Prawn Farming : ব্যৱসায়িক ভিত্তিত মিছামাছ পালন আৰু ইয়াৰ লাভালাভ বহনক্ষম কৃষি পদ্ধতি! ই কেনেকৈ আমাৰ পৰৱৰ্তী প্ৰজন্মক সুৰক্ষিত কৰিব! Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক
Updated on: 13 February, 2019 4:04 PM IST

মানসিক স্বাস্থ্য কি?

এখন দেশৰ বিকাশৰ বাবে জনস্বাস্থ্য অতি গুৰুত্বপূৰ্ণ কাৰক। বিশ্ব স্বাস্থ্য সংস্থাৰ মতে স্বাস্থ্যৰ সংজ্ঞা হ’ল “দৈহিক,মানসিক আৰু সামাজিক আৰু আধ্যাত্মিকভাৱে ভালে থকা এটা অৱস্থা আৰু কোনো ধৰণৰ ৰোগ -নথকা”। বিশ্ব স্বাস্থ্য সংস্থাই মানসিক স্বাস্থ্যৰ বিষয়ে সংজ্ঞা দাঙি ধৰি কৈছে যে, কোনো ব্যক্তি বিশেষে তেওঁৰ সক্ষমতাৰ বিষয়ে অনুভৱ কৰা, জীৱনৰ স্বাভাৱিক হেঁচাসমূহৰ সৈতে মোকাবিলা কৰিব পৰাকৈ মানসিকভাৱে ভালে থকা, নিজৰ লগতে সমাজৰ বাবে উপাদনক্ষম কামেৰে অৱদান আগবঢ়োৱাৰ সক্ষমতা থকা। এনে যোগাত্মক দৃষ্টিৰ পৰা মানসিক স্বাস্থ্য ব্যক্তিৰ ব্যক্তিগত কল্যান আৰু সমাজখন কাৰ্য্যকৰীভাৱে চলিবৰ বাবে ভেটিস্বৰূপ। মানসিক স্বাস্থ্যই এই সমূহত প্ৰভাৱ পেলায়

  • শৈক্ষিক ফলাফল।
  • কামৰ উপাদকতা।
  • যোগাত্মক ব্যক্তিগত সম্পৰ্কৰ বিকাশ।
  • অপৰাধৰ হাৰ।
  • মাদক দ্ৰব্য আৰু নিছাযুক্ত ঔষধৰ ব্যৱহাৰ।

মানসিক স্বাস্থ্য কিয় গুৰুত্বপূৰ্ণ?

প্ৰায় ৪৫০ নিযুততকৈও অধিক লোক মানসিক বিসংগতিত ভোগে।বিশ্ব স্বাস্থ্য সংস্থাৰ মতে ২০২০ চনলৈ হতাশগ্ৰস্ততাই বিশ্বৰ দ্বিতীয় বৃহ ৰোগ হিচাপে সমস্যাৰ সৃষ্টি কৰিব। (মুৰাৰী আৰু লোপেজ ১৯৯৬) মানসিক স্বাস্থ্যৰ এই গোলকীয় সমস্যা উন্নত আৰু উন্নয়নশীল দেশৰ চিকিসা প্ৰদান ক্ষমতাৰ ভালেমান ওপৰত থাকিব। বৃদ্ধি পোৱা মানসিক অসুস্থতাৰ সমস্যাৰ লগত জৰিত সামাজিক আৰু অৰ্থনৈতিক মূল্যৰ প্ৰতি লক্ষ্য ৰাখি মানসিক স্বাস্থ্যৰ উন্নতি সাধনৰ লগতে প্ৰতিৰোধ আৰু চিকিসাৰ সম্ভাৱনীয়তাবোৰত গুৰুত্ব প্ৰদান কৰা হৈছে। ব্যৱহাৰিক আৰু দৈহিক স্বাস্থ্য আৰু জীৱনৰ মানদণ্ডৰ লগত মানসিক স্বাস্থ্যৰ সম্পৰ্ক আছে।

  • শাৰিৰীক স্বাস্থ্য আৰু মানসিক স্বাস্থ্যৰ ওচৰ সম্পৰ্ক আছে আৰু এইটো কোনো সন্দেহ নথকাকৈ প্ৰমাণিত হৈছে যে হতাশগ্ৰস্ততাৰ ফলত হৃদযন্ত্ৰ আৰু হৃদযন্ত্ৰৰ লগত জড়িত আন ৰোগসমূহ হয়গৈ।
  • মানসিক বিশৃংখলতাৰ ফলত ব্যক্তিৰ স্বাস্থ্যৰ লগত জড়িত আচাৰ ব্যৱহাৰবোৰ প্ৰভাৱিত হয়; যেনে খাদ্য গ্ৰহণৰ সজাগতা, নিয়মীয়া কচৰত, অত্যাধিক নিদ্ৰা, সুৰক্ষিত যৌন সম্পৰ্কৰ অভ্যাস, মাদক দ্ৰব্য আৰু ধপাতৰ ব্যৱহাৰ, প্ৰয়োজনীয় চিকিত্সা ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবে শাৰিৰীক অসুস্থতা বৃদ্ধিৰ আশংকা বৃদ্ধি কৰে।
  • মানসিক অসুস্থতাই নিবনুৱা, পৰিয়াল বিভাজন, দৰিদ্ৰতা, নিছাযুক্তি ঔষধ সেৱন আৰু ইয়াৰ জৰিত অপৰাধৰ দৰে সামাজিক সমস্যাসমূহৰো সৃষ্টি কৰে।
  • মানসিক স্বাস্থ্য ভালে নাথাকিলে ৰোগ প্ৰতিৰোধৰ ক্ষমতা নিম্নগামী কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।
  • আনসকলোতকৈ শাৰিৰীক অসুস্থতা থকা লোকৰ হতাশগ্ৰস্থতাৰ আশংকা বৃদ্ধি কৰে।
English Summary: What is Mental Health ?
Published on: 13 February 2019, 04:04 IST