Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 1 March, 2019 6:07 PM IST

কিছু দিনৰ আগতে আমিৰ খানৰ বিখ্যাত টেলিভিছন শ্ব’ ‘সত্যমেৱ জয়তে’ত ভাৰতৰ চিকিৎসা ব্যৱস্থাতে ‘ৰোগ’ আছে নেকি – এনে ধৰণৰ এক প্ৰশ্ন তোলা হৈছিল। টেলিভিছনৰ পৰ্দাত দেখুওৱা হৈছিল কেনেকৈ চিকিৎসকে ব্যৱস্থাপত্ৰত লিখা দৰৱ কিনিবলৈ গৈ তাৰ চৰা দামৰ বাবে ৰোগী বা ৰোগীৰ আত্মীয়ৰ ব্যৱস্থাপত্ৰমতে দৰৱ কিনিবলৈ গৈ তাৰ চৰা দামৰ বাবে ৰোগী বা ৰোগীৰ আত্মীয়ৰ হাৰাশাস্তি হয়। তাৰ পাছত আন এজন চিকিৎসকে লিখা ব্যৱস্থাপত্ৰমতে দৰৱ কিনা এজন লোকৰ দৰৱৰ বিলখন দেখুওৱা হৈছিল। আৰে! ইমানবোৰ দৰৱ আৰু দাম মাত্ৰ কেইশমান টকা! পাছত চিকিৎসককে ধৰি কেইবাজনৰো সাক্ষাৎকাৰ লোৱা হৈছিল আৰু জনা গৈছিল যে সেয়া হ’ল জেনেৰিক দৰৱ, যাৰ গুণ আৰু ক্ৰিয়া বজাৰত পোৱা দামী ব্ৰেণ্ডেড দৰৱৰ দৰে একেই, কিন্তু দাম অবিশ্বাস্যভাৱে কম।

বহুতো লোকে তেতিয়াহে জেনেৰিক দৰৱৰ কথা গম পাইছিল। দুখীয়া মানুহক অতিশয় সহায় কৰিব পৰা এনে কম দামী দৰৱে সকলোবোৰ হৃদয় স্পৰ্শ কৰিছিল। আমিৰ খানৰ এই টেলিভিছন শ্ব’ৰ প্ৰভাৱ চৰকাৰী কৰ্তৃত্বসম্পন্ন লোকসকলৰ ওপৰতো নিশ্চয় পৰিছিল। কাৰণ তাৰ পাছতে মহাৰা্ষ্ট্ৰ চৰকাৰে সিদ্ধান্ত লৈছিল যে তেওঁলোকে সমগ্ৰ ৰাজ্যতে জেনেৰিক দৰৱৰ ষ্ট’ৰ বা দোকান স্থাপন কৰিব।

দুখীয়া লোকৰ বাবে সকাহ

ভাৰতৰ দৰে দুখীয়া আৰু ৰুগীয়া দেশ এখনত বহুত দুখীয়া লোকৰ বাবে চিকিৎসা সেৱা উপলব্ধ নহয়। কিছুমানে খৰচৰ ভয়তে আধুনিক চিকিৎসা সেৱা গ্ৰহণ নকৰে আৰু স্থানীয় বেজ জ্ঞানীৰ সস্তীয়া দৰৱ বা বেজালিকে আশ্ৰয় কৰি অকাল মৃত্যুক সাৱটি লয়। বহু দূৰ গৈ চৰকাৰী চিকিৎসক পোৱা গ’লেও ব্যৱস্থাপত্ৰত লিখা দৰৱসমূহৰ ক্ষেত্ৰত কি হ’ব? বেছিভাগ দৰৱ চৰকাৰী চিকিৎসালয়ত পোৱা নাযায়, আৰু আন ফাৰ্মাচীত সেই দৰৱ কিনিবলৈ গ’লে যিমান ধন লাগিব সেয়া দুখীয়া লোকজনৰ ওচৰত থকাটো সম্ভৱ নহয়। গতিকে চিকিৎসা লোৱা নোলোৱা একেই হ’ল। এই ক্ষেত্ৰত দুখীয়া লোকজনক যি সহায় কৰিব পাৰিলেহেঁতেন, সেয়া হ’ল চিকিৎসকে লিখা জেনেৰিক দৰৱৰ ব্যৱস্থাপত্ৰ আৰু ওচৰতে থকা তেনে জেনেৰিক দৰৱৰ এখন ষ্ট’ৰ। কেৱল ভাৰতৰ ক্ষেত্ৰতে নহয়, প্ৰতিখন দুখীয়া লোকসকলৰ বাবে জেনেৰিক দৰৱ এক ডাঙৰ সকাহ।

জেনেৰিক দৰৱনো কি?

জেনেৰিক দৰৱ হ’ল এটা ব্ৰেণ্ডেড বা ব্ৰেণ্ড নামৰ দৰৱৰ সদৃশ আৰু একে ধৰণে কাৰ্যকৰী আন এক দৰৱ। বজাৰত বিক্ৰী কৰাৰ এগতে এটা জেনেৰিক দৰৱ কোনো ব্ৰেণ্ড নামৰ দৰৱৰ সৈতে জৈৱসদৃশ (Biodentical) হ’ব লাগে। বিভিন্ন কাৰণত জেনেৰিক দৰৱৰ দাম যথেষ্ট কম।

জেনেৰিক দৰৱৰ প্ৰচলন অৱশ্যে চিকিৎসকসকলৰো যথেষ্ট ভূমিকা আছে। তেওঁলোকে যদি ব্যৱস্থাপত্ৰত দামী ব্ৰেণ্ডেড দৰৱৰ নাম লিখে, তেতিয়া ৰোগীসকলে তেনে দৰৱ কিনিবলৈ বাধ্য যেন হৈ পৰে। আমেৰিকা যুক্তৰাষ্ট্ৰত এতিয়া চিকিৎসকৰ ব্যৱস্থাপত্ৰত লিখা ৮০ শতাংশ দৰৱেই জেনেৰিক দৰৱ। ভাৰতত তেনে পৰিসংখ্যা নাই যদিও ধাৰণা কৰা যায় যে এই মান যথেষ্ট কম। অৱশ্যে কৃতিস্বত্বৰ ম্যাদ উকলি নোযোৱা বহুবিধ দৰৱৰে এতিয়ালৈকে জেনেৰিক ৰূপ ওলোৱা নাই। আনহাতে কৃতিস্বত্বৰ ম্যাদ উকলাৰ পাছতো কিছুমান ব্ৰেণ্ডেড দৰৱৰ জেনেৰিক প্ৰকাৰ ওলোৱা নাই বাবে ব্ৰেণ্ডেড দৰৱসমূহেই চৰা দামত বিক্ৰী হৈ আছে।

ব্ৰেণ্ডেড দৰৱ

কোনো এটা দৰৱৰ বিকাশৰ বাবে বিজ্ঞানীৰ একোটা দলে যথেষ্ট শ্ৰম, সময় খৰচ কৰিব লাগে। লগতে পৃষ্ঠপোষক প্ৰতিষ্ঠানটোৰ খা-খৰচটো আছেই। এটা ব্ৰেণ্ড নামৰ দৰৱৰ কৃতিস্বত্ব লাভ কৰিবৰ বাবে অন্ততঃ ১০-১৫ বছৰৰ গৱেষণা, পৰীক্ষা-নিৰীক্ষা আদিৰ প্ৰয়োজন। দৰৱবিধে কাম কৰিব বুলি নিশ্চিত হোৱাৰ পাছত সেই দৰৱ কিছুমান বিশেষ প্ৰাণী বা জন্তুৰ ওপৰত প্ৰয়োগ কৰিব লাগে। তাৰ ফলাফল ইতিবাচক হোৱাৰ পাছত এইবাৰ পৰীক্ষা কৰিব লাগে স্বেচ্ছাই আগবাঢ়ি অহা কোনো ৰোগী বা মানুহৰ ওপৰত। তেওঁলোকৰ ক্ষেত্ৰত দৰৱে কাম কৰিছে বুলি প্ৰমাণিত হ’লেও সেই দৰৱ কিমান নিৰাপদ বা তাৰ কিবা নেতিবাচক পাৰ্শ্বক্ৰিয়া আছে নেকি, সেই সম্পৰ্কেও নিশ্চিত হ’ব লাগিব। ইমানখিনিৰ পাছতহে কৰ্তৃত্বসম্পন্ন কৰ্তৃপক্ষৰ পৰা অনুমতি পোৱাটো সম্ভৱ। তাৰ পাছত সেই দৰৱ উৎপাদনৰ বাবে ফেক্টৰী স্থাপন কৰিব লাগিব আৰু তাত দৰৱৰ উৎপাদন, পেকেজিং আদি হ’ব লাগিব। বিপণন বিভাগে বজাৰত সেয়া উলিয়াই দিব লাগিব।

দৰৱটোৱে সংশ্লিষ্ট কৰ্তৃপক্ষৰ পৰা অনুমোদন পালে তাৰ বিকাশ, উৎপাদনৰ লগত জড়িত কোম্পানীটোৱে এক কৃতিস্বত্ব লাভ কৰে। তাৰ জৰিয়তে কেৱল সেই প্ৰতিষ্ঠানটোৱে দৰৱবিধৰ উৎপাদন আৰু বিপণনৰ অনুমতি অৰ্জন কৰে। অৰ্থাৎ সেই প্ৰতিষ্ঠানৰ বাহিৰে আন কোনেও দৰৱবিধ উৎপাদন কৰি বজাৰত মেলি দিব নোৱাৰে। তেনেকৈয়ে এবিধ ব্ৰেণ্ডেড দৰৱৰ সৃষ্টি হয়।

জেনেৰিক দৰৱৰ প্ৰৱেশ

ব্ৰেণ্ডেড দৰৱৰ বিকাশ তথা উৎপাদন কৰা প্ৰতিষ্ঠানটোৱে যি কৃতিস্বত্ব লাভ কৰে, সেই কৃতিস্বত্ব অনিৰ্দিষ্ট কালৰ বাবে নহয়। নিৰ্দিষ্ট সময়ৰ মূৰত সেই কৃতিস্বত্বৰ ম্যাদ উকলি যায় আৰু আন প্ৰতিষ্ঠানেও তেতিয়া সেই দৰৱ উৎপাদন কৰিব পাৰে। ব্ৰেণ্ড নামৰ গৰাকীৰ উপৰি আন প্ৰতিষ্ঠানে উৎপাদন আৰু বিপণন কৰা সেই দৰৱবিধক তেতিয়া কোৱা হয় জেনেৰিক দৰৱ বা সেই দৰৱৰ জেনেৰিক প্ৰকাৰ।

কোনো দৰৱৰ জেনেৰিক ৰূপ প্ৰস্তুত কৰা আন প্ৰতিষ্ঠানে এই কথা প্ৰতিপন্ন কৰিব লাগিব যে তেওঁলোকে তৈয়াৰ কৰা দৰৱটো মূল ব্ৰেণ্ড দৰৱটোৰ সৈতে একে। এই ক্ষেত্ৰত ‘জৈৱসদৃশ’ শব্দটো ব্যৱহাৰ কৰা হয়। দুটা দৰৱ জৈৱসদৃশ হোৱাৰ অৰ্থ হ’ল এটা দৰৱ মূল দৰৱৰ সৈতে নিম্নোক্ত ক্ষেত্ৰত একে হ’ব লাগিবঃ

  • ই একে আকাৰত থাকিব লাগিব (টেবলেট, কেপছুল বা জুলীয়া)।
  • দুয়োবিধ দৰৱ একে ক্ষমতাৰ হ’ব লাগিব।
  • দুয়োবিধ দৰৱ একেই নিৰাপদ হ’ব লাগিব।
  • দুয়োবিধ দৰৱ সেৱন কৰা পদ্ধতি একে হ’ব লাগিব (মুখেৰে খোৱা, ইনজেকশ্যন দিয়া ইত্যাদি)।
  • দুয়োবিধ দৰৱৰ মান একে হ’ব লাগিব।
  • দৰৱটো কেনেকৈ দেহৰ ভিতৰৰ ৰক্তস্ৰোতৰ লগত মিলি যাব আৰু ই কেনেকৈ কাম কৰিব সেই পদ্ধতি একে হ’ব লাগিব।

এইকেইটা চৰ্ত পূৰণ কৰিলেহে এবিধ দৰৱে আন এবিধ মূল ব্ৰেণ্ডেড দৰৱৰ জেনেৰিক প্ৰকাৰ বুলি স্বীকৃতি লাভ কৰে।

যদি কিছুমান ক্ৰিয়াবিহীন উপাদান ব্ৰেণ্ডেড দৰৱত থাকে, তেন্ত সেই উপাদানবোৰ জেনেৰিক দৰৱত নাথাকিলেও হয়। জেনেৰিক দৰৱৰ ক্ষেত্ৰত মূল কথা হ’ল যে তেজত একে দ্ৰব্য প্ৰায় সমান পৰিমাণত যাব লাগিব। কেৱল উপাদানেই নহয়, জেনেৰিক দৰৱৰ উৎপাদন, পেকেজিং আৰু টেষ্টিং বিভাগো ব্ৰেণ্ডেড প্ৰতিষ্ঠানটোৰ সৈতে একে মানৰ হ’ব লাগিব। এইবোৰ সুবিধা পাবৰ বাবে এতিয়া কিছুমান জেনেৰিক দৰৱ, ব্ৰেণ্ডেড প্ৰতিষ্ঠানটোৱে ব্যৱহাৰ কৰা একে উৎপাদন গোটতে তৈয়াৰ কৰা হয়।

জেনেৰিক দৰৱৰ দাম কম কিয়?

জেনেৰিক দৰৱ প্ৰস্তুত কৰা প্ৰতিষ্ঠানটোৱে সেই বিশেষ দৰৱটোৰ গৱেষণা, উদ্ভাৱন, পৰীক্ষা-নিৰীক্ষা, অনুমোদন লোৱা আদি কোনো কামৰ বাবে একো অৰ্থ আদি খৰচ কৰিব নালাগে। আনে উলিয়াই যোৱা ফৰ্মূলা অনুসৰি সেয়া তৈয়াৰ কৰি গ’লেই হ’ল। কেৱল মাত্ৰ কেঁচামাল আৰু তৈয়াৰ কৰাৰ খৰচ। সেইবাবে জেনেৰিক দৰৱবোৰৰ দাম যথেষ্ট কম হয়। তদুপৰি কৃতিস্বত্বৰ ম্যাদ উকলি গ’লে কেইবাটাও প্ৰতিষ্ঠান একেলগে এই দৰৱৰ জেনেৰিক ৰূপ প্ৰস্তুত কৰাৰ বাবে আগবাঢ়ি আহে। সেই প্ৰতিষ্ঠানকেইটাৰ নিজৰ মাজতে আকৌ প্ৰতিযোগিতা হয়। সেই সুস্থ প্ৰতিযোগিতাৰ বাবে দৰৱৰ মূল্য অধিক কমি যোৱাৰ সম্ভাৱনা থাকে। তদুপৰি ব্ৰেণ্ড নামৰ বাবে কৰিবলগীয়া খৰচো জেনেৰিক দৰৱত নাথাকে।

জেনেৰিক দৰৱৰ দাম ব্ৰেণ্ড নামৰ দৰৱতৈক বহু গুণে কম। কোনোবা কোম্পানীয়ে যদি তেওঁলোকৰ ব্ৰেণ্ডেড দৰৱ বেছি লাভৰ বাবে অত্যধিক দামত বিক্ৰী কৰি আছিল, তেতিয়া আনকি তাৰ জেনেৰিক প্ৰকাৰৰ দাম অবিশ্বাস্যভাৱে কম হ’ব পাৰে।

জেনেৰিক দৰৱবোৰ মূল দৰৱৰ দৰেই ক্ৰিয়াশীল আৰু নিৰাপদ নে?

ইয়াৰ উত্তৰ হ’ল সাধৰণতে হয়। যি প্ৰতিষ্ঠানে জেনেৰিক দৰৱ উৎপাদন কৰিছে, তেওঁলোকে এই কাম কৰাৰ আগতে এটা কথা সন্দেহাতীতভাৱে প্ৰমাণ কৰিবই লাগে যে তেওঁলোকৰ জেনেৰিক দৰৱবোৰ মূল ব্ৰেণ্ডেড দৰৱৰ দৰেই ক্ৰিয়াশীল আৰু নিৰাপদ। এতিয়ালৈকে বহুকেইটা পৰীক্ষা চলোৱাৰ হৈছে তাৰ কোনো এটাতো ব্ৰেণ্ড নামৰ দৰৱে জেনেৰিক দৰৱতকৈ বেছি ভালকৈ কাম কৰাৰ প্ৰমাণ পোৱা হোৱা নাই।

সাধাৰণতে জেনেৰিক দৰৱবোৰ মূল দৰৱৰ লগত ৮০%-১২৫% জৈৱসদৃশ হ’ব লাগে। উদাহৰণস্বৰূপে যদি কোনো মূল দৰৱৰ ১০০ মিলিগ্ৰাম তেজত প্ৰৱেশ কৰে, তেন্তে তাৰ জেনেটিক ৰূপৰ দৰৱৰ ৮০ ৰ পৰা ১২৫ মিলিগ্ৰাম তেজত প্ৰৱেশ কৰিব লাগিব। পাছে তাৰ ক্ৰিয়া একেই হ’ব লাগিব।

কিছু অগতানুগতিক পৰিস্থিতি

কিছুমান দৰৱ ৰক্তত সোমোৱাৰ পৰিসীমা সামান্য ব্যৱধানত থাকিব লাগে। এই ঠেক পৰিসীমাক ‘নেৰ’ থেৰাপিউটিক উইণ্ড’ বুলি কোৱা হয়। ইয়াৰ অৰ্থ হ’ল য়ে পৰিমাণ অলপ কম-বেছি হ’লেই দৰৱৰ ক্ৰিয়াত যথেষ্ট প্ৰভাৱ পৰিব পাৰে। নিৰ্দিষ্ট পৰিসীমাৰ তলত থাকিলে দৰৱৰ ক্ৰিয়া আশা কৰা মতে নহ’ব পাৰে। আনহাতে পৰিসীমাতকৈ বেছি হ’লে দৰৱটোৱে নেতিবাচক ক্ৰিয়া কৰিব পাৰে। এনে ক্ষেত্ৰত দৰৱৰ পৰিমাণ সেই সঠিক পৰিসীমাত থাকিব লাগে।

কেতিয়াবা কিছু অগতানুগতিক পৰিস্থিতিৰো সৃষ্টি হ’ব পাৰে। ধৰা হওক এজন মানুহে ৮০% জৈৱসদৃশ এক জেনেৰিক দৰৱ কিনিলে। তাত পাছে সেয়া জেনেৰিক দৰৱ বুলিহে লিখা থাকিব, সেয়া কিমান শতাংশ জৈৱসদৃশ সেয়া লিখা নাথাকে। পাছৰবাৰ সেই একে দৰৱ কিনোতে আগৰ দৰৱটো নথকাত ফাৰ্মাচিষ্টে তেওঁক আন এবিধ জেনেৰিক দৰৱ দিলে, যিটো মূল দৰৱৰ ১২৫% জৈৱসদৃশ। গতিকে ৰোগীয়ে একে দৰৱ বুলি সেৱন কৰিলেও তাত ৪৫% ব্যৱধান থাকিব, যি আশা কৰা মতে ফল নিদিবও পাৰে। অৱশ্যে এনে সংবেদী বা ছেনছিটিভ দৰৱৰ সংখ্যা  নিচেই কম। তথাপি এনে ঘটনাও নঘটিবৰ বাবে জেনেৰিক দৰৱৰ নিয়মত কিছু সংশোধনী অনাৰ কথা ভবা হৈছে।

কোনো এক ব্ৰেণ্ডেড দৰৱৰ জেনেৰিক প্ৰকাৰ কেইবাবিধো থাকিলেও এবাৰত এটা দৰৱেই ব্যৱহাৰ কৰাটো উচিত। ফাৰ্মাচিষ্টকো সেই মতে ঔষধ দিবলৈ ক’ব লাগে।

জেনেৰিক দৰৱ আৰু মূল ব্ৰেণ্ডেড দৰৱ একে হ’লেও কেতিয়াবা দেখাত বেলেগ হয় কিয়?

জেনেৰিক দৰৱ আৰু মূল ব্ৰেণ্ডেড দৰৱ কেতিয়াবা দেখাত বা সোৱাদত বেলেগ হ’ব পাৰে। অৱশ্যে এই কথাত বিশেষ গুৰুত্ব দিব নালাগে। কাৰণ তাৰ ক্ৰিয়া একেই থাকে। আমেৰিকা যুক্তৰাষ্ট্ৰত আনকি এখন আইনেই আছে যে মূল দৰৱ আৰু জেনেৰিক দৰৱ দেখাত বেলেগ হ’ব লাগিব। মানে তেতিয়াহে পাৰ্থক্যটো স্পষ্ট হ’ব। জেনেৰিক দৰৱ প্ৰস্তুতকাৰী প্ৰতিষ্ঠানসমূহে তেওঁলোকৰ দৰৱৰ ৰং আৰু সোৱাদ বেলেগ কৰিব পাৰে বা ব্ৰেণ্ডেড প্ৰতিষ্ঠানে ব্যৱহাৰ কৰা কিছু অতিৰিক্ত দ্ৰব্য ব্যৱহাৰ নকৰিবও পাৰে। অৱশ্যে এই ক্ষেত্ৰত ক্ৰিয়া একেই হ’ব লাগিব বা নেতিবাচক পাৰ্শ্বক্ৰিয়া একো থাকিব নালাগিব।

সকলো দৰৱৰে জেনেৰিক প্ৰকাৰ বা ৰূপ নাথাকিব পাৰে। আমি বিচৰা দৰৱৰ কিবা জেনেৰিক প্ৰকাৰ আছে নেকি সেয়া ফাৰ্মাচিষ্টক সুধিলেই হ’ল। পাছে ফাৰ্মাচিষ্টেও কেতিয়াবা খবৰ নাৰাখিব পাৰে বা ব্ৰেণ্ডেড দৰৱ বেছি দুপইচা অধিক লাভ অৰ্জন কৰাৰ বাবে সেই কথা নক’ব পাৰে। তেতিয়া চৰকাৰী ৱেবছাইটত সেয়া চাই ল’ব পৰা যায়।

ভাৰতত জেনেৰিক দৰৱ

ভাৰতৰ অধিকাংশ লোকেই দুখীয়া বাবে কম খৰচত জীৱনদায়িনী দৰৱসমূহ পোৱাটো বৰ প্ৰয়োজনীয় কথা। ভাৰত চৰকাৰে ‘নেশ্যনেল ফাৰ্মাচিউটিকেল প্ৰাইচিং অথৰিটী’ৰ জৰিয়তে দৰৱৰ দাম কমোৱাত গুৰুত্ব দি আহিছিল। আনহাতে এনে দৰৱৰ ক্ষেত্ৰত প্ৰযোজ্য কৰৰ পৰিমাণো কমাইছিল। এনেবোৰ কাৰ্যপ্ৰণালীৰ জৰিয়তে কিছুমান বহুল ব্যৱহৃত দৰৱৰ দাম আন ৰাষ্ট্ৰৰ তুলনাত ভাৰতত যথেষ্ট কম হ’লেও সেই দামো ভাৰতৰ যথেষ্টসংখ্যক দুখীয়া নাগৰিকে বলে নোৱাৰা বিধৰ আছিল। গতিকে সম্প্ৰতি ভাৰত চৰকাৰে জেনেৰিক দৰৱৰ উৎপাদন আৰু বিপণনৰ ক্ষেত্ৰত গুৰুত্ব দিবলৈ আৰম্ভ কৰিছে। ভাৰতৰ বিভিন্ন প্ৰতিষ্ঠানে এতিয়া কৃতিস্বত্বৰ ম্যাদ উকলি যোৱা বহুকেইবিধ ঔষধৰে জেনেৰিক দৰৱ প্ৰস্তুত কৰিবলৈ সক্ষম হৈছে। আগতে ব্ৰেণ্ডেড দৰৱ হিচাপে বিক্ৰী হৈ থাকোঁতে ব্ৰেণ্ড প্ৰমোশ্যন আৰু মাৰ্কেটিং খৰচৰ বাবে একেবিধ দৰৱৰে দাম যথেষ্ট বেছি আছিল। ২০০৮ চনৰ ২৫ নৱেম্বৰত চৰকাৰে অমৃতসৰৰ চৰকাৰী চিকিৎসালয়ত প্ৰথমখন জেনেৰিক ড্ৰাগ ষ্ট’ৰ খোলে। এতিয়া এনে জেনেৰিক ড্ৰাগ ষ্ট’ৰ ভাৰতৰ বহুকেইখন ঠাইতে আছে।

কম খৰচ একে কাম

২০১৫ চনৰ ভিতৰত কিছুমান বিখ্যাত দৰৱ কৃতিস্বত্বৰ বান্ধোনৰ পৰা ওলাই আহিব আৰু তাৰ পাছত সেইবোৰৰো জেনেৰিক প্ৰকাৰ বজাৰত কম মূল্যত উপলব্ধ হ’ব। ব্ৰেণ্ডেড দৰৱৰ পৰা জেনেৰিক প্ৰকাৰৰ দৰৱলৈ ‘ছিফট’ কৰোঁতে কিছু ৰোগীৰ দেহত কিছুমান পৰিৱৰ্তনে দেখা দিব পাৰে। পাছে তেনে পৰিৱৰ্তনৰ মূল কাৰণ মানসিক হোৱাৰ সম্ভানাই অধিক।

যদি কোনো ৰোগীয়ে বিশেষকৈ প্ৰথমবাৰ দৰৱ সেৱন কৰাৰ ক্ষেত্ৰত এনেয়ে এগালমান টকা খৰচ কৰিব নোখোজে বা খৰচ কৰিব নোৱাৰে, তেন্ত তেওঁ জেনেৰিক দৰৱ ব্যৱহাৰ কৰাই উচিত। ই ব্ৰেণ্ডেড দৰৱৰ দৰেই ক্ৰিয়াশীল আৰু নিৰাপদ।

লিখকঃ অভিজিত শৰ্মা বৰুৱা, দৈনিক জনমভূমি

English Summary: What is Generic Medicine
Published on: 01 March 2019, 06:07 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now