ভাৰতীয় পাকঘৰত তেজপাতৰ এক সুকীয়া স্থান আছে। অতিজৰে পৰা খাদ্যক সুস্বাদু আৰু সুগন্ধিযুক্ত কৰি তুলিবৰ বাবে তেজপাত ব্যৱহাৰ কৰি ভাৰতীয়সকলে। অসমীয়া ৰান্ধনীশালতো তেজপাতৰ সুকীয়া স্থান আছে। খাদ্য সুগন্ধি কৰি তুলিবলৈ তেজপাত দুখিলা পেলাই দিয়া হয়। মাছ-মাংসৰ পৰা খিচিৰি দাইল, সাধাৰণ তৰকাৰীখনলৈকে তেজপাত ব্যৱহাৰ কৰা হয়। তদুপৰি চিৰা-কোমল চাউলৰ পোলাও, চুজি আদিও তেজপাত ব্যৱহাৰেৰে সুস্বাদু কৰি তুলিব পাৰে। ৰঙা চাহ বা গাখীৰ চাহকাপো তেজপাতেৰে আৰু সোৱাদযুক্ত কৰি তুলিব পাৰি।
গতিকে তেজপাতৰ এখন বৃহত বজাৰো আছে আৰু এই বজাৰখনৰ প্ৰতি লক্ষ্য ৰাখি কৃষকসকলে তেজপাতৰ খেতি কৰি বহু কৃষক লাভান্বিত হৈছে। এবাৰ তেজপাতৰ খেতি কৰি মাজে মাজে অলপ যত্ন লৈ এজন ব্যক্তিয়ে গোটেই জীৱন উপাৰ্জন কৰি থাকিব পাৰে। লগতে কৃষকসকলক জনাও যে ৰাষ্ট্ৰীয় ঔষধি উদ্ভিদ পৰিষদে তেজপাত খেতি কৰা কৃষকসকলক ৩০ শতাংশ ৰাজসাহায্য প্ৰদান কৰিব।
লগতে পঢ়ক-
এবিঘা মাটিত এবাৰ খেতি কৰি ১২ বছৰলৈ প্ৰতিবছৰে পাওঁক ১ লাখকৈ টকা
আমাৰ ৰাজ্যতো তেজপাত খেতি এক অতি লাভজনক ব্যৱসায়। কিন্তু অসমত ব্যৱসায়িকভিত্তিত আজিও তেজপাতৰ খেতি কৃষকসকলে কৰা দৃষ্টিগোচৰ হোৱা নাই। ঘৰ বাৰীত কেতিয়াবা নিজেই গজে বা কেতিয়াব ক'ৰবাত পালে গৃহস্থই ঘৰৰ এচুকত এজোপা তেজপাতৰ গছ ৰোপন কৰে। কিন্তু পৰিকল্পিতভাৱে ৫ জোপামান তেজপাতৰ গছ বাৰীত ৰুই ললেই এজন কৃষকে বছৰত ৫০ হাজাৰ টকা উপাৰ্জন কৰিব পাৰে। ইয়াত পৰিকল্পিত মানে গছজোপা ভালদৰে ৰুৱা কথাই কোৱা নাই। পৰিকল্পিতভাৱে মানে আপুনি গছজোপা ভালদৰে ৰোপন কৰাৰ লগতে তেজপাতসমূহ কেনেদৰে, ক’ত বিক্ৰি কৰিব, কাক বিক্ৰি কৰিব, এইবিলাক কেনেদৰে বিক্ৰি কৰাৰ উপযোগী কৰি তুলিব আদি সকলো দিশ সামৰি কৰা এক আঁচনিক বোজোৱা হৈছে। এই গোটেইকেইটা দিশক পৰিকল্পনাৰে আগবঢ়াই নিলে আপুনি মাত্ৰ ৫ জোপা গছৰ পৰাই বচৰি ৫ হাজাৰ টকা উপাৰ্জন কৰিব পাৰিব।
সম্প্ৰতি অসমৰ বহু কৃষকে খেতি কৰিব জানে! কিন্তু ব্যৱসায় কৰিব নাজানে! খেতি যিদৰে কৃষকসকলে সময় দিয়ে, কষ্ট কৰে একেদৰে বিক্ৰি কৰা কাৰ্যত একেবাৰে উদাসীন হোৱা দেখা যায়। ফলত কৃষকসকল লোকচান হয়। লোকচান দুই ধৰণে হয়- উতপাদিত সামগ্ৰী বজাৰৰ অভাৱত বাৰীতে গেলি যায় পৰৱৰ্তী সময়ত গৰুক খোৱায় আৰু দ্বিতীয়তে কোনো মধ্যভোগীসদৃশ দালালীয়ে কমদামত কৃষকৰ উতপাদিত ফচল কিনি লৈ যায় আৰু দালালীয়ে বজাৰত ৩ গুণ দামত বিক্ৰি কৰে। গতিকে লেখাটোৰ আৰম্ভণীতে তেজপাতৰ খেতি পৰিকল্পিতভাৱে কৰাৰ দিশটোক অধিক গুৰুত্ব দিয়া হৈছে। পৰকল্পিতভাৱে খেতি কৰিলে এইবোৰ লোকচানৰ পৰা কৃষকজন সুৰক্ষিত হৈ থাকে।
লগতে পঢ়ক-