1. উদ্য়ানশস্য়

নেমু গছজোপাৰ অলাগতিয়াল ডাল-পাত কেনেকৈ চিকুণাব?

KJ Staff
KJ Staff
নেমু গছ
নেমু গছ

ফলমূলৰ গছৰ পৰা অধিক উৎপাদন লাভ কৰাৰ লগতে গছজোপাক নিৰোগী আৰু সুস্থ কৰি ৰাখিবলৈ অলাগতিয়াল ডাল-পাত সময়মতে চিকুনাই থকাটো অতি জৰুৰী। আপোনাৰ ঘৰৰ নেমু গছকেইজোপাও ইয়াৰ ব্যতিক্ৰম নহয়। নেমু গছ চিকুণাবলৈ তলত দিয়া ধৰণে ব্যৱস্থা লওক:

  • নেমু গছৰ সবল, কাইটিয়া কাণ্ডবোৰৰ উৎপাদন ক্ষমতা প্ৰায় শূণ্য। এনে ডাল পাতবোৰ কাটি পেলাওক।

  • নেমু গছ দুবছৰমান হোৱাৰ পৰাই ইয়াৰ অলাগতিয়াল ডাল-পাতবোৰ কাটিব লাগে। এই অৱস্থাৰ পৰা ডাল পাত চিকুণালে গছজোপাক সুন্দৰ আকাৰ দিব পাৰি। মাটিৰ পৰা ৬৫ ছেন্টিমিটাৰ ওপৰত ডাল বাঢ়িবলৈ দিব লাগে আৰু গছজোপাত মুখ্য ডালৰ সংখ্যা ৩-৫ ডাল ৰাখিব লাগে।

  • নেমু গছৰ মাজভাগ বতাহৰ পৰা অধিক সুৰক্ষিত। সেয়েহে গছজোপাৰ মাজভাগৰ ডালত ফল ধৰিব পৰাকৈ গছজোপা চিকুণাব লাগে।

  • পৈণত গছৰ ৰুগ্ন, মৃতপ্ৰায় আৰু বাঢ়িবলৈ এৰি দিয়া ডালবোৰ কাটি পেলাব লাগে।

  • ওপৰা-ওপৰিকৈ বাঢ়িবলৈ লোৱা ডাল-পাতবোৰ কাটি দিব লাগে।

  • গছৰ উচ্চতা আৰু প্ৰস্থ কমাই ৰাখিব লাগে।

  • সূৰ্য্যৰ পোহৰ সমানে পৰিব পৰাকৈ গছজোপাৰ সকলো অংশতে ডাল-পাতবোৰ কাটিব লাগে।

  • পুৰণি গছৰ প্ৰধান ডালবোৰ কাটি দিলে তাৰ ঠাইত নতুন ডালৰ সৃষ্টি হয়। প্ৰথমতে এটা ফালৰ এনে ডাল কাটি ১-২ বছৰ পাছত আনটো ফালৰ ডাল কাটিব লাগে।

  • ডাল কটাৰ বাবে ব্যৱহাৰ কৰা দা বা কটাৰীখন ৩ শতাংশ শক্তিযুক্ত ছ’ডিয়াম হাইপ’ক্ল’ৰাইড মিশ্ৰণত তিয়াই বীজাণুমুক্ত কৰি ল’ব লাগে।

  • গ্ৰীষ্মকালত ডাল বেছিকৈ কাটিব নালাগে। ফুল ফুলাৰ সময়তো ডাল কটা উচিত নহয়।

উৎস: কৃষি বিভাগ, অসম
লগতে পঢ়ক-নেমু খেতিৰ পদ্ধতি আৰু ইয়াৰ পৰিচৰ্যা সম্পৰ্কে জানো আহক-

English Summary: How to pinch the unnecessary branches of lemon tree?

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.