আমাৰ দৈনন্দিন ব্যৱহাৰ হােৱা মছলা বিলাকৰ ভিতৰত আদা এবিধ উৎকৃষ্ট মছলা। এই মছলা জাতীয় শস্যৰ খেতি পৃথিৱীৰ সকলাে ঠাইতে কৰে যদিও ভাৰতবৰ্ষৰ স্থান পৃথিৱীৰ ভিতৰত প্ৰথম। মাটি আৰু জলবায়ুৰ উপযুক্ততা অনুযায়ী অসমতাে এই খেতি কৃতকাৰ্য্যতাৰে কৰিব পাৰি। কিন্তু অসমত দৈনন্দিন ব্যৱহাৰৰ বাবেহে সাধাৰণতে আদাৰ খেতি কৰা হয় যদিও বাণিজ্যিক ভিত্তিত কৰা নহয়। দৈনন্দিন জীৱনত আদাৰ ব্যৱহাৰৰ উপৰিও গুণৰ বাবে বহু আয়ুর্বেদিক দৰৱ প্ৰস্তুত কৰাত ব্যৱহাৰ হােৱাৰ বাবে দেশী আৰু বিদেশী বজাৰত আদাৰ চাহিদা যথেষ্ট বেছি। আদা কেঁচা অবস্থাতেই বিক্ৰী কৰি লাভান্বিত হােৱাৰ উপৰিও প্ৰক্ৰিয়াকৰণ কৰাৰ জৰিয়তে আদাক অন্যান্য ৰূপলৈ ৰূপান্তৰ কৰিব পৰাৰ সুবিধা বহুত আছে। ইয়াৰ ভিতৰত আদাৰ মণ্ড (poste), গুৰি, আচাৰ, কেনডি আদি উল্লেখযােগ্য।
আদাৰ পৰা আদা তেল আৰু অ'লিঅ'ৰেজিন প্রস্তুত কৰা প্ৰক্ৰিয়াটো হ'ল অন্য এক মূল্য সংযােজন। এনেধৰণৰ দ্ৰব্যৰ ব্যৱহাৰ ঘাইকৈ ঔষধ প্রস্তুত কৰা উদ্যোগত বহুল ভাৱে হােৱাৰ কথা আমি জানাে। প্রক্রিয়াকৰণৰ জৰিয়তে আদাক পৰিৱৰ্তিত ৰূপলৈ নিবলৈ আদাৰ কিছুমান গুণাগুণ থকাটো অতি আৱশ্যকীয়। সেইবােৰৰ ভিতৰত কম আহ যুক্ত, সৰহ পৰিমাণৰ অলিঅ'ৰেজিনযুক্ত তথা আদাৰ কাণ্ডবােৰ সহজে শুকুৱাব পৰা বিধিৰ হ'ব লাগে। আদাৰ মূল্য সংযােজনৰ ক্ষেত্ৰত অসম তেনেই চালুকীয়া অৱস্থাত আছে।
গতিকে আদাৰ খেতি বাণিজ্যিক ভিত্তি কৰিবৰ বাবে কিছুমান কৃষি পদ্ধতিৰ বিশেষত্ব হ'ল-
১) মাটি নির্বাচন :
আদা খেতিৰ বাৰে পানী জমা নােহােৱা বালিচহীয়া দোমােজা মাটিৰ দৰকাৰ। বেছি আলতীয়া ধৰণৰ মাটি হ'লে অধিক পৰিমাণে জৈৱিক সাৰ প্ৰয়ােগ কৰা আৱশ্যক। গৱেষণা কৰাৰ পিছত এইটো অনুমােদন কৰা হৈছে যে মুকলি পথাৰত কৰা আদা খেতিতকৈ আংশিক ছ থকা ঠাই যেনে তামােল, নাৰিকল আদি বাৰীৰ মাজৰ ঠাইত আদাৰ খেতি কৰিলে বেছি উৎপাদন হয়।
২) সঁচ নির্বাচন :
আদাৰ বহুত থলুৱা আৰু বাহিৰৰ সঁচ আছে যদিও অধিক উৎপাদনৰ কাৰণে, নন্দীয়া, ভাবাদা, বিয়'-ডি' আদি সঁচেই উত্তম।
৩। বীজৰ পৰিমাণ আৰু ৰােৱা পদ্ধতি
আদাৰ খেতি বীজৰ পৰা কৰা নহয়। আদাৰ বংশ বিস্তাৰ সাধাৰণতে মাটিৰ তলত হােৱা মঙহাল আলু অর্থাৎ ৰাইজ'মৰ দ্বাৰা কৰা হয় আৰু এই ৰাইজমেই আদাৰ ৰােপণ সামগ্রী। সদায় মধ্যমীয়া সবল আৰু নিৰােগী গড় হিচাবে ১৫ গ্রাম ভজনৰ ৰাইজ'ম বা আদাৰ টুকুৰা ব্যৱহাৰ কৰিব লাগে। প্রতিবিঘা মাটিৰ বাবে ডেৰ-দুই কুইন্টল ৰাইজ'মৰ প্রয়ােজন (হেক্টৰ প্রতি ১০-১৫ কুইন্টল) হয়। খেতিৰ বাবে বাছনি কৰা মাটিডােখৰ দকৈ হাল বাই ভালদৰে চাহ কৰি সেয়াই সমান কৰি ল'ব লাগে। পিছত ১ মিটাৰ বহল, ১৫ ছেন্টিমিটাৰ ওখ আৰু দীঘল প্রয়ােজন অনুসাৰে বা ইন্ধানুযায়ী কৰি সৰু সৰু ভেটি তৈয়াৰ কৰি ল'ব লাগে। এতিয়া প্ৰতিটো ভেটিত পথালিকৈ ২৫ ছেমি, আঁতৰে আঁতৰে একোটা সৰু লােৰ কৰিব লাগে। ৰােৱাৰ বাবে বাছনি কৰা ৰাইজ'মৰ টুকুৰাৰােৰ এই লােৰ বিলাকত ১৫-২০ ছে.মি, ব্যৱধানত পথালিকৈ ৰােপণ কৰি মাটি জাপি দিব লাগে। লগতে পচা জাবৰ, শুকান পাত আদিও জাপি দিব লাগে।
৪)শস্য ৰক্ষা-
অন্য শস্যবােৰৰ দৰে আদা উৎপাদন প্রধান অন্তৰায় হ’ল পােক-পৰুৱা আৰু বেমাৰ আজাৰৰ আক্ৰমণ। আদা খেতিত আক্রমণ কৰা (১) মজা খােৱা পােকৰ পলুৱে আদা গছৰ মুখ্য ডাল ফুটা কৰি ভিতৰলৈ সােমায় যায় আৰু ভিতৰৰ মজ্জা অংশ খাই পেলায়। মজ্জা খােৱা পােকৰ নিবাৰণৰ উপায় সমূহ হ'ল-
১। আক্রান্ত গছবােৰ উলি আনি ধ্বংস কৰি পেলাব লাগে।
২। ৰগৰ নামৰ দৰৱ ২ মিলি লিটাৰ পানীত মিহলাই গছত প্ৰয়ােগ কৰিব লাগে।
৩। পাত মেৰিওৱা পােক এই পােকবােৰে আদা পাতৰ ৰস শুহি খায়। ফলস্বৰূপে পাতবােৰ পাক খাই ঘূৰণীয়া হৈ পৰে। আদা খেতি ডৰাত পাত মেৰিওৱা পােকৰ উপস্থিতি লক্ষ্য কৰিলে ৰগৰ নামৰ দৰৱ ২ মি.লি ১ লি পানীত মিহলাই গছত প্ৰয়ােগ কৰিব লাগে।
আৰু পঢ়ক- হালধি খেতিৰ উন্নত কৃষি প্রণালী
৫) ৰাইজ'ম পচা ৰােগ :
আদাৰ এবিধ মাৰাত্মক বেমাৰ হ’ল আদা পচা বেমাৰ। এই বেমাৰৰ বীজাণু মাটি আৰু বীজ দুয়ােটাতে অথবা যিকোনাে এটাত থাকিব পাৰে আৰু এই বীজাণুৱে প্ৰথমতে আদা ৰাইজ'মবােৰ আক্ৰমণ কৰে। এই বেমাৰৰ প্ৰাৰম্ভিক লক্ষণ আদা ৰােৱাৰ ৫ মাই পাছৰে পৰা পৰিলক্ষিত হয়। বেমাৰৰ আৰম্ভিক লক্ষণ হিচাবে আদাৰ পাতবােৰ পাতল সেউজীয়া বৰণৰ হয় আৰু পাতৰ আগবােৰ হালধীয়া পৰে। লাহে লাহে আক্রান্ত গচজোপাৰ তলফালৰ পাতবােৰ হালধীয়া হৈ শুকাই যায়। পাতবােৰ শুকাই গ'লেও গা-গছজোপা সজীৱ হৈ থাকে আৰু টানি দিলেই সহজতে উভাল খাই আহে। আক্রান্ত গছত লগা আদাবােৰ কোমল হৈ পৰে আৰু ই বােৰক হেচি দিলে চেপেটা হৈ পৰে। শেষলৈ আদা ভিতৰৰ অংশ পচি যায় আৰু অবশিষ্ট হিচাবে ছালখন থাকেগৈ।
এই বেমাৰ নিবাৰণৰ বাবে সতর্কতামূলক ব্যৱস্থা
১। আদা খেতি কৰা অঞ্চলত পানী জমা হ'ব দিব নালাগে।
২। বীজশােধন এই বেমাৰ নিয়ন্ত্ৰণৰ এক কার্যকৰী ব্যৱস্থা। আদা ৰােৱাৰ আগতে ৰাইজ মবােৰ ইন্দোফিল এম-৪৫ দৰৱৰ ৩ গ্রাম ১ লিটাৰ পানীত মিহলাই প্রস্তুত কৰা মিশ্রণত ৪৫ মিনিট সময় তিয়াই শােধন কৰি ল'ব লাগে। ইয়াৰ পাছত বীজখিনি ছাঁত শুকুৱাই সিঁচিব লাগে।
৩। আক্রান্ত খেতি ডৰাত ইন্দোফিল এম-৪৫ দৰৱ ৩ গ্রাম ১ লিটাৰ পানীত মিহলাই মাটি ভালদৰে তিতি যােৱাকৈ প্রয়ােগ কৰিব লাগে।
৪। বেছিকৈ আক্রান্ত পথাৰত পাছৰ বছৰত আদা খেতি কৰিব নালাগে।
৫। বায় ফৰ পি.এফ নামৰ এক জৈৱিক নিয়ন্ত্ৰণৰ প্রস্তুতিৰে এই বেমাৰ সফলভাৱে ৰােধ কৰিব পাৰি। এইবিধ প্রস্তুতিৰে ৰােৱাৰ আগতে আদা ৰাইজ’ম (১০ কেজি বায়কৰ পিএফ প্রতি কুইন্টল ৰাইজম হিচাপত) শােধন কৰি ল'ব লাগে। ইয়াৰ পাছত মূল পথাৰত এক হেক্টৰত ১০০ কেজি বায়ৰ ... এফ প্রয়ােগ কৰিব লাগে।
৬। পাতত দাগ পৰা ৰােগঃ
ই এবিধ ভেকুৰৰ আক্ৰমণৰ ফলত হােৱা ৰােগ। এইবিধ ভেঁকুৰ সাধাৰণতে বীজত অথবা আদাৰ পাতত থাকে। ভেঁকুৰ বিধিৰ আক্ৰমণৰ ফলত আদাৰ পাতত বগা বৰণৰ কিছুমান দাগ পৰে। ভালদৰে দেখা যায় যে এই দাগবােৰৰ চাৰিওফালে মুগা বৰণৰ এটা ঘেৰ থাকে আৰু বগা অংশত ক'লা বৰণৰ কিছুমান ফুটফুটীয়াকৈ দাগ আছে। এইবােৰ বেমাৰৰ প্ৰাৰম্ভিক লক্ষণ। বেমাৰৰ অগ্ৰগতিৰ লগে লগে পাতখিলাত সৰু সৰু অসংখ্য ফুটা হয় আৰু পাতৰ বৰণ খেৰ বৰণীয়া হয়। এই বেমাৰৰ নিবাৰণৰ বাবে এনে ধৰণৰ ব্যৱস্থা সমূহ গ্ৰহণ কৰিব লাগে যেনে-
ক) আদা খেতি কৰা অঞ্চলত আংশিকভাৱে ছাঁ পৰাৰ ব্যৱস্থা কৰিব লাগে।
খ) পাতত দাগ পৰা দেখিলে কেফটাফ নামৰ দৰব ২.৫ গ্রাম এক লিটাৰ পানীত মিহলাই গছত প্ৰয়ােগ কৰিব লাগে। প্রয়ােজন সাপেক্ষে এই দৰৱ ছয়বাৰ পৰ্য্যন্ত ছটিয়াব লাগে।
পৰিচৰ্য্যাঃ
আদাৰ ৰাইজমবােৰ ৰােপণ কৰাৰ ৪০-৪৫ দিনৰ পিছত দুটা শাৰীৰ মাজত বন-বাতবােৰ চিকুণাই দিব লাগে আৰু পিছত গছৰ গুৰিত এবাৰ মাটি চপাই দিয়া উচিত। মাটিত সমভাৱে জীপ ৰাখিবৰ বাৰে খৰাং বছৰত এবাৰ বা দুবাৰ পানীৰ যােগান ধৰিব পাৰিলে ভাল। আদাত প্ৰথমবাৰ মাটি চপাই দিয়াৰ পিছত মাটিৰ ওপৰত এটা ৫ ছেমি, ডাঠকৈ আৱৰণি দিব পাৰিলে ভাল। এই জৈৱিক আৱৰণি বা মালচিং সাধাৰণতে শুকান গছৰ পাত, ধানখেৰ তুহ, মেটেকা আদি দিব লাগে। জৈৱিক আৱৰণিয়ে জৈৱিক সাৰৰ পৰিমাণ বৃদ্ধি কৰে, মাটিত জীপ ৰাখে, মাটিৰ উষ্ণতাৰ সমতা ৰক্ষা কৰে, বৰষুণ দিনত হ'ব পৰা মাটিৰ ওপৰ-ভাগৰ খহনীয়া ৰােধ কৰে আৰু শস্যডৰাত ঘাঁহ-বন গজাত বাধা দিয়ে। যিহেতু আদাৰ শস্যকাল প্রায় দহ মাহ গতিকে প্রয়ােজন সাপেক্ষে দ্বিতীয় বাৰৰ বাবেও জৈৱিক আৱৰণি দিব লাগে।
উৎস - ড০ দ্বিপজ্যোতি বৰুৱা
উন্নত পদ্ধতিৰে গোমধানৰ খেতি (wheat Farming guides)