বাঁহ বোৰ সাধাৰণতে দ্ৰুতগতিত বিকশিত হোৱা বাৰ্ষিক, কিছুমান প্ৰজাতি প্ৰতিদিনে 30 চেমি (1 ফুট) লৈকে বৃদ্ধি হয়। বাঁহৰ বহুতো ব্যৱহাৰ আছে, মুখ্যতঃ নিৰ্মাণ (মজিয়া, ছাদৰ ডিজাইনিং, আৰু স্কেফল্ডিং), আচবাব, খাদ্য, জৈৱ ইন্ধন, কাপোৰ, কাপোৰ, কাগজ, মণ্ড, কাঠকয়লা, আলংকাৰিক বাগিচা ৰোপণ, আৰু পাৰিপাৰ্শ্বিক বৈশিষ্ট, যেনে ডাঙৰ কাৰ্বন চিংক আৰু ভাল ফাইটোৰেমেডিয়েচন বিকল্প, মাটিৰ গাঁথনি আৰু মাটি উন্নত কৰা।
বাঁহে বেঞ্জিন, ট্ৰাইক্লোৰোয়েথিলিন আৰু ফৰ্মেলডিহাইড আঁতৰ কৰে আৰু লগতে প্ৰাকৃতিক হিউমিডিফায়াৰ হিচাপে কাম কৰিবলৈ বায়ুত আৰ্দ্ৰতা যোগ দিয়ে। লগতে, কিছুমানে কয় কিপিং। বাঁহ হৈছে ঘাঁহ পৰিয়াল পোচেৰ উপপৰিয়াল বাম্বুচোআইডিয়াৰ চিৰসেউজীয়া বাৰ্ষিক ফুলৰ উদ্ভিদৰ এক বিবিধ গোট। দৈত্য বাঁহ হৈছে ঘাঁহ পৰিয়ালৰ আটাইতকৈ ডাঙৰ সদস্য।
আমি জানো যে, মানুহৰ দৈনন্দিন জীৱনত বাঁহ এবিধ আবশ্যকীয় সম্পদ। বহুত মানুহে ভাবে যে বাঁহ এজোপা জোপোহা গছ। কিন্তু ই এজোপা ঘাহ প্রজাতিৰ। ই প্রত্যেক দিনে ৪০ ছেন্টিমিটাৰকৈ বাঢ়ে। যদিহে বাঁহক সম্পূর্ণ ৰূপে বাঢ়িবলৈ দিয়া হয় ৩৫ মিটাৰলৈকে বাঢ়িব পাৰে। ইয়াৰ প্রধান মূল শিপাডাল মাটিৰ তলত থাকে।
বাঁহ শাখাবিলাক ইয়াৰ পৰাই ওলায়। বাঁহ বিভিন্ন প্রকাৰ থাকে। এতিয়ালৈকে ইয়াৰ ৫০০ টা প্রজাতিৰ বিষয়ে অধ্যয়ন কৰা হৈছে। বেছিভাগ বাঁহ মিহি, কঠিন, শক্তিশালী আৰু সােনাকালে বাঢ়ে। প্রায়বিলাক বাঁহ প্রত্যেক বছৰে ফলৱতী হয়, কিন্তু কিছুমান ১০০ বছৰত তিনিবাৰ বা চাৰিবাৰহে ফলৱতী হয়।
বাঁহ আমাৰ বাবে বহুত উপযোগী। ঘৰ, বেৰ, জুপুৰি, ঘৰৰ চাল বনাবলৈ ব্যৱহাৰ কৰা হয়। পাচি, ডলা, চালনী ইত্যাদি বনাবলৈও ব্যবহাৰ কৰা হয়। আজিকালি বাঁহৰ চকী, মেজ, বিছনা আৰু বহুতো শােভাবর্ধক সামগ্রী আমাৰ ঘৰ বিলাকত দেখা যায়। জাপানত মালীবিলাকে ফুলত পানী দিবলৈ বাঁহৰ লাঠিও ব্যৱহাৰ কৰে।
আমাৰ কিতাপ, বহী বাঁহৰ এক উৎপাদন। কাগজ তৈয়াৰ কৰাৰ বাবে বাঁহ ব্যৱহাৰ কৰা হয়। বহুত দেশত সেউজীয়া বাঁহ সেউজীয়া শাক-পাচলি হিচাপে ব্যৱহাৰ কৰা হয়। আমাৰ অসমৰ জনজাতিয় খাদ্যতাে বাঁহ গাজ ব্যৱহাৰ কৰা হয়। মাছ ধৰিবলৈ লোৱা বাঁহৰ বৰশি, হাতত লোৱা টাঙোন, কোৰৰ নাল ইত্যাদি আমাৰ দৈনন্দিনত ব্যৱহাৰ কৰা হয়।
লগতে পঢ়ক-Ladies Finger: ভেণ্ডি খেতি আৰু ইয়াৰ পৰিচৰ্যা!