Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক
Updated on: 15 May, 2024 2:54 PM IST
Dragon Fruit Farming with Paddy Farming

‘কৃষি জাগৰণ অসম’ত আমি কেইদিনমান পূৰ্বে কলৰ লগত কেনেকৈ ধান খেতি কৰিব পাৰি এই সন্দৰ্ভত লিখিছিলো। আমাৰ পাঠকসকলে এই পদ্ধতিটো ভাল পাইছিল আৰু বহুজনে নিজৰ কৃষিভূমিত এই পদ্ধতিৰে খেতি কৰাৰো আগ্ৰহ প্ৰকাশ কৰিছিল। কলৰ লগত এই পদ্ধতিৰে খেতি কৰিছিল গোৱালপাৰাৰ দেৱব্ৰত ৰাভাই। তলত এখন ফটো লগাই দিছো আমাৰ পাঠকসকলে চাব পাৰে। ( পাঠকসকলে, এই লিংকটোত ক্লিক কৰিয়ো সেই লেখাটো পঢ়িব পাৰিব। Paddy Farming ধান খেতিৰে লাখ টকা উপাৰ্জনৰ বাবে এইদৰে খেতি কৰক)

Banana Farming with Paddy Farming

কিন্তু আজি এই লেখাটোত আমি ধান খেতিৰ লগতে মিশ্ৰিত পদ্ধতিৰে কৰিব পৰা অন্য এবিধ উদ্যান শস্যৰ খেতিৰ বিষয়েহে উল্লেখ কৰিম। ইতিমধ্যে আপোনালোকে শিৰোনামা দেখি গম পাইছেই। আজি এই লেখাটোত ধান খেতিৰ লগত কি খেতি মিশ্ৰিত পদ্ধতিৰে কৰিব পাৰিব। দেৱব্ৰত ৰাভাই ধান খেতিৰ লগত কল খেতি কৰাৰ দৰে ধানৰ লগত ড্ৰেগন ফলৰ খেতি কৰিছে ডিব্ৰুগড় জিলাৰ প্ৰগতিশীল কৃষক দুলেন গগৈয়ে। কৃষকগৰাকীয়ে ধাননী পথাৰৰ মাজে বৃহত পথাৰখনত মাজে মাজে ওখ ঢাপ তুলি ড্ৰেগন ফলৰ পুলি ৰোপন কৰিছে। তলৰ ফটোখনলৈ চালেই সেই কথা অনুমান কৰিব পা্ৰিব। কেনেদৰে দুলেন গগৈয়ে পথাৰৰ মাজে মাজে ধাননী পথাৰত ড্ৰেগন ফলৰ খেতি কৰিছে।

Dragon Fruit Farming with Paddy Farming

অসমৰ অধিকাংশ কৃষিভূমিতেই ধান খেতি কৰা হয়। ধান খেতি কৰা দ’ পথাৰসমূহত অৱশ্যে দুলেন গগৈয়ে কৰা দৰে ড্ৰেগন খেতি কৰা দৰে সম্ভৱ নহয়। কিন্তু ধান খেতি কৰা বাম পথাৰসমূহত এনেদৰে খেতি কৰাটো সম্ভৱ। কৃষক দুলেন গগৈয়ে এডৰাৰ মাটিৰ দুয়োফালে ড্ৰেগন ফলৰ পুলিবোৰ ৰোপন কৰিছে। ফটোত আপোনালোকে দেখিছেই। ড্ৰেগন ফলৰ পুলি ৰোপন কৰা ঠাইডোখৰ ওখ কৰিছে যাতে পানীত ডুব নাযায় গুৰিটো। যিহেতু ড্ৰেগন খেতিৰ বাবে পানী জমা নোহোৱা বাম মাটি উপযোগী। মাটিডোখৰ দ যদিও দুলেন গগৈয়ে ওখ কৰি ড্ৰেগন খেতিৰ এক অনুকুল পৰিৱেশ সৃষ্টি কৰিবলৈ চেষ্টা কৰিছে। এনেদৰে খেতি কৰিলে ধান খেতিত একো বেয়া প্ৰভাৱ নপৰে। মাত্ৰ এডোখৰ মাটিৰ পৰা কৃষকজনে ডাবোল ইনকাম কৰিব পাৰিব। ধানৰ পৰাও পাব আৰু ড্ৰেগন খেতিৰ পৰাও পাব। কৃষক দুলেন গগৈয়ে পোষ্টটোৰ চাৰিও পকী বেৰা মৰা আপোনালোকে দেখিছে। খৰচো পৰিছে কিন্তু আপুনিলোকে জানি আচৰিত হ’ব যে এজোপা ড্ৰেগন ৩০-৩৫ বছৰলৈ ফল দিয়ে ২-৩ বছৰ পাছৰ পৰা। এজোপা ড্ৰেগনত প্ৰায় ২০-২৫ কেজি এবাৰত ফল দিয়ে। আৰু  এক কেজিৰ ড্ৰেগন ফলৰ দাম ২৫০-৪০০ টকাৰ ভিতৰত। গতিকে প্ৰথম অৱস্থাত অকণমান অন্য খেতিতকৈ ড্ৰেগন ফলৰ খেতিত খৰচ বেছি যদিও চিন্তা কৰিব লগা একো নাই।

Dragon Fruit

লগতে আপোনালোকক জনাও যে কৃষক দুলেন গগৈয়ে চাহ গছৰ মাজে মাজেও ড্ৰেগন ফলৰ খেতি কৰিছে। আমাৰ ধান খেতি কৰা কৃষকসকলেও দুলেন গগৈয়ে ধান খেতিৰ লগত ড্ৰেগন খেতি কৰা মডেলটো গ্ৰহণ কৰিব পাৰে। কেৱল ড্ৰেগন খেতিয়েই নহয় অন্য খেতিয়ো কৰিব পাৰে। চাব যাতে ধান খেতিত বেয়া প্ৰভাৱ পেলাব নোৱাৰে আপুনি নিৰ্বাচন কৰি লোৱা শস্য বিধে। 

লগতে পঢ়ক- 

Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি

English Summary: Dragon Fruit Farming with Paddy Farming
Published on: 15 May 2024, 12:33 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now