে অসমৰ বানৰ প্ৰতিকুল অৱস্থাৰ লগত যুঁজিব পৰাকৈ বানপানী সহনশীল অৰ্থাত ১৫ দিন পৰ্যন্ত পানীৰ তলত ডুব গ’লেও মৰি নোযোৱা কিছুমান ধানৰ প্ৰজাতি উদ্ভাৱন কৰি সফল হৈছে। একেদৰে ৰাজ্যৰ খৰাং পৰিস্থিতি, আৰু জলসিংঞ্চন ব্যৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি খৰাং সহনশীল কিছুমান ধানৰ প্ৰজাতিয়ো উদ্ভাৱন কৰিছে। এই নতুন প্ৰজাতিবোৰৰ খেতি কৰি সফলতা লাভ কৰিছে আমাৰ কৃষকসকলো।

যোৰহাটত দুবছৰতে এনেদৰে লমালমে লাগিছে আপেল
> অসম কৃষি বিশ্ববিদ্যালয়ৰ পৰীক্ষামূলক ফাৰ্মত পৰীক্ষামূলক কৰা আপেলৰ খেতি।
> আন্না, গোল্ডেন ডৰচেট আৰু এইচ আৰ এম এন-৯৯ৰ এই জাতকেইটা আপেলৰ খেতি অসমত জলবায়ুৰ উপযোগী হয় নে নহয় তাৰ পৰীক্ষাৰ কৰে
> পৰীক্ষাত যোগাত্মক ফলাফল পাবলৈ সক্ষম হয় কৃষি বিজ্ঞানীসকল

অসম কৃষি বিশ্ববিদ্যালয়ৰ সামাজিক মাধ্যমত বিভাগীয় কৰ্তৃপক্ষই সামাজিক বৈজ্ঞানিকভিত্তিত পৰীক্ষামূলকভাৱে উক্ত প্ৰজাতিৰ আপেলৰ খেতিৰ তথ্য ৰাজহুৱা কৰাৰ পাছতেই এক আলোড়ণৰ সৃষ্টি হৈছে। বিভিন্নজনে তেওঁলোকৰ এই কাৰ্যৰ বাবে শুভেচ্ছা জনাইছে। মধুকৰ বনিয়া নামৰ এজন ব্যক্তিয়ে লিখিছে- Three apple varieties—Anna, Golden Dorset, and HRMN-99—stand tall, their branches reaching for the sky. Each one carries the weight of possibility, their leaves rustling with anticipation. These apples are not mere fruits; they are ambassadors of science, resilience, and hope. ৰূপম কটকী নামৰ এজন ব্যক্তিয়ে লিখিছে- Very inspiring, if apples can be grown in our environment, the economy of our state will boom. অন্য এজনে লিখিছে- Excellent news . I tried to grow avocado plants. Two plants were growing very nicely. We were expecting flowers from the tree in the fourth year. Unfortunately both the plants died. Happy to see the apple plants giving fruits. Congratulations to the scientists who made it possible.

নিশ্চিতভাৱে তেওঁলোকৰ এই পৰীক্ষাত সফলতা লাভ কৰাৰ দৰে আমাৰ কৃষকসকলেও এই প্ৰজাতিকেইটাৰ আপেল খেতি কৰি সফলতা লাভ কৰিবলৈ সক্ষম হয় নিশ্চিতভাৱে ৰাজ্যৰ কৃষি অৰ্থনীতিলৈ এক পৰিৱৰ্তন আহিব। বহি:ৰাজ্যৰ কৃষকৰ আপেলৰ সলনি অসমৰ কৃষকে উতপাদন কৰা আপেলে বজাৰ-দোকানসমূহ শুৱনি কৰিব। কম দামত নিজ ভূমিত উতপাদন হোৱা আপেল খাবলৈ পাব অসমৰ জনগণে। এই আশাৰ বতৰাই কঢ়িয়াই আনিছে অসম কৃষি বিশ্ব বিদ্যালয়ৰ বাগিছাৰ আপেলবোৰে।

লগতে পঢ়ক- 

Horticulture : এবিঘা মাটিত মাত্ৰ এবাৰ আৰম্ভ কৰি গোটেই জীৱন পাওঁক ফল

English Summary: Good News: Apple Farming in Jorhat
Published on: 07 May 2024, 11:33 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now