MFOI 2024 Road Show
  1. উদ্য়ানশস্য়

অসমৰ নগৰীয়া অঞ্চলত উদ্যান শস্যৰ সম্ভাৱনীয়তা

KJ Staff
KJ Staff
Urban agriculture
Urban agriculture

অসমৰ উৰ্বৰ মাটি আৰু নাতিশীতোষ্ণ জলবায়ু বিভিন্ন ধৰণৰ উদ্যান শস্যৰ বাবে অতি উপযোগী । সেয়েহে অসমত বাৰ মাহে বিভিন্ন ধৰণৰ ফলমূল , শাক - পাচলি , ফুল , বাগিচা শস্য , মছলাজাতীয় শস্যৰ খেতি সহজে হোৱা দেখা যায় । এক কথাত ক'বলৈ গ'লে অসম জৈৱ বৈচিত্ৰ্যৰ এক সুন্দৰ উদ্যান। ফল মূলকে ধৰি কেইবিধমান মুখ্য শস্যৰ উৎপত্তিস্থল অসমেই বুলি জনা যায় ।

ফল - মূলৰ ভিতৰত কল , আনাৰস , কাজি নেমু , কমলা টেঙা , তামোল , নাৰিকল , কঁঠাল , আম , অমিতা , লিচু , মধুৰী আদিয়েই প্রধান । ভাৰতত উৎপন্ন হোৱা প্ৰায় ৬০ বিধ শাক - পাচলিৰ আটাইকেইবিধেই বছৰৰ বিভিন্ন সময়ত অসমত কৰা হয়। তদুপৰি বৰ্তমান সময়ত  উদ্যান শস্যত নগৰীয়া কৃষি এক নতুন সংযোজন ঘটিছে । ‘ ৰূফ টপ গার্ডেনিঙে ’ ইতিমধ্যে নগৰ অঞ্চলত সমাদৰ লাভ কৰিছে ।

Urban agriculture
Urban agriculture

নগৰ অঞ্চলত উপলব্ধ স্থানসমূহত কৃষিকাৰ্য কৰি সতেজ ফল-মূল, শাক-পাচলি লাভ কৰাৰ লগতে ফুলৰ খেতি কৰিব পাৰি । এনে খেতিয়ে বায়ু প্ৰদূষণ নিয়ন্ত্ৰণ কৰা, প্রাকৃতিক শোভাবর্ধন কৰা আৰু জৈৱিক সামগ্ৰীৰ পুনৰ ব্যৱহাৰতো অৰিহণা যোগাব পাৰে ।

Urban agriculture
Urban agriculture

শেহতীয়াকৈ NASA- ৰ প্ৰতিবেদনত প্ৰকাশ পাইছে যে ঘৰৰ ভিতৰত ৰোৱা ( Indoor Plants ) শোভাবর্ধক গছ , যেনে- এল’ভেৰা , এৰেকা , ফাইকুলা , আইভি , তুলসী , স্নেক প্লেন্ট আদিয়ে বায়ুমণ্ডলত অক্সিজেন বৃদ্ধি কৰে । ঘৰৰ লগত সংলগ্ন ঠাইত, ঘাইপথৰ কাষে কাষে বা বিভাজকত , ছাদৰ ওপৰত , মুকলি এলেকাত সঠিক পৰিকল্পনাৰে নগৰীয়া কৃষি কৰিব পাৰি।

লগতে পঢ়ক- আপোনাৰ ঘৰটো সৌন্দৰ্যশালী কৰাৰ লগতে উপাৰ্জনৰ এটা নতুন পথ দিব

English Summary: urban agriculture

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.