গৱেষকৰ মতে, বগৰীত ভিটামিন ‘ই’ থাকে আৰু এইবিধ ভিটামিনে এন্টি অক্সিডেন্টৰ দৰে কাম কৰে। দেহত ফ্ৰী ৰেডিকেলৰ গৰাহত পৰা আৰু বিনষ্ট হ’বলৈ ধৰা কোষসমূহক ৰক্ষণাবেক্ষণ দিয়ে। তদুপৰি মানুহৰ দেহত বয়সৰ চাপ, বিশেষকৈ ছাল শোটোৰা-শোটোৰ হোৱাৰ পৰা ৰক্ষা পৰে।
সতেজ বগৰী ৰ’দত শুকোৱাই থ’লে সম্পূৰ্ণভাৱে পানী বাহিৰ ওলাই যায়, কেতিয়াও পুষ্টিদ্ৰব্যৰ অভাৱ নঘটে। গৱেষকৰ মতে, শুকান বগৰীত আঁহযুক্ত পদাৰ্থ, আইৰন আৰু পটাছিয়াম থাকে।
সমগ্ৰ এছিয়া মহাদেশতেই শুকান বগৰী দৰব হিচাপে ব্যৱহাৰ কৰা হয়। আঁহযুক্ত পদাৰ্থই কোষ্ঠকাঠিন্য দূৰ কৰে। তাৰ বাবে একাপ পানীত শুকান বগৰী গোটেই নিশা তিয়াই থ’ব লাগে আৰু পুৱা শুই উঠি আধা পানী খাই সন্ধিয়া আধাখিনি খাব লাগে।
কেতিয়া শৌচ খোলোচা হৈ যায়। প্ৰকৃততে শুকান বগৰী তিয়াই থোৱা পানী এবিধ জুলাপহে। কাৰণ শুকান বগৰীৰ ৰসত থকা হাইড্ৰ’ক্সিফেনিলে বৃহদাতন্ত্ৰৰ মাংসপেশীক উত্তেজিত কৰি তোলে। শুকান বগৰীয়ে মুখৰ বমি বমি ভাব নাইকিয়াও কৰে।
ভাৰতবৰ্ষকে ধৰি এছিয়া মহাদেশৰ বহু দেশে পকা বগৰীৰ আচাৰ বনাই খায়। বগৰীৰ আচাৰ শুকান বগৰীৰ পেকেট বজাৰত কিনিবলৈ পোৱা যায়।
লেখক: ডঃ পবিত্ৰ কুমাৰ পাটোৱাৰী(অসম বাণী)