Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 16 April, 2022 5:25 PM IST
Ginger

জাত

ৰিঅ’-ডি-জেনিৰ’, নাদিয়া, কাৰকায়, মৰাণ, যোৰহাট আৰু চীনা৷

মাটি নিৰ্বাচন

কম পৰিমানে পলসুৱা ওখ পানী জমা হব নোৱাৰা মাটি আদা খেতিৰ বাবে উপযোগী৷

বীজৰ পৰিমান

১০-১৫ কুইন্টল প্ৰতি হেক্টৰত ৷ বীজৰ বাবে ৰখা পোখাবোৰত ২-৩ টামান কোঁহ থাকিব লাগে আৰু প্ৰতিটুকুৰাৰ ওজন প্ৰায় ৫ গ্ৰাম মান হোৱা দৰকাৰ ৷

বীজ সিঁচাৰ সময়

মাৰ্চ আৰু এপ্ৰিল মাহৰ ভিতৰত আদা ৰোব লাগে ৷

ব্যৱধান

২৫ চে:মিটাৰ দূৰত্বত শাৰী পৰা শাৰীলৈ আৰু ১৫০ চে:মিটাৰ দূৰত্ব গছৰ পৰা গছলৈ ৷ মধ্যমীয়া দৰ গাতত পোখাবোৰ পুতিব লাগে৷

সাৰ প্ৰয়োগ

পচন সাৰ ১০ টন, নাইট্ৰোজেন ২০, ফছফৰাছ ৬০ আৰু পটাছ ২০ কি: গ্ৰাম প্ৰতি হেক্টৰত ৷ নাইট্ৰোজেন আধা অংশ আৰু বাকী পচন সাৰ আৰু অন্য ৰাসায়নিক সাৰৰ সম্পূৰ্ণ অংশ মাটি প্ৰস্তুত কৰোতে প্ৰয়োগ কৰিব লাগে ৷ বাকী থকা অংশ নাইট্ৰোজেন পোখা সিঁচাৰ ৬০ দিনৰ পিছত প্ৰয়োগ কৰিব লাগে ৷

পৰিচর্য্যা

আচ্ছাদন: প্ৰথম আচ্ছাদন ৰোৱাৰ পিছতে যি কোনো সুবিধাজনক আচ্ছাদনৰ সামগ্ৰীৰে আৰু দ্বিতীয় বাৰ ৰোৱাৰ ৪০ দিনৰ পিছত দিব লাগে৷

জলসিঞ্চণ: খৰাং বতৰত ১৫ দিনৰ ব্যৱধানত জলসিঞ্চণৰ ব্যৱস্হা কৰিব লাগে ৷

অপতৃণ নিয়ন্ত্ৰণ: প্ৰথমবাৰ বনবাত নিৰোৱাৰ উপযুক্ত সময় হ’ল ৰোৱাৰ পৰা ৪০ দিন মান পিছত মানে দ্বিতীয় বাৰ আচ্ছাদন দিয়াৰ আগে আগে৷

মাটি চপোৱা: বনবাত নিৰোৱাৰ লগে লগে গছৰ গুৰিত মাটিও চপাই দিব লাগে ৷

শস্য ৰক্ষা

মজাখোৱা আৰু পাত মেৰুৱা পোকৰ বাবে ৰ'গৰ ০.০৫ শতাংশ ঔষধ স্প্ৰে কৰিব ৷

আদা পঁচা বেমাৰ

(ক) এই বেমাৰ নিয়ন্ত্ৰণৰ বাবে পথাৰৰ পৰা পানী ওলাই যাব পৰা ব্যৱস্হা কৰিব লাগে ৷

(খ) প্ৰতিষেধক ব্যৱস্হা হিচাপে বীজবোৰ মেনক’জেব ৭৫ ডব্লিও পি (২ গ্ৰাম প্ৰতি লিটাৰ পানীত) নাইবা মেটালেকজিল আৰু মেনক’জেব ৭৫ ডব্লিও পি মিশ্ৰণ ০.৩ শতাংশ ৰোৱাৰ বা সংৰক্ষণ কৰাৰ আগেয়ে ব্যৱহাৰ কৰিব লাগে ৷

গ) বেমাৰ হোৱা অংশত মেনক’জেব ৭৫ ডব্লিও পি ২ গ্ৰাম প্ৰতি লিটাৰ পানীত বা কেপ্টাফল জাতীয় ঔষধেৰে ধুই বা ঢালি দিব লাগে৷

পাতত দাগ লগা (Leaf Spot) : এই বেমাৰ নিয়ন্ত্ৰ্ৰণৰ বাবে বৰদ’ মিশ্ৰণ ১ শতাংশ বা ০.২ শতাংশ থিৰাম ব্যৱহাৰ কৰিব ৷

শস্য চপোৱা আৰু ইয়াৰ তত্ত্বাৱধান

গছবোৰ/পাতবোৰ যেতিয়া লাহে লাহে হালধীয়া ৰঙৰ হৈ শুকাবলৈ আৰম্ভ কৰে তেতিয়াই শস্য চপোৱাৰ ব্যৱস্হা কৰিব লাগে  চপোৱাৰ পাচত আদাবোৰ ভালদৰে ২-৩বাৰ ধুই তাৰ পৰা মাটি আৰু বোকাবোৰ আঁতৰাই ৰ’দত দি শুকুৱাব লাগে ৷

উৎপাদন:

এক হেক্টৰ খেতিৰ পৰা ১৫০-২০০ কুইন্টল আদাৰ উৎপাদন পাব পাৰি ৷

উৎস: অসম কৃষি বিশ্ববিদ্যালয়

লগতে পঢ়ক-নেমু গছজোপাৰ অলাগতিয়াল ডাল-পাত কেনেকৈ চিকুণাব?

English Summary: Ginger Farming in Assam
Published on: 16 April 2022, 05:25 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now