এই বেমাৰ প্ৰধানকৈ এবিধ ভেঁকুৰৰ দ্বাৰা হয়। ৰোগৰ বীজাণুৱে গছজোপাৰ শিপাত আক্ৰমণ কৰি শিপা পচাই পেলায়। গছৰ গুৰিৰ মাটিত যদি পানী জমা হৈ থাকে বা বহুদিন ধৰি জেকা হৈ থাকে তেন্তে ভেঁকুৰে আক্ৰমণ কৰিবলৈ সুবিধা হয়। গছজোপাত পচি যোৱা শিপাৰ সংখ্যা বাঢ়ি যোৱাৰ লগে লগে মাটিৰ পৰা আহাৰ শোষণ কৰাত বাধাপ্ৰাপ্ত হয় আৰু গছৰ ওপৰ অংশত ইয়াৰ লক্ষণবোৰ প্ৰকাশ পায়। আক্ৰান্ত গছবোৰত প্ৰথমে তলৰ পুৰণা বা পূৰঠ পাতবোৰ হালধীয়া হৈ শুকাবলৈ আৰম্ভ কৰে আৰু তললৈ হাউলি পৰি গছত ওলমি থাকে। শিপাৰ পচা অংশ বাঢ়ি যোৱাৰ লগে লগে এটা বা দুটা ঠোৰি পাত থিয় আৰু সেউজীয়া হৈ থকাৰ বাহিৰে বাকী থকা পাতবোৰ শুকাই হাউলি গছত ওলমি থাকে। গছৰ মুকুট অংশৰ আকৃতি ক্ৰমে সৰু হৈ যায়। গছজোপাৰ গুৰিৰ পৰা ৰঙচুৱা ৰস ওলাবলৈ ধৰে আৰু তাত কাঠফুলা গজিবলৈ ধৰা দেখা যায়। যেতিয়া শিপাবোৰ সম্পূৰ্ণভাৱে পচি যায় তেতিয়া ঠোৰি পাতখিলাও হাউলি যায়। এই বেমাৰৰ দ্বাৰা আক্ৰান্ত গছ ২-৩ বছৰৰ ভিতৰতে সৰি যায়।
সাধাৰণতে এই বেমাৰটো নিৰাময় কৰিবলৈ টান যদিও সময় মতে গছজোপাক প্ৰতিপালন কৰিলে বেমাৰ হ’বলৈ নাপায়। প্ৰতিৰোধী ব্যৱস্থা হিচাপে তলত উল্লেখ কৰা ব্যৱস্থাসমূহ গ্ৰহণ কৰিব পৰা যায়।
ৰোগৰ লক্ষণ দৃষ্টিগোচৰ হোৱা মাত্ৰকে বেমাৰৰ বীজাণুৱে যাতে আন স্বাস্থ্যৱান গছৰ সংস্পৰ্শলৈ আহিব নোৱাৰে তাৰ বাবে আক্ৰান্ত গছজোপাৰ চাৰিওফালে ২-৩ মিটাৰ আঁতৰত ৩০-৪০ ছেঃ মিঃ বহল আৰু ৬০-৭০ ছেঃ মিঃ দ’লৈ নলা খান্দি তাত ৩ গ্ৰাম কেপটাফ ঔষধ এক লিটাৰ পানী হিচাপত মিহলাই ৩-৪ দিনৰ অন্তৰে অন্তৰে ১০-১২ লিটাৰ মিশ্ৰণ এবাৰকৈ ঢালিব লাগে।
নাৰিকল গছৰ গুৰিত যাতে বাৰিষা পানী জমা হৈ থাকিব নোৱাৰে তাৰ বাবে পানী ওলাই যাব পৰা উপযুক্ত নলাৰ ব্যৱস্থা কৰিব লাগে।
গছজোপাৰ বাবে প্ৰয়োজনীয় সাৰ-পানী সময়মতে যোগান ধৰিব লাগে।
জৈৱিক সাৰৰ লগতে গছে প্ৰতি পাঁচ কিলোগ্ৰাম নিমৰ খলিহৈ প্ৰয়োগ কৰিব লাগে।
প্ৰতিজোপা গছৰ চাৰিওফালে ১.৫-২.০ কিঃ গ্ৰাঃ ছালফাৰ পাউডাৰ প্ৰয়োগ কৰিব লাগে।
এক গ্ৰাম তুতীয়া আৰু ১.৫ গ্ৰাম অৰিঅফাংগিন মিশ্ৰণ এক লিটাৰ পানী হিচাপে মিহলাই ১০-১২ লিটাৰ দৰবৰ মিশ্ৰণ গছৰ গুৰিত প্ৰয়োগ কৰিব লাগে।
নাৰিকল গছৰ মাজত চেনিচম্পা জাতীয় কল ৰোপণ কৰিও এই বেমাৰ বিস্তাৰণ ৰোধ কৰিব পৰা যায়।
গছত বেমাৰৰ লক্ষণ দেখা পোৱাৰ লগে লগে ০.৩ শতাংশ কেপটাফ অথবা ০.২ শতাংশ ভিটাভেক্সৰ মিশ্ৰণ প্ৰতিজোপা গছত ১০ লিটাৰকৈ গছৰ গুৰিত প্ৰতি মাহত এবাৰকৈ প্ৰয়োগ কৰিব লাগে।
প্ৰতিকাৰ কৰিব নোৱাৰা আক্ৰান্ত গছবোৰ মূঢ়াটোৰ সৈতে উভালি দূৰৈত পুতি বা পুৰি পেলাব লাগে।
গতিকে দেখা যায় যে কৃষক এজনে যদি সময় মতে প্ৰয়োজনীয় প্ৰতিৰোধী ব্যৱস্থাসমূহ গ্ৰহণ কৰিব পাৰে তেন্তে তেওঁ নিশ্চিতভাৱে এই খেতিৰ জৰিয়তে আৰ্থিক দিশত অধিক লাভৱান হ’ব পাৰিব বুলি আশা কৰিব পৰা যায়।
উৎসঃ অসমীয়া খবৰ, মঞ্জু ভট্টাচাৰ্য্য, মাইনু হাজৰিকা (বিকাশপেডিয়া)