1. উদ্য়ানশস্য়

Tea Cultivation: চাহ খেতিত সুসংহত কীট আৰু ৰোগ নিৰাময়ৰ ব্যৱস্থা

KJ Staff
KJ Staff
চাহখেতিত সুসংহত কীট আৰু ৰোগ নিৰাময়ৰ ব্যৱস্থা
চাহখেতিত সুসংহত কীট আৰু ৰোগ নিৰাময়ৰ ব্যৱস্থা

আমাৰ দেশৰ আটাইতকৈ পুৰণি আৰু সংগঠিত উদ্যোগৰ ভিতৰত অসমৰ চাহ উদ্যোগ অন্যতম গুৰুত্বপূৰ্ণ উদ্যোগ। ১৮৩১ চনত ইংৰাজে অসম কোম্পানী প্রতিষ্ঠা কৰাৰ পিছৰে পৰা আন্তঃৰাষ্ট্ৰীয় বজাৰত অসম চাহে বিশেষ স্থান দখল কৰি আমাৰ জাতীয় অর্থনীতিলৈ বিপুল পৰিমাণৰ পুঁজিৰ বৰঙণি আগবঢ়াই আহিছে। প্ৰায় ১৫০ বছৰতকৈও অধিক সময় ধৰি অসমৰ চাহ কোম্পানীসমূহে লাখ লাখ লোকক কর্মসংস্থাপনৰ সুযোগ দি অসমত চাহৰ খেতি কৰি আহিছে। কিন্তু '৮০ৰ দশকৰ পৰাই অসমত বহু নিবনুৱা যুৱকে ক্ষুদ্ৰ চাহ খেতিয়ক হিচাপে চাহ খেতিৰ কামত লিপ্ত হৈছে। অসম চৰকাৰৰ চাহ উদ্যোগ আৰু বাণিজ্য বিভাগ সঞ্চালকালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি ২০১৭-১৮ চনৰ হিচাপত অসমত প্ৰায় ১,৪৪, ২২২ জন ক্ষুদ্র চাহ খেতিয়ক আছে।

তেওলোকে ৮০,৯৪৮ হেক্টৰ মাটিত চাহ উৎপাদন কৰি অসমৰ মূঠ চাহ উৎপাদনলৈ ৪২-১৭% আৰু ভাৰতৰ মূঠ উৎপাদনলৈ ২১.৫৩% অবদান আগবঢ়াই আহিছে। কাৰণ অসমৰ জলবায়ু চাহ খেতিৰ বাবে উপযোগী, য'ত বছৰ জুৰি পৰ্যাপ্ত পৰিমাণৰ বৰষুণ আৰু মধ্যমীয়া উষ্ণতাৰ প্ৰযোজন হয়। চাহ খেতি এক অতি লাভজনক ব্যৱসায় আৰু ইয়াৰ বাবে কিছু ব্যৱহাৰিক শিক্ষাৰ প্ৰয়োজন হ'লেও নিজৰ প্ৰাৰম্ভিক জ্ঞানেৰে এই খেতি আৰম্ভ কৰিব পাৰি। অৱশ্যে তলত উল্লেখ কৰাৰ দৰে বিজ্ঞানসন্ম পদ্ধতি অৱলম্বন কৰিলে আমাৰ ক্ষুদ্র চাহ খেতিয়ক সকল অধিক লাভান্বিত হব।

ঠাই আৰু মাটি নির্বাচন: সৰু চাহ বাগিচা স্থাপন কৰাৰ আগতে এজন সৰু খেতিয়কে চাহ খেতিৰ বাবে ঠাই নিৰ্বাচনৰ বাবে তলত দিয়া কথাবোৰ পৰীক্ষা কৰিব লাগিব: মাটিৰ প্ৰকাৰ প্ৰথমে বিশ্লেষণ কৰিব লাগে, সেয়া শিলৰ হওক বা বালিচহীয়া। যদি মাটি অতি বেছি বালিচহীয়া বা শিলাময় হয় তেৱে এনে মাটি চাহ খেতিৰ বাবে বিবেচনা কৰা উচিত নহয়। সেয়েহে এজন ক্ষুদ্র সেভিয়কে চাহ খেতিৰ বাবে বাছনি কৰা মাটিখিনি আগতীয়াকৈ পৰীক্ষা কৰিব লাগে আৰু এজন বিশেষভৰ পৰা মাটিডোখৰৰ উপযুক্ততাৰ বিষয়ে পৰামৰ্শ লব লাগে।

ৰাস্তা আৰু নলাৰ জৰীপ: যদি মাটি চাহ বাগিচাৰ বাবে উপযোগী হয় তেন্তে এজন সৰু চাহ খেতিয়কে এজন বিশেষজ্ঞৰ দ্বাৰা মাটি জৰীপ কৰি সেউজীয়া পাত কঢ়িয়াই নিবৰ কাৰণে অথবা সাৰ আদিৰ দৰে সামগ্ৰী কঢ়িয়াবৰ কাৰনে উপযুক্ত পথ বনাব লাগে। এইবোৰৰ পিছত পানী নিষ্কাশনৰ উপযুক্ত নলা বনাব লাগে। সাধাৰণতে তিনি প্ৰকাৰৰ নলা থাকে যেনে- ফিল্ডৰ নলা, সংগ্ৰাহকৰ নলা আৰু মূল নলা। পথাৰ নলাবোৰে পৃষ্ঠ আৰু শিপাৰ পানী সংগ্রহ কৰি সংগ্ৰাহক নলালৈ প্ৰেৰণ কৰে। সংগ্ৰাহক নলাবোৰে পথাৰ নলাবোৰৰ পৰা পানী সংগ্ৰহ কৰি মূল নলালা লৈ যায়। মূল নলাবোৰ হৈছে আটাইতকৈ ডাঙৰ নলা যিবোৰত ৰোপণ কৰা অঞ্চলৰ পৰা সকলো পানী সংগ্ৰহ কৰি প্ৰাকৃতিক নির্গমন নলালৈ প্ৰেৰণ কৰাৰ ক্ষমতা থাকে।

মাটি প্রস্তুতি: চাহ খেতিৰ বাবে মাটি প্ৰস্তুত কৰাটো এটা অতি গুৰুত্বপূৰ্ণ কাৰক। বিশেষজ্ঞৰ পৰা পোৱা তথ্য অনুসৰি নূন্যতম দুবাৰ গভীৰকৈ হাল বাই চাৰিবাৰ হেৰ'য়িং আৰু দুবাৰকৈ উপ-মাটি প্ৰস্তুত কৰিব লাগে। তাৰ পিছত ওখ চাপৰ মাটিবোৰ সমান কৰিব লাগে।

ৰোপণ আৰু গোবৰ: ৰোপণৰ সময়ত প্ৰতিজোপা গছৰ বাবে গোবৰ আৰু সাৰ অনোমুদিত পৰিমানত প্রয়োগ কৰিব লাগে।

ছাঁ গছ: চাহ খেতিত চাহ গছজোপাৰ উপযুক্ত ৰক্ষণাবেক্ষণৰ বাবে চাহ গছত ছাঁ দিয়াটো এটা অতি প্ৰয়োজনীয় ব্যৱস্থাপনা। সেয়ে চাহ খেতিয়কসকলে চাহ গছৰ লগতে ছাঁয়া গছ ৰোপণ কৰিব লগা হয়। চাহ খেতিৰ সময়ত তিনি প্ৰকাৰৰ ছাঁযুক্ত গছৰ প্ৰয়োজন হয় যেনে- অস্থায়ী ছাঁ (ক্ৰ'ট' লেৰিয়া, ধেইনছা ইত্যাদি), অর্ধস্থায়ী ছাঁ (Indigofera tesmani, ছুবাবুল ইত্যাদি) আৰু স্হায়ী ছাঁ গছ (কৰৈ, শিৰিষ ইত্যাদি)

চাহগছৰ ডাল কটা: চাহ গছৰ প্ৰযোজন অনুযায়ী নিয়মিত ব্যৱধানত ডাল পাত নাইবা ঠালঠেঙুলি কাটি সমান কৰিব লাগে। বিশেষজ্ঞসকলৰ মতে সকলো সৰু চাহগছৰ ডালকটা কাম ১৫ জানুৱাৰীৰ পৰা ১৫ ফেব্ৰুৱাৰীৰ ভিতৰত সম্পূৰ্ণ কৰিব লাগে আৰু পূৰ্ণবয়স্ক চাহ গছৰ ডালকটা কাম ১৫ জানুৱাৰীৰ পৰা ৩০ জানুৱাৰীৰ ভিতৰত সম্পূৰ্ণ কৰিব লাগে।

সেউজীয়া পাতৰ উৎপাদন: চাহপাতৰ উৎপাদনেই হল ক্ষুদ্র চাহ খেতিয়ক এজনৰ কাৰনে মূল কাৰক। যদি এগৰাকী সৰু চাহ খেতিয়কে ইমান টকা খৰচ কৰি বাগিচাৰ পৰা প্ৰযোজনীয় গুণগত মানৰ শস্য (অর্থাৎ সেউজীয়া পাত) চপোৱাত ব্যর্থ হয় আৰু তেওঁ বাগিচাখন দক্ষতাৰে ৰক্ষণাবেক্ষণ কৰিব নোৱাৰে তেন্তে শেষত তেওঁ নিজৰ বাগিচাখন আনৰ হাতত সমর্পণ কৰিব লগীয়া হব পাৰে। যিসকল ৰোপণকাৰীয়ে নিজৰ বাগিচাখন দক্ষতাৰে ৰক্ষণাবেক্ষণ কৰি আছে, তেওঁলোকে ঋতুৰ সময়ছোৱাত প্ৰতি একনত ৬০০০ কিলোগ্ৰামৰ পৰা ৮০০০ কিলোগ্ৰামলৈকে সর্বাধিক সেউজীয়া পাত চপাব পাবে।

গতিকে এজন ক্ষুদ্র খেতিয়কে প্রতি একৰত সর্বাধিক ৬০০০ কেজিৰ পৰা ৮০০০ কেজিৰ ভিতৰত সর্বাধিক শস্য চপোৱাৰ লক্ষ্য ৰাখিব লাগিব আৰু তেওঁ সেই অনুসৰি বাগিচাখন ৰক্ষণাবেক্ষণ কৰি সৰ্বাধিক সেউজীয়া পাত চপোৱা উচিত।

চাহখেতিত আয়: চাহ খেতিত প্রথম ২/৩ বছৰত খৰচ অনুযায়ী কোনো আয় নাথাকে। কিন্তু, ৩ বছৰৰ পিছত এজন সৰু চাই খেতিয়কে তেওঁৰ পূৰ্বৰ ৩ বছৰৰ সৰু চাহ বাগিচা ৰোপণ আৰু ৰক্ষণাবেক্ষণৰ বাবে ব্যয় কৰা খৰচখিনি আহৰন কৰিব পাৰিব। যদি এজন সৰু চাহ খেতিয়কে বাগিচাখন সুদক্ষভাৱে ৰক্ষণাবেক্ষণ কৰি প্ৰতি একৰত ৭০০০ কিলোগ্রাম সেউজীয়া পাত চপায় আৰু যদি পাতৰ দাম ২০ টকা প্রতি কেজিত হয় তেন্তে ১,৪০,০০০ টকা X ৪ একৰ = ৫,৬০,০০০ টকা সম্পূর্ণ ঋতুৰ বাবে দিব আৰু যদি নিজৰ দৰমহাকে ধৰি অন্যান্য খৰছ হিচাপে ৪ একৰ বাগিচান কাৰণে ৫০% খৰচ উপাৰ্জনৰ পৰা বাদ দিয়ে, তেতিয়া ৪ একৰ বাগিচাৰ কাৰণে লাভ হব ২,৮০,০০০ টকাI

চাহ খেতিত পোক পৰুৱা অথবা বেমাৰ আজাৰৰ নিৰাময়ৰ কাৰনে সুসংহত কীট-পতংগ আৰু ৰোগ ব্যৱস্থাপনা

ভাৰতৰ চাহ খেতি কৰা অঞ্চলসমূহৰ জলবায়ুৰ পৰিস্থিতি বৃহৎ সংখ্যক পোক-পৰুৱা আৰু মাইট আদি কীট-গতংগ, ৰোগ আৰু অপতৃণৰ বাবে অনুকুল। ভাৰতীয় চাহ ব'ৰ্ডে অনুমোদন জনোৱা হাৰত শস্য সুৰক্ষাৰ ব্যৱস্থাপনা লোৱাৰ পিছতো সামগ্রিকভাৱে চাহ উদ্যোগত বিভিন্ন কীট-পতংগ, ৰোগ আৰু অপতৃণৰ বাবে ১৫-৩০% পর্যন্ত শস্যৰ ক্ষতিসাধন হয়। অন্যহাতেদি চাহ খেতিয়ক আৰু উৎপাদকসকলে চাহপাতৰ উৎপাদন আৰু গুণগত মান বজাই ৰখাটোও সমানেই গুৰুত্বপূৰ্ণ। সকলো শস্য সুৰক্ষাৰ কাৰনে ব্যৱহাৰ কৰা ঔষধতে কিছু পৰিমাণে বিষক্রিয়া থাকে আৰু ই মানুহ, বন্যপ্ৰাণী আৰু পৰিৱেশৰ বাবে কিছু বিপদৰ সৃষ্টি কৰে। কিন্তু যোৱা কেইবছৰমানৰ পৰা অৰাসায়নিক নিয়ন্ত্রণ পদ্ধতি গ্রহণ কৰাৰ লগতে চাহত আক্ৰমণ কৰা কীট-পতংগ, ৰোগ আৰু অপতৃণৰ বিৰুদ্ধে এক সংহত ব্যৱস্থাপনা কার্যসূচী গঢ়ি তোলাৰ আদৰণীয় প্ৰচেষ্টা চলোৱা হৈছে। ঋতুৰ আৰম্ভণিৰে পৰা পৰামৰ্শ দিয়া সুসংহত কীট ব্যৱস্থাপনা (আই পি এম) পদ্ধতি বৃহৎ পৰিসৰত গ্ৰহণ কৰাটো খাদ্য সুৰক্ষা আৰু পৰ্যাপ্ত শস্য সুৰক্ষা নিশ্চিত কৰাৰ ক্ষেত্ৰত অতি গুৰুত্বপূৰ্ণ।

চাহ খেতিত সুসংহত কীট-পতংগ আৰু ৰোগ ব্যৱস্থাপনা অথবা আই পি এম এনে এটা ব্যৱস্থা হিচাপে সংজ্ঞায়িত কৰিব পাৰি যিযে কীট-পতংগৰ প্ৰাদুৰ্ভাৱ আৰু শস্যৰ ক্ষতি কম মাত্ৰাত বজাই ৰাখিবৰ কাৰনে নিয়ন্ত্ৰণৰ সকলো উপযুক্ত পদ্ধতি আৰু কৌশল যিমান পাৰি সামঞ্জস্যপূর্ণভাৱে ব্যৱহাৰ কৰে। এই ব্যৱস্থাত বিভিন্ন কীট-পতংগ আৰু ৰোগৰ বিৰুদ্ধে ৰাসায়নিক নিয়ন্ত্রণ ব্যৱস্থাৰ সৈতে সাংস্কৃতিক, জৈৱিক, ভৌতিক আৰু যান্ত্ৰিক আদি কেইবাটাও অৰাসায়নিক পদ্ধতিৰ ব্যৱহাৰ কৰা হয়। কীট-পতংগৰ ফলপ্রসূ নিয়ন্ত্রণ কেৱল ৰাসায়নিক কীটনাশকৰ বিবেচনাপূর্ণ ব্যৱহাৰৰ ওপৰত নিৰ্ভৰশীল নহয়, বিভিন্ন সাংস্কৃতিক কাৰ্য্যকলাপৰ ওপৰতো নির্ভৰশীল, যিয়ে পৰিৱেশ আৰু উপকাৰী জীৱৰ ওপৰত কোনো ক্ষতিকাৰক প্ৰভাৱ নোহোৱাকৈ কীট-পতংগৰ সংখ্যা হ্রাস কৰাত সহায় কৰে।

আই পি এমৰ উপাদানসমূহ

১) সাংস্কৃতিক পদ্ধতি: কিছুমান নিয়মীয়া সাংস্কৃতিক কাৰ্য্যকলাপ যেনে জোপোহাৰ অনাময়, পাত ছিঙা, ডাল পাত কটা, ছাঁ ৰক্ষণাবেক্ষণ আৰু অপতৃণ নিয়ন্ত্ৰণৰ ইত্যাদিয়ে কীট-পতংগ, ৰোগ আৰু অপতৃণৰ প্ৰাদুৰ্ভাৱ আৰু ইয়াৰ আক্ৰমণৰ তীব্ৰতা হ্ৰাস কৰিব পাৰে। অধিক মাত্ৰাত পটাছিয়াম সাৰ প্ৰয়োগ কৰিলে কেইবাটাও শস্যত কিছুমান চুহি খোৱা কীট-পতংগ আৰু ৰোগৰ প্ৰাদুৰ্ভাৱ হ্রাস পায় বুলি জনা যায়।

.১• পাত ছিঙা: পাত ভাঁজ কৰা কেটাৰপিলাৰ যেনে ফ্লাছ কৃমি, পাতৰ ৰোলাৰ আৰু চাহ টৰ্ট্ৰিক্সৰ জনসংখ্যা পাত চিঙি থাকোঁতে ইয়াক আঁতৰাই পেলাই কমাব পাৰি। থ্ৰিপছ, গ্রীণফ্লাই আৰু চাহ মহৰ দৰে পোক-পৰুৱাৰ দ্বাৰা গুৰুতৰভাৱে আক্ৰান্ত অঞ্চলসমূহক চিনাক্ত কৰি পুনৰ প্লাকিং কৰি ইয়াৰ জনসংখ্যা হ্ৰাস কৰিব পৰা যায়।

১.২. ছাঁটনি আৰু স্কিফিং: যেতিয়া হেলোপেলটিছৰ আক্ৰমণ পৰিচালনা কৰিব নোৱাৰা হৈ পৰে তেতিয়া ক্ষতিগ্ৰস্তু জোপোহাবোৰ স্কিফিং কৰি ক্ষতি হ্ৰাস কৰিব পাৰি। শ্বট-হোল ব’ৰাৰ আক্ৰান্ত পথাৰত মধ্যমীয়া প্ৰুণ (৬০-৭০ (চ.মি.) সর্বোত্তম (অন্য কাৰকে প্ৰুণিঙৰ উচ্চতা বেলেগ নিবিচাৰিলে)। দীঘলীয়া ছাঁটনি চক্ৰই ব'ৰানৰ ক্ষতিৰ তীব্ৰতা বৃদ্ধি কৰে আৰু বিশেষকৈ মধ্য আৰু নিম্ন উচ্চতাৰ অঞ্চলত ব্লেক ৰট, ৰঙা ৰাষ্ট্ৰ, ফুচেৰিয়াম দাই বেক আদি ৰোগবোৰ বৃদ্ধি পায়।

.. ছাঁ নিয়ন্ত্রণ: ছাঁ নথকা অঞ্চলত থ্ৰিপছ আৰু মাইটৰ আক্ৰমণৰ সম্ভাৱনা বেছি। ছাঁ ব্যৱস্থাপনাৰ পৰামৰ্শসমূহ যদি গ্ৰহণ কৰা হয়, তেন্তে পিছ, মাইট আৰু ব্লাইট ৰাগ ৰোধ কৰাত সহায় কৰিব।

১.৪. ক্ষেত্ৰৰ অনাময়: বিভিন্ন অপতৃণই পোক পৰুৱাবিলাকক আত্মগোপন স্থান প্রদান কৰে। সেয়ে অপতৃনসমূহ নিয়ন্ত্ৰণ কৰিব লাগে আৰু ইয়াৰ দ্বাৰা চাহ মহৰ পোকৰ সংখ্যা হ্ৰাস কৰাত সহায়ক হ'ব।

১.৫ সাৰ প্ৰয়োগ: অধিক মাত্ৰাত পটাছিয়াম সাৰ প্ৰয়োগ কৰিলে কেইবাটাও শস্যত কীট পতংগ আৰু ৰোগৰ প্ৰাদুৰ্ভাৱ হ্ৰাস পায় বুলি জনা যায়। প্রুনিং কৰা বছৰত অধিক মাত্ৰাত পটাছিয়াম সাৰ প্ৰয়োগ কৰিলে (N:K2O:1:2) সংক্ৰমিত পথাৰত শ্বটহোল বোৰাৰৰ আক্ৰমণ হ্ৰাস কৰে।

১.৬. গেপ ফিলিং কৰা: পৈনত চাহ বাগানবোৰত প্রুনিং কৰা সময়ত নতুন গছ ৰুই খালী ঠাইবোৰ পূৰন কৰিব লাগে যাতে অপতৃণৰ সমস্যা নহয় আৰু গছৰ সংখ্যা বৃদ্ধি হৈ উৎপাদন বৃদ্ধি হয়।

২. শাৰীৰিক নিয়ন্ত্ৰণ: চাহগছৰ কিছুমান কীট পতংগ অধিক তাপ প্রয়োগ কৰি অথবা মাটিৰ সৌৰকৰণ কৰি হ্ৰাস কৰিব পাৰি, যেনে নিমাটোড, লুপাৰ পলুৰ কণী আৰু লুপাৰ পলু, ৰঙা স্লাগ আদিৰ পোক। মাটিৰ সৌৰকৰণ আৰু তাপ চিকিৎসাৰে নাৰ্চাৰী মাটিত ৰুট নট নেমাটোডৰ পোৱালী বিলাক মাৰিব পাৰি।

২:১ হাতেৰে আঁতৰোৱা: পলু আৰু পোকৰ বাহবোৰ হাতৰে আতৰ কৰি পাত খোৱা পোক যেনে লুপাৰ, বান্স কেটাৰপিলাৰ, ফেগট পোক, ফ্লাশৱৰ্ম, পাত মেৰোৱা পোক আৰু চাহ টৰ্ট্ৰিক্সৰ জনসংখ্যা যথেষ্ট পৰিমাণে হ্ৰাস কৰিব পাৰি। চাহৰ মহ পোকে সাধাৰণতে কোমল পাতৰ আগ আৰু ডালত কণী পাৰে, সেয়ে পাতবোৰ ব্লেক প্লাকিং কৰি এই কণীবোৰ নষ্ট কৰিব পাৰি।

২.২: পোহৰ ফান্দৰ ব্যৱহাৰ: ফু'ৰোচেণ্ট বা আল্‌ট্রা বেঙুনীয়া পোহৰৰ ফান্দ পলু আৰু অন্যান্য পোক-পতংগবোৰক আকৰ্ষিত কৰাত উপযোগী। এই পোকবোৰ ওলোৱা সময়ছোৱাত এনেধৰনৰ ফান্দ পাতি পতংগ বোৰ আকৰ্ষিত কৰা হয় আৰু যান্ত্ৰিকভাৱে বা হত্যা কৰিব পাৰি।

৩. জৈৱিক নিয়ন্ত্রণ: বিভিন্ন প্ৰজাতিৰ পৰজীৱী, এন্টোমোপেথোজেন, এন্টাগনিষ্ট আৰু হাইপাৰপৰজীৱী অনুজীৱ কেইবাটাও কীট-পতংগ, বীজাণু আৰু অপতৃণ নিয়ন্ত্ৰণ কৰাত সহায়কাৰী।

বিভিন্ন উদ্ভিদজাত সামগ্রী যেনে নিম, কীটনাশক গুণাগুণ থকা কেইবাটাও বনৌষধিৰ পৰা নিষ্কাশন কৰা তেল কেইবাটাও কীট আৰু বীজাণুৰ বিৰুদ্ধে কার্যকৰী হোৱা দেখা যায়। নিম গছৰ(Azadirachta indica) গুটিৰ পৰা পোৱা অক্সিজেনযুক্ত ট্রাইটার্পিন'ইড আজাডিৰাকটিন গোলাপী আৰু বেঙুনীয়া ৰঙৰ মাইট আৰু কিছুমান বিশেষ কেটাৰপিলাৰৰ বিৰুদ্ধে ফলপ্রসূ বুলি পোৱা গৈছে। সেয়ে আজাডিৰাকটিন যুক্ত ঔষধ চাহগছৰ কীট-পতংগ নিয়ন্ত্ৰণৰ বাবে অনুমোদন কৰা হয়। তেনেদৰে ধপাত তিতা, পছতিয়া, পথৰুৱা বিহলঙ্গনী, অগৰা ইত্যাদিৰ পৰা কৰা নিষ্কাশন চাহগছৰ বেছিভাগ পোক-পৰুৱা আৰু মাইটজাতীয় কীট-পতংগৰ লগতে কিছুমান বেমাৰ দমন কৰাত আশাব্যঞ্জক বুলি পোৱা গৈছে।

৪.ফেৰোমন হৰমণ আইপিএমৰ এক গুৰুত্বপূৰ্ণ উপাদান যাক লেপিডোপ্টেৰান পতংগ আৰু চাহ মহৰ জনসংখ্যা নিয়ন্ত্ৰণৰ বাবে সফলতাৰে ব্যৱহাৰ কৰা হৈছে।

৫-অজৈৱিক যৌগ/ হাইড্ৰ'কাৰ্বন তেলৰ ব্যৱহাৰ

চালফাৰ আৰু চূণৰ চালফাৰৰ প্রস্তুতি মাইটৰ বিৰুদ্ধে ফলপ্রসূ। শেহতীয়াকৈ পেৰাফিনিক বেছৰ পৰা তৈয়াৰ কৰা স্প্রে অইল এৰিঅ'ফাইড আৰু ৰঙা মকৰা মাইটৰ বিৰুদ্ধে ফলপ্রসূ বুলি পোৱা গৈছে ।

৬. ৰাসায়নিক নিয়ন্ত্রণ:

খাদ্য সুৰক্ষাৰ ওপৰত ক্ৰমান্নৱে বৃদ্ধি পোৱা গুৰুত্ব, গ্ৰাহকৰ সজাগতা বৃদ্ধি, কঠোৰ নীতি নিয়মৰ ফলস্বৰূপে চাহখেতিত প্ৰয়োগ কৰিব পৰা কীটনাশকৰ পৰিমান হ্ৰাস পাইছে। FSSAI যে চাহত হব পৰা সর্বোচ্চ ৰাসায়নিক অৱশিষ্টৰ সীমা ঘোষনা কৰি থৈছে। সমান্তৰালভাৱে ইউৰোপীয় সংঘ, কোডেক্স আদিৰ দ্বাৰা এম আৰ এলৰ ওপৰত আৰোপ কৰা নিয়মাৱলীয়েও চাহখেতিত কীটনাশক দ্ৰব্যৰ ব্যৱহাৰৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰে।

প্রয়োজন ভিত্তিক, বিবেচনাপূৰ্ণ আৰু নিৰাপদ কীটনাশকৰ প্ৰয়োগ হৈছে সুসংহত কীট আৰু ৰোগ নিৰাময় কাৰ্যসূচীৰ অধীনত কীটনাশক ব্যৱহাৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দিশ। শেষ উপায় হিচাপে ৰাসায়নিক কীটনাশক ব্যৱহাৰৰ সপক্ষে সিদ্ধান্ত লোৱাৰ আগতে শস্যৰ স্বাস্থ্যৰ সঠিক নিৰীক্ষণ, Economic threshold level লক্ষ্য কৰা, সম্ভাৱনাপূৰ্ণ প্ৰাকৃতিক জৈৱ-নিয়ন্ত্ৰণৰ সংৰক্ষণ কৰা ইত্যাদি বাঞ্চনীয়। তদুপৰি যোৱা কেইবছৰমানৰ তথ্যৰ ওপৰত ভিত্তি কৰি বিভিন্ন কীটনাশকৰ প্ৰয়োগ কৰাৰ পিছত শস্য চপোৱাৰ সময়ৰ ব্যৱধান ইতিমধ্যে নিৰ্ধাৰণ কৰা হৈছে। সেয়ে আমাৰ চাহ উদ্যোগীসকলে ভাৰতীয় চাহ ব'ডে বান্ধি দিয়া নীতি নির্দেশনা মানি চলি অনুমোদিত ৰাসায়নিক ঔষধসমূহহে, অনুমোদিত হাৰত প্ৰয়োগ কৰা উচিত।

তৃষ্ণালী শ‍ইকীয়া

কৃষি বিজ্ঞান কেন্দ্ৰ, যোৰহাট

হৰিন্দ্ৰ গগৈ

কৃষি অর্থনীতি বিভাগ

অসম কৃষি বিশ্ববিদ্যালয়, যোৰহাট

লগতে পঢ়ক-

Foxtail Orchid: বাণিজ্যিক দৃষ্টিত অসমৰ ৰঙালী বিহুৰ অনন্য উপাদান কপৌফুল জুপি

English Summary: Integrated pests and disease treatment measures in tea fields

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.