1. পশুপালন

GOAT farming কম মূলধনতে অধিক লাভ দিব ছাগলী পালনৰ ব্যৱসায়ে

KJ Staff
KJ Staff
GOAT
GOAT

অসমৰ জলবায়ু তৃণভোজী জীৱ-জন্তুৰ বাবে উৎকৃষ্ট। ৰাজ্যখনত পৰ্যাপ্ত পৰিমাণে বৰষুণ হয় বাবে ঘাঁহজাতীয় উদ্ভিদ ইয়াত বেছিকৈ হয়। অসমৰ জলবায়ু উষ্ণ আৰু সেমেকা৷ সেইবাবে ইয়াত প্ৰচুৰ পৰিমাণে সেউজীয়া ঘাঁহ গজে আৰু তৃণভোজী প্ৰাণী পোহাটো ইয়াত সহজ৷ বৰ্তমান সময়ত জনসংখ্যা যথেষ্ট বৃদ্ধি পোৱাৰ বাবে কৃষিভূমি কমি গৈছে। যাৰ ফলত কম মাটিতে কৃষকে বেছি উৎপাদন কৰিবলগীয়া হৈছে৷ কৃষকসকলৰ বাবে ছাগলী পালন কৰাত কষ্ট আৰু খৰচ দুয়োটাই কম হয়৷ অসম আৰু চুবুৰীয়া ৰাজ্য কেইখনত ছাগলীৰ লেখত ল’বলগীয়া অনুমোদিত জাত নাই। তথাপি মাংস সাৰ (প্ৰ’টিন) উৎপাদনত অসমত ছাগলী পালনে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে৷

ছাগলী পালনক লাভজনক ব্যৱসায় হিমচাপে গণ্য কৰাৰ কেইবাটাও কাৰণ আছেঃ

১)ছাগলী পুহিবলৈ বেছি মূলধনৰ প্ৰয়োজন নাই৷ আন ঘৰচীয়া জন্তুতকৈ কম কষ্ট আৰু কম খৰচতেই ছাগলী পালন কৰিব পাৰি৷

২)শাৰীৰিক গঠন সৰু আৰু শান্ত স্বভাবৰ হোৱা বাবে পৰিয়ালৰ যিকোনো মানুহে সহজেই ৮-১০ জনী ছাগলী চোৱা-চিতা কৰিব পাৰে৷

৩)হজম শক্তি প্ৰচুৰ হোৱা বাবে ছাগলীয়ে গছৰ পাত, ঘাঁহ-বন আদিৰ উপৰি গছৰ ঠানি, ফুল, ফল, আদি খাই জীয়াই থাকিব পাৰে৷

৪)ছাগলীৰ গড়াল অতি সাধাৰণভাৱে সাজি উলিয়াব পাৰি৷ আকাৰ সৰু হোৱা বাবে ৰাখিবলৈ কম ঠাই লাগে৷

৫)মাংস আৰু গাখীৰ দুয়োটাৰ বাবে ছাগলী পোহা হয়।

৬)ছাগলীয়ে সকলো ধৰণৰ জলবায়ুৰ লগত খাপ খাব পাৰে আৰু এইবোৰৰ বেমাৰো কম৷

কেইটামান ভাৰতীয় ছাগলীৰ জাত:

অসমৰ থলুৱা জাত (Assam Local) : অসমৰ থলুৱা জাতৰ ছাগলী মাংসৰ বাবে পোহা হয়৷ ৬-১২ মাহৰ ভিতৰত প্ৰজননৰ ক্ষমতা লাভ কৰা দেখা যায়৷ ইহঁতৰ দুটা বা ততোধিক পোৱালি দিয়াৰ ক্ষমতা থাকে৷ গাৰ গঠন সৰু যদিও এবছৰ বয়সত প্ৰায় ১৪ কিলোগ্ৰাম ওজনৰ হয়৷ এই ছাগলীবোৰ অসমৰ জলবায়ুৰ সৈতে সুন্দৰ ভাৱে খাপ খোৱা দেখা যায় ৷

বিটাল (Beetal): পাঞ্জাৱ আৰু হাৰিয়ানাৰ এই জাতৰ ছাগলীয়ে অসমৰ জলবায়ুৰ লগত সহজে খাপ খাব পাৰে ৷বিটাল ছাগলী মাংস আৰু গাখীৰ দুয়োৰে বাবে পোহা হয় ৷ ইহঁতৰ ওজন প্ৰায় ২১ কিলোগ্ৰাম হয় আৰু প্ৰতিদিনে ৫০০-৮০০ মিলিলিটাৰ গাখীৰ দিয়াৰ সামৰ্থ্য আছে ৷

বাৰবাৰী (Barbari) : বাৰবাৰী ছাগলী উত্তৰ প্ৰদেশত পোৱা যায় ৷ এই ছাগলীবোৰ মাংস আৰু গাখীৰ দুয়োটাৰ বাবে পোহা হয় ৷ গাৰ গঠন সৰু আৰু এবছৰত প্ৰায় ১৫ কিলোগ্ৰাম ওজনৰ হয় ৷ বাৰবাৰী ছাগলীয়ে ৭০০-১৩০০ মিলিলিটাৰ গাখীৰ দিব পাৰে। 

যমুনাপাৰী (Jamunapari): ভাৰতবৰ্ষৰ সবাতোকৈ জনপ্ৰিয় এইজাতৰ ছাগলীয়ে দৈনিক ১৫০০ মিলিলিটাৰ গাখীৰ দিব পাৰে ৷ যমুনাপাৰী ছাগলী উত্তৰ প্ৰদেশ আৰু বিহাৰত পোৱা যায় ৷ ইহঁতে এবাৰত এটাহে পোৱালী দিয়ে ৷ এবছৰত প্ৰায় ২৯ কিলোগ্ৰাম ওজনৰ হয় ৷এই ছাগলী বোৰ মুকলিকৈ চৰি - ফুৰি সোনকালে ডাঙৰ হয় ৷ 

বৰ্ণসঙ্কৰ ছাগলী (Crossbred Goats): কোনো সম্পৰ্ক নথকা দুটা জাতৰ ছাগলীৰ প্ৰজননৰ ফলত উৎপাদিত পোৱালীবোৰক বৰ্ণসঙ্কৰ ছাগলী বোলা হয় ৷ এই পদ্ধতিৰ সহায়ত উচ্চ্ক্ষমতা সম্পন্ন চৰিত্ৰ একত্ৰিত কৰি ভৱিষ্যত প্ৰজন্মত উৎপাদন বঢ়াব পাৰি ৷

লগতে পঢ়কঃ Bank holidays in January 2023 জানুৱাৰীত ১১ দিনেই বেংক বন্ধ! সম্পূৰ্ণ তালিকা ছেভ কৰি থওক

English Summary: GOAT farming can be a successful business

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.