চাল-কুঁৱৰী বা এল' ভেৰা একপ্ৰকাৰ জলসম্বৃদ্ধ (succulent) উদ্ভিদ। ইয়াৰ জন্মস্থান উত্তৰ আফ্ৰিকা বা ছোমালিয়াবুলি ভবা যায়। খ্ৰীষ্টপূৰ্ব প্ৰথম শতিকাৰপৰাই ইয়াক বনৌষধি হিচাবে ব্যৱহাৰ কৰা হৈ আহিছে। ইয়াৰ বিভিন্ন অংশ বা উৎপাদ প্ৰসাধন উদ্যোগ আৰু বৈকল্পিক ঔষধ উদ্যোগত উজ্জীৱক ), নিৰামক বা শীতলকাৰক গুণযুক্ত বুলি প্ৰচাৰিত আৰু ব্যৱহাৰ কৰি অহা হৈছে।
চাল-কুৱঁৰীৰ কেইবাটাও সমাৰ্থক নাম (Synonym (taxonomy)) আছে: A. barbadensis Mill., Aloe indica Royle, Aloe perfoliata L. var. vera and A. vulgaris Lam. সাধাৰণ নামৰ ভিতৰত ইয়াক Chinese Aloe, Indian Aloe, True Aloe, Barbados Aloe, Burn Aloe, First Aid Plant আদি বুলি জনা যায়।
ইয়াক সৰ্বপ্ৰথমে ১৭৫৩ চনত কাৰ্ল লিনিউচে (Carl Linnaeus) Aloe perfoliata var. vera বুলি, সমগ্ৰ পৃথিৱীতে ব্যাপক ভাৱে খেতি কৰা হয়। প্ৰাকৃতিকভাৱে ইয়াক আৰব উপমহাদ্বীপৰ দক্ষিণাৰ্ধ, উত্তৰ আফ্ৰিকা (মৰক্ক', মৌৰিটানিয়া, ইজিপ্ত) তথা কেনেৰি, কে'প ভাৰ্ডে আৰু মাডেইৰা দ্বীপপুঞ্জ আদিৰ লগতে ছুডান আৰু প্ৰতিবেশী দেশসমূহত পোৱা যায়।
চীন আৰু পৃথিৱীৰ অন্য অঞ্চললৈ এই প্ৰজাতিৰ আগমণ ঘটে ১৭শ শতিকাত।
এল' ভেৰা বা চাল-কুৱঁৰীক বাগিচাৰ সৌন্দৰ্য্যবদ্ধক উদ্ভিদ হিচাবে প্ৰভূতভাৱে খেতি কৰা হয়। ইয়াৰ তথাকথিত ঔষধী গুণ, বিশিষ্ট ফুল, আকৃতি আৰু জলসম্বৃদ্ধিৰ বাবে ই আধুনিক ফুলনিত জনপ্ৰীয়। ইয়াৰ জলাকৰ্ষীতাৰ কাৰণে ই কম পানী থকা অঞ্চল, শৈলোদ্যান আৰু অন্যান্য কম পানী ব্যৱহাৰ কৰা বাগিচাৰ বাবে বিশেষভাৱে উপযুক্ত। টাবত ৰোওঁতে ইয়াক পানী নোৰোৱা বালিয়া মাটিৰ প্ৰয়োজন। অধিক সূৰ্য্যৰশ্মি বা পানী ৰোৱা পৰিবেশত গছজোপা শুকাই যাব পাৰে। পাত্ৰত থকা গছত পানী দিয়াৰ আগতে আগৰ পানী সম্পূৰ্ণৰূপে সুকাবলৈ দিব লাগে আৰু নতুন পোখাবোৰ নিয়মিতভাৱে উঠাই থাকিব লাগে। জাৰকালি ফুলজোপা "শুপ্ত" অৱস্থাত থাকে আৰু ন্যুনতম পানীৰ প্ৰয়োজন হয়। বৰফ পৰা স্থানত ইয়াক ঘৰৰ ভিতৰত ৰাখিব লাগে।
এল' ভেৰা বা চাল-কুৱঁৰীৰ উৎপাদসমূহক সাধাৰনতে এল' ভেৰাই বোলা হয়। ইয়াৰ সৌন্দৰ্য্যবৰ্ধক বা নিৰাময়ক গুণৰ বৈজ্ঞানিক প্ৰমাণ খুব সীমাবদ্ধ আৰু য'ত আছে তাতো প্ৰায়ে বিবদমান। তথাপিও সৌন্দৰ্য্যবদ্ধক আৰু বৈকল্পিক চিকিৎসা উদ্যোগে ইয়াৰ শীতলকাৰক জলীয়কাৰক (moisturizing) আৰু নিৰামক (healing) গুণ থকা বুলি দাবী কৰি আহিছে। এল' ভেৰা জেল বাণিজ্যিকভাৱে উপলব্ধ ল'শ্যন, দৈ, খাদ্য আৰু কোনো কোনো জলপান (dessert) আদিত ব্যৱহাৰ কৰা হয় যদিও কোনো কোনো মাত্ৰাত সেৱন কৰিলে ইয়াৰ বিশাক্ত লক্ষণ পৰিলক্ষিত হয়।
জনজাতীয় আৰু পাৰম্পৰিক ভেষজ ঔষধ হিচাবে এল' ভেৰাৰ ব্যৱহাৰ কৰা হৈ আহিছে । ১৬শ শতিকাৰ Ebers Papyrus (Ebers Papyrus) অত, খ্ৰীঃ পূঃ মধ্য প্ৰথম শতিকাত ৰচিত De Materia Medica আৰু Pliny the Elder (Pliny the Elder) অৰ Pliny's Natural History (Pliny's Natural History) দুয়ো বিবৰণীতে (Dioscorides) । চীন, ভাৰত, জামাইকা, জাপান, লেটিন আমেৰিকা, ৰুচ, দক্ষিণ আফ্ৰিকা আৰু আমেৰিকা যুক্তৰাষ্ট্ৰত পৰম্পৰাগত ভেষজ ঔষধীয় হিচাবে এই প্ৰজাতিৰ বহুলভাবে ব্যৱহাৰ হয়।
উৎস: বিকাশপেডিয়া।