Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 22 December, 2022 4:54 PM IST
Plant based meat

উদ্ভিদ-আধাৰিত মাংস হৈছে উদ্ভিদৰ পৰা তৈয়াৰ কৰা এক নিৰামিষ খাদ্য যাক মাংসৰ উপাদানসূহ অনুকৰণ কৰি উদ্ভদজাত সামগ্ৰীৰপৰা তৈয়াৰ কৰা হয়। উদ্ভিদৰ সহায়ত প্ৰস্তুত কৰা হয় বাবে সেইবোৰক উদ্ভিদ-আধাৰিত মাংস (plant based meat) বুলি কোৱা হয়।

নিৰামিষ মাংস যে কেৱল দেখাতহে প্ৰকৃত মাংসৰ দৰে তেনে নহয়। ইয়াৰ সোৱাদো ভাল। সেয়েহে বৰ্তমান সময়ত নিৰামিষ মাংসক লৈ বিশ্বজুৰি চৰ্চা হৈছে। অৱশ্যে, ভাৰতত ইয়াৰ জনপ্ৰিয়তাৰ আন এটা কাৰণো আছে। তাৰকা যুটি অনুষ্কা শৰ্মা আৰু বিৰাট কোহলীয়ে ব্ৰেণ্ড এম্বেচেডৰ হিচাপে 'ব্লু ট্ৰাইব' নামৰ এটা উদ্ভিদ-আধাৰিত মাংস ব্ৰেণ্ডত বিনিয়োগ কৰিছে। তেওঁলোক দুয়োজনে জীৱ-জন্তু ভাল পায় আৰু তেওঁলোকে এটা ইনষ্টাগ্ৰাম ভিডিঅ'ৰ জৰিয়তে এই বিষয়ে ঘোষণা কৰিছিল।

নিৰামিষ মাংস ভাৰতত জনপ্ৰিয় হৈ পৰিছে। যদিও নিৰামিষ মাংসৰ উৎপত্তি আমেৰিকা যুক্তৰাষ্ট্ৰত হৈছিল, ই ভাৰতকে ধৰি সমগ্ৰ বিশ্বতে দ্ৰুতগতিত বিয়পি পৰে। নিৰামিষ অধিক জানো আহক-

নিৰামিষ মাংস কিহৰ দ্বাৰা তৈয়াৰ কৰা হয়?

নিৰামিষ মাংসক জন্তুৰ মাংসৰ এক স্বাস্থ্যসন্মত বিকল্প বুলি গণ্য কৰা হয়। পাচলিৰ প্ৰ'টিন, ঘেঁহুৰ গ্লুটেন বা ধনীয়া, বীন, ছয়া আৰু চাউলৰ দৰে উপাদানবোৰ সাধাৰণতে এনে ধৰণৰ মাংস তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা হয়। নিৰামিষ মাংসৰ সোৱাদ আৰু অবয়ব বৃদ্ধি কৰিবলৈ নাৰিকল তেল, মচলা আৰু ৰস নিষ্কাষিত বীটৰ দৰে উপাদান ব্যৱহাৰ কৰা হয়। এই বস্তুবোৰ নিৰামিষ মাংস তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা হয় বাবে ই প্ৰকৃত মাংসতকৈ ব্যয়বহুল হয়।

নিৰামিষ মাংস স্বাস্থ্যকৰ নে?

ইয়াক কম পৰিমাণে খোৱা আৰু সন্তুলিত আহাৰৰ অংশ হিচাপে স্বাস্থ্যকৰ বুলি গণ্য কৰা হয়। নিৰামিষ মাংসৰ পুষ্টিগত পৰিমাণৰ বিষয়ে ক’বলৈ গ’লে ইয়াত অধিক প্ৰ'টিন, কম সংপৃক্ত চৰ্বি আৰু কম কলেষ্টেৰল থাকে। অৱশ্যে, নিৰামিষ মাংসত উচ্চ পৰিমাণৰ ছডিয়াম থাকে যি ইয়াক সুস্বাদু কৰাৰ লগতে Shelf life বৃদ্ধি কৰে। এইকাৰণেই নিৰামিষ মাংস সন্তুলিত পৰিমাণত খাব লাগে। ইয়াৰ অত্যাধিক সেৱনে আপোনাৰ শৰীৰত ছডিয়ামৰ পৰিমাণ বৃদ্ধি কৰিব, যাৰ ফলত ষ্ট্ৰোক আৰু উচ্চ ৰক্তচাপৰ আশংকা বৃদ্ধি হ'ব।

ভাৰসাম্যই মূল কথা

যদি আমি নিৰামিষ মাংসক প্ৰকৃত মাংসৰ সৈতে তুলনা কৰোঁ, ইয়াত কোনো সন্দেহ নাই যে নিৰামিষ মাংস অধিক স্বাস্থ্যকৰ, কিন্তু ইয়াৰ ব্যৱহাৰৰ পৰিমাণ আৰু ভাৰসাম্য বজাই ৰখাটোৱেই মূল কথা।

 

ভেজ মাংসৰ লাভালাভ

 

  • জন্তুৰ মাংস হজম কৰা কঠিন। নিৰামিষ মাংসত সংপৃক্ত চৰ্বি আৰু কেলৰি কম থাকে।
  • এইবোৰত এণ্টিঅক্সিডেণ্ট, ভিটামিন, খনিজ পদাৰ্থ আৰু আঁহজাতীয় পদাৰ্থ থাকে।
  • মেদবহুলতা, কৰ্কট ৰোগ, হৃদৰোগৰ সৈতে যুঁজি থকা লোকসকলৰ বাবে ই মাংসৰ এক উত্তম বিকল্প।
  • এই নকল মাংসবোৰত প্ৰ'টিনৰ নিষ্কাশন ব্যৱহাৰ কৰা হয়। সেয়েহে, সেইবোৰ প্ৰ'টিনৰ ভাল উৎস।
  • জীৱ-জন্তু ভাল পোৱা লোকসকলৰ বাবে আৰু যিসকলে বহনক্ষম খাদ্য পচন্দ কৰে তেওঁলোকৰ বাবে ই এক উত্তম আহাৰ।

লগতে পঢ়কঃ অন্নদাতাক ধন্যবাদ জনোৱাৰ এক সুযোগ- কৃষক দিৱস

English Summary: What is plant based meat
Published on: 22 December 2022, 04:54 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now