1. উদ্য়ানশস্য়

Ridge Gourd Cultivation: জিকা খেতি, বিভিন্ন ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ!

KJ Staff
KJ Staff
Ridge Gourd Cultivation
Ridge Gourd Cultivation

জিকা হৈছে এবিধ লতাজাতীয় বছৰেকীয় গছ। ই অতিকৈ পুষ্টিসমৃদ্ধ পাচলি, য’ত আছে ০.৫ শতাংশ প্ৰ’টিন, ৩.৪ শতাংশ কাৰ্বহাইড্ৰেট, ৩৭ মিলিগ্ৰাম কেৰ’টিন আৰু ১৮ মিলিগ্ৰাম ভিটামিন। জিকা গছৰ পাতৰ ৰস সাধাৰণতে চকুৰ ৰোগ নিৰাময়ৰ কাৰণে ব্যৱহাৰ কৰা হয়।

জিকা শস্যত বহুতো কীট-পতংগ আৰু বেমাৰে ক্ষতি সাধন কৰা দেখা যায়। ইয়াৰ ভিতৰত কেইটামান প্ৰধান কীট-পতংগ আৰু ৰোগৰ লক্ষণৰ লগতে নিয়ন্ত্ৰণৰ বিষয়ে তলত উল্লেখ কৰা হ’ল-

ফ্ৰুট ফ্লাইচ-

লক্ষণ :-

১) জিকাৰ পৰা বীজলুৱা তৰল পদাৰ্থ বিৰিঙি উঠা।

২) বিকৃত আৰু অসমান ফলৰ গঠন।

৩) ফলবোৰ আবতৰীয়াকৈ সৰি যোৱা।

নিয়ন্ত্ৰণ বিধি :-

১) আক্ৰান্ত ফলবোৰ সংগ্ৰহ কৰি দ’ গাঁতত পুতি থব লাগে।

২) শস্য চপোৱাৰ পিছত মাটিডোখৰত হাল বাব লাগে যাতে লেটা আৰু পোকবোৰ উন্মুক্ত হৈ পৰে।

৩) ফ্লাইচবোৰক আকৃষ্ট কৰিবলৈ চিত্ৰনলা গছৰ তেল, ইউকেলিপ্টাছ গছৰ তেল, ভিনেগাৰ ইত্যাদি ব্যৱহাৰ কৰিব লাগে।

ৰেড বিটল -

লক্ষণ :-

১) বিটলে জিকা গছৰ ফুল খোৱাৰ উপৰি পাতবোৰত বিন্ধাৰ সৃষ্টি কৰে।

২) বিটলে প্ৰধানকৈ পুলি অৱস্থাত ক্ষতি সাধন কৰে। সেইকাৰণে কিছুমান ক্ষেত্ৰত পুলিবোৰ মৰি যোৱাও দেখা যায়।

নিয়ন্ত্ৰণ বিধি-

১) শস্য চপোৱাৰ পিছত ভালদৰে হাল বোৱাটো জৰুৰী।

২) পূৰ্ণাংগ বিটলছবোৰ সংগ্ৰহ কৰি ধ্বংস কৰিব লাগে।

৩) মালাথিয়ন ৫৫ মি:লি: প্ৰতি হেক্টৰত প্ৰয়োগ কৰিব লাগে।

কেটাৰপিলাৰ-

লক্ষণ:-

১) পলুবোৰ গছৰ পাতৰ পত্ৰহৰিৎখিনি চুঁচি পেলায়, যাৰ ফলত পাতবোৰ কোঁচ খাই যায়।

২) ই জিকা গছৰ ফুলবোৰো গ্ৰহণ কৰে আৰু ফলবোৰত ছিদ্ৰৰ সৃষ্টি কৰে।

নিয়ন্ত্ৰণ বিধি:-

১) প্ৰাৰম্ভিক অৱস্থাত, কেটাৰপিলাৰবোৰ সংগ্ৰহ কৰি ধ্বংস কৰিব লাগে।

২) মালাথিয়ন ৫০০ মি: লি: প্ৰতি হেক্টৰ অথবা দাইমিথ’য়েট ৫০০ মি:লি: প্ৰতি হেক্টৰত প্ৰয়োগ কৰিলে সুফল পোৱা যায়।

Ridge Gourd
Ridge Gourd

ৰোগ:-

ডাউনি মিলডিউ -

লক্ষণ :-

পাতৰ ওপৰ অংশত হালধীয়া-সেউজীয়া ৰঙৰ সমাহাৰ দেখা পোৱা যায়।

২) বাৰিষা কালত, পাতৰ তলৰ অংশত বেঙুনীয়া ৰঙৰ ভেঁকুৰ হোৱা দেখা যায়।

৩) সমগ্ৰ পাতখিলা সোনকালে শুকাই যায়।

নিয়ন্ত্ৰণ বিধি :-

১) ভাল জলনিৰ্গমৰ ব্যৱস্থা কৰাটো জৰুৰী।

২) মানক’জেব ০.২ শতাংশ হাৰত অথবা ক্ল’ৰ’থিয়নিল ০.২ শতাংশ হাৰত প্ৰয়োগ কৰা হয়।

৩) এপ্ৰ’ন ২ গ্ৰাম প্ৰতি কেজি বীজত শোধন কৰিব লাগে আৰু লগতে মানক’জেৱ ০.২ শতাংশ হাৰত ছটিয়াব লাগে।

বগা কপাহী ৰোগ:-

লক্ষণ :-

১) শুকান জেগাত এইবিধ ৰোগৰ প্ৰাবল্য বেছি হোৱা দেখা যায়।

২) বগা ৰঙৰ ভেঁকুৰ পাতখিলাৰ ওপৰ আৰু তলৰ অংশত পৰিলক্ষিত হয়।

৩) ফলবোৰ বিকৃত হোৱা দেখা যায় আৰু ফলৰ পূৰ্নবিকাশত বাধাৰ সৃষ্টি কৰে।

নিয়ন্ত্ৰণ বিধি :-

১) অপতৃণবোৰ গুচাই দিব লাগে।

২) ত্ৰাইডেমৰ্ফ (Tridemorph) ০.১% হাৰত প্ৰয়োগ কৰাটো জৰুৰী।

লেখক :- ৰিতুৰাজ দেৱ

উৎস :-বিকাশপেডিয়া

লগতে পঢ়ক-Pointed Gourd Cultivation: পটল খেতিৰ সহজ আৰু সঠিক পদ্ধতি!

English Summary: Ridge Gourd Cultivation: various disease and its remedies

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.