ধেমাজিত বানপানী কেতিয়াবা যদি অভিশাপ হয়, কেতিয়াবা হয় আৰ্শীবাদ। লহপহকৈ বাঢ়ি অহা কৃষকৰ খেতি দৰা কেতিয়াবা যদি বানে নিমিষতে ধ্বংস কৰি পেলায়, কেতিয়াবা আকৌ সেই বান পানীয়েই বহুদিন চন পৰি থকা মাটি পেলাই থৈ যায় পলস। প্ৰকৃতিৰ এনে ক্রিয়া-কালাপৰ মাজতে ধেমাজিৰ কৃষকৰ সপোন গঢ়ে-ভাঙে। এনেবোৰ পৰিস্থিতিৰ মাজতো ধেমাজিৰ এগৰাকী মহিলাই দেখিছিল কৃষিৰ জৰিয়তে আত্মনিৰ্ভৰশীল হোৱাৰ সপোন।
তেওঁৰ নাম ৰূপা বিশ্বাস। আত্মনিৰ্ভৰশীল হোৱাৰ সপোনতে ক্ষান্ত নাথাকি ৰূপাই আৰম্ভ কৰিলে বাস্তৱত স্বাৱলম্বনৰ যাত্ৰা। সেই যাত্ৰাই এতিয়া সফলৰ বাট কাটিছে ৰূপাৰ। স্বাৱলম্বিতাৰ সংগ্ৰামক সফলতাৰ শিখৰলৈ কিদৰে লৈ যাব পাৰি, তাৰ অনন্য নিদৰ্শন ৰূপা বিশ্বকৰ্মা। ধেমাজি জিলাৰ পৰা প্ৰায় ১৫ কিলোমিটাৰ নিলগৰ অসম-অৰুনাচলৰ সীমান্তৱৰ্তী জয়ৰামপুৰত ৰূপাই গঢ়ি তুলিছে এখন অনন্য কৃষিক্ষেত্ৰ।
ৰূপাই প্ৰথমে প্ৰায় ১৪ বিঘা মাটিত আৰম্ভ কৰিছিল ৰবি শস্যৰ খেতি। লাহে লাহে ৰূপাৰ কৃষিক্ষেত্ৰৰ পৰিসৰ বৃদ্ধি হ’ল। বিভিন্ন খেতিৰ লগতে ৰূপাই আৰম্ভ কৰিলে পশু পালন। বৰ্তমান বছৰি প্ৰায় লাখ টকা উপাৰ্জন কৰা ৰূপাই কেৱল নিজেই নহয় আন ১০ জনকো দিছে সংস্থাপন।অঞ্চলটোৰ ১৫ গৰাকী সদস্যৰে গঠিত এটি আত্মসহায়ক গোটৰ জৰিয়তে আলু, কবি, বেঙেনা, জলকীয়াকে ধৰি বিভিন্ন ধৰণৰ খেতি কৰি মহিলাৰ সবলীকৰণ দিশতো ৰূপাই মনোনিৱেশ কৰিছে।
ইফালে ৰূপাই বৰ্তমান পালন কৰি আছে ১৮ জনীকৈ গাই গৰু। প্ৰতিদিনে ১২০- ১৩৫ লিটাৰ পৰ্যন্ত গাখীৰ উৎপাদন হয় ৰূপাৰ পামত। লক্ষ্যণীয় কথাটো হ’ল গৰু গোবৰৰ পৰা তৈয়াৰ কৰা জৈৱিক সাৰেই ৰূপাই শাক-পাচলিৰ খেতিত ব্যৱহাৰ কৰে। গ্ৰাম্য অৰ্থনীতি টনকিয়াল কৰিবৰ বাবে বদ্ধপৰিকৰ ৰূপাই কয়, অসমত অসমীয়াগিৰি আৰম্ভ হ’ব লাগিব পথাৰৰ পৰা। অধিকাৰ তেতিয়াহে খিলঞ্জীয়াৰ হাতলৈ আহিব, যেতিয়া অৰ্থনীতি আমাৰ হাতলৈ আহিব…।