1. উদ্য়ানশস্য়

প্লাষ্টিকৰ বটলত কেনেকৈ গজাব পকা পকা বিলাহী?

Mrigakshi Phukan
Mrigakshi Phukan
tomato cultivation in plastic bottle
tomato cultivation in plastic bottle

বিলাহী দিয়া ব্যঞ্জনৰ সোৱাদেই সুকীয়া। বিলাহীয়ে খাদ্যৰ সোৱাদ বৃদ্ধি কৰাৰ লগতে ই স্বাস্থ্যৰ বাবেও লাভজনক। কিন্তু প্ৰায়ে বজাৰৰপৰা ক্ৰয় কৰা বিলাহীত ৰাসায়নিক পদাৰ্থ মিহলি হৈ থাকে। ই স্বাস্থ্যৰ ক্ষতিও কৰিব পাৰে। বিলাহী খাই যিসকলে ভাল পায় তেওঁলোকে জৈৱিক পদ্ধতিৰে ঘৰতে বিলাহীৰ খেতি কৰিব পাৰে। ঘৰত বিলাহীৰ খেতি কৰিবলৈ প্ৰয়োজন হোৱা মূল সামগ্রীবিধ হ'ল পেলনীয়া প্লাষ্টিকৰ বটল।

প্লাষ্টিকৰ বটলত বিলাহী খেতি কৰিবলৈ আপোনাক কেইটামান প্লাষ্টিকৰ বটল লাগিব। প্ৰথমে ঘৰতে থকা পেলনীয়া প্লাষ্টিকৰ বটল এটা লওক আৰু ইয়াৰ তলৰ অংশটো কাটি পেলাওক। ইয়াৰ পাছত বটলটো সূতাৰে ওলমাই ৰাখিবলৈ দুটা ছিদ্ৰ কৰিব লাগিব। সূতাবোৰ ফুটাটোৰে উলিয়াই গাঁঠি মাৰি ওলোমাই ৰাখক। মন কৰিবলগীয়া যে, বিলাহী গছৰ বাবে মাটি ঘৰত প্ৰস্তুত কৰিব পাৰি। ইয়াৰ বাবে, ৫০ শতাংশ গোবৰ সাৰ আৰু ৫০ শতাংশ মাটি লৈ ইয়াক ভালদৰে মিহলি কৰক।

তাৰ পাছত এই মাটিখিনি বটলৰ ওপৰত ১ ইঞ্চি এৰি ভৰাই লওক। বটলটোত বিলাহী ৰোপণ কৰিবলৈ আৰু ইয়াৰ তলৰ পাতবোৰ আঁতৰাবলৈ কমেও ২০ ৰ পৰা ২৫ দিন এনেদৰে ওলোমাই ৰাখক। এই পৰ্যায়টো সম্পূৰ্ণ হ’লে কাপোৰ এখন লওক আৰু তাৰ মাজত এটা ফুটা কৰক। এই কাপোৰখন কাষৰ পৰা কাটি কাপোৰখন গছৰ গুৰিত ভালদৰে বহুৱাই দিয়ক। তাৰ পাছত উদ্ভিদজোপা তলৰ পৰা প্লাষ্টিকৰ বটলটোত বহুৱাই দিয়ক। 

বিলাহীৰ গছজোপা ৰোৱা হ’লে পানী দিয়ক। পানী দিয়াৰ পাছত ২ৰ পৰা ৩ দিনৰ বাবে উদ্ভিদজোপাক পোনপটীয়াকৈ সূৰ্যৰ পোহৰ পৰা ঠাইত ৰাখিব লাগিব। মনত ৰাখিব লাগিব যে মাটিখিনি শুকাবলৈ আৰম্ভ কৰিলেহে গছজোপাত পানী দিব লাগে। প্ৰতি ১০ ৰ পৰা ১২ দিনত মূৰে মূৰে ইয়াত গোবৰৰ সাৰ দি থাকিব। সময়ত ৰঙা ৰঙা পকা বিলাহীৰে ভৰি পৰিব আপোনাৰ বেলকনি, বাৰাণ্ডা বা বাগিচা।

লগতে পঢ়কঃ ইউটিউবৰ জৰিয়তে বাগিচাৰ ব্যৱসায় কৰি সফলতা পিএইচডি ডিগ্ৰীধাৰীৰ

English Summary: Tomato in plastic bottle

Like this article?

Hey! I am Mrigakshi Phukan. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.