1. উদ্য়ানশস্য়

ঘৰতে বেঙেনা খেতি কৰাৰ উপায় আৰু বেঙেনা চপোৱাৰ কেতবোৰ নিয়ম

KJ Staff
KJ Staff
eggplant farming
eggplant farming

শীত কালত বহুলভাৱে ব্যৱহাৰ হোৱা পাচলিসমূহৰ ভিতৰত অন্যতম হৈছে বেঙেনা। বেঙেনাৰ খেতি কৰি ব্যৱসায়িকভাৱে সফল হোৱাৰ বহু উদাহৰণ আছে। ডাঙৰ পথাৰত বিশালকৈ বেঙেনা খেতি কৰাৰ উপৰি কম ঠাইত বা টাবতো বেঙেনাৰ খেতি কৰিব পাৰি। বেঙেনাত প্ৰচুৰ পৰিমাণে প্ৰ’টিন, ভিটামিন, মিনাৰেল থাকে। বেঙেনাত থকা আঁহৰ পৰিমাণ বেছি হোৱাৰ বাবে কোষ্ঠকাঠিন্যৰ সমস্যা দূৰ হয়। টাবত সহজে বেঙেনাৰ খেতি কৰিব পাৰি। ভালকৈ খেতি কৰিলে ঘৰুৱাভাৱেও ভাল উৎপাদন হোৱাৰ থল থাকে।

বেঙেনা গজাবলৈ ১০-১২ ইঞ্চিৰ টাব এটাৰ প্ৰয়োজন হয়। টাবত বেঙেনা খেতি কৰিবলৈ উপযুক্ত মাটিও লাগিব। লোমি মাটি বেঙেনা খেতিৰ বাবে উপযুক্ত। ২ ভাগ লোম মাটিত ১ ভাগ গৰুৰ গোবৰ আৰু ১ ভাগ জৈৱিক গোবৰ মিহলাই ল’ব লাগে।

সাৰখিনি মাটিৰ লগত ভালদৰে মিহলাই টাবত দিব লাগে। নাৰ্চাৰীৰ পৰা ভাল বেঙেনাৰ পুলি আনি প্ৰস্তুত কৰা মাটিত ৰুই দিব লাগে। গছজোপাক নিয়মিতভাৱে পানী দিয়া প্ৰয়োজন। বেঙেনাৰ গছ বাঢ়িবৰ বাবে পৰ্যাপ্ত সূৰ্যৰ পোহৰৰ প্ৰয়োজন হয়। কিন্তু ইয়াক পানীও লাগে। অৱশ্যে গছজোপা ৰ’দত এৰি দিলেও মাটি শুকান হ’লেহে পানী দিব লাগে। সাৰেৰে গছবোৰ বাঢ়ি অহাত সহায় কৰে।

কিনিবলৈ পোৱা জৈৱিক সাৰ বা প্ৰাকৃতিক সাৰ বেঙেনা গছৰ বাবে উপকাৰী। ১ চামুচ ইউৰিয়া, ১ চামুচ ফছফেট, ১ চামুচ পটাছ আৰু আধা চামুচ মেগনেছিয়াম ছালফেট একেলগে মিহলাই সাৰ প্ৰস্তুত কৰিব লাগে। ৰোপণ কৰাৰ ১ সপ্তাহৰ পিছত এই সাৰৰ মিশ্ৰণ ২০ দিনৰ মূৰে মূৰে ডেৰ ২ চামুচত প্ৰয়োগ কৰিব লাগে। শীতকালিৰ বাবে চেপ্তেম্বৰ-অক্টোবৰ মাহত আৰু গ্ৰীষ্ম কালৰ বাবে জানুৱাৰীৰপৰা ফেব্ৰুৱাৰী মাহৰ ভিতৰত বেঙেনাৰ বীজ সিঁচিলে পৰ্যাপ্ত ফল পোৱা যায়।

বেঙেনাৰ ফচল চপোৱাৰ সময়তো কেইবাটাও কথা মনত ৰখা উচিতঃ

  • বেঙেনা চপোৱাৰ উপযুক্ত সময় হৈছে ৰাতিপুৱা
  • প্ৰখৰ ৰ’দত বেঙেনা চপোৱা উচিত নহয়
  • চোকা সৌৰ ৰশ্মিয়ে ফচল নষ্ট কৰিব পাৰে
  • সম্পূৰ্ণ পৈনত হোৱাৰ আগতেই বেঙেনা চপাব লাগে
  • পৈনত হ’লে বেঙেনাৰ গুটি বেছি হয়
  • চপোৱাৰ সময়ত কিছু টান হৈ থাকিব লাগে বেঙেনা
  • ৰং উজ্জ্বল হৈ থাকোঁতেই বেঙেনা চপাব
  • বেঙেনা চপাবলৈ চোকা কটাৰী ব্যৱহাৰ কৰিব
  • চপোৱাৰ সময়ত ঠাৰিডাল টান আৰু সেউজীয়া হৈ থাকিব লাগে
  • চপোৱা বেঙেনা ছাঁ পৰা ঠাইত ৰাখিব লাগে
  • বেঙেনা চপোৱাৰ পাছত ফেন চলাই আৰ্দ্ৰতা শুকুৱাই লোৱা ভাল

লগতে পঢ়কঃ অসমত কমলা খেতি কৰি কেনেকৈ লাভান্বিত হ’ব?

English Summary: Egg plant cultivation

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.