1. News

মৰিগাঁৱত মিশ্ৰিত পদ্ধতিৰে পৰীক্ষামূলকভাৱে কল-সৰিয়হৰ খেতি

PANKAJ KHANIKAR
PANKAJ KHANIKAR
কল-সৰিয়হৰ একেলগে খেতি
কল-সৰিয়হৰ একেলগে খেতি

মৰিগাঁও জিলাৰ হাউলাভেটীত একেলগে কল আৰু সৰিয়হ খেতি। জাগীভকতগাঁও কৃষি উন্নয়ন চক্ৰৰ প্ৰগতিশীল কৃষক দীনেশ খাগলাৰীয়ে ৪ বিঘা মাটি সামৰি এইপদ্ধতিৰে কল আৰু সৰিয়ঁহৰ খেতি কৰিছে। পৰীক্ষামূলকভাৱে কৰা এই কৃষিপদ্ধতি বৰ্তমানলৈ সকলো থিকে আছে।

লগতে পঢ়ক- 

ব্যৱসায় আৰু উদ্যোগিক দৃষ্টিকোণেৰে এৰী পলু পালনৰ লাভালাভ

কলৰ সমানে সৰিয়হবোৰ ডাঙৰ হৈছে। বৰ্তমান সৰিয়হবোৰে দুই এপাহ ফুলো মেলিছে। এইক্ষেত্ৰত কৃষকজনক উদগনি যোগাইছে মৰিগাঁও জিলা কৃষি কাৰ্যালয়ে আৰু অসম কৃষি বাণিজ্য আৰু ৰূপান্তৰকৰণ প্ৰকল্প চমুকৈ APARTয়ে। এই সন্দৰ্ভত অসম কৃষি বিভাগৰ পৰ্টেলত দুখন সৰিয়হ আৰু কলৰ খেতিৰ দুখন ফটো শ্বেয়াৰ কৰিছে।

লগতে সামাজিক মাধ্যমত লিখিছে-  জাগীভকতগাঁও কৃষি উন্নয়ন চক্ৰৰ অন্তৰ্গত হাউলাভেটীত প্ৰগতিশীল কৃষক দীনেশ খাগলাৰীৰ ৪ বিঘা মাটি সামৰি এইপদ্ধতিৰে কল আৰু সৰিয়ঁহৰ খেতি কৰা হৈছে।  Mixed Cropping পদ্ধতিৰে একেডৰা মাটিতে দুই নাইবা ততোধিক শস্যৰ খেতি কৰি কৃষকসকল আৰ্থিকভাবে অধিক লাভান্বিত হ’ব পাৰে।

সন্মুখত সৰিয়হ খেতিৰ বতৰ। আগন্তুক সৰিয়হ খেতি প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ কৃষিবিভাগে ফটোকিখন শ্বেয়াৰ কৰে যাতে অসমৰ কৃষকসকলে এনেদৰে মিশ্ৰিত শস্যৰ কৃষিপদ্ধতিৰে খেতি কৰি লাভান্বিত হ’ব পাৰে।

লগতে পঢ়ক- 

শংকৰদেৱ জৈৱিক কৃষি ফাৰ্ম পৰিদৰ্শন কৰি উৎফুল্লিত মন্ত্ৰী অতুল বৰা

English Summary: Banana & Musterd mix cultivation in Marigaon

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.