Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 26 April, 2021 2:51 PM IST
Low cholesterol levels foods

    কলেষ্টৰল বৃদ্ধি হোৱা আজিকালি প্ৰায়ভাগ মানুহৰে এটি স্বাস্থ্য জনিত সমস্যা। কলেষ্টৰল বৃদ্ধিৰ ফলত হোৱা জটিলতা সমূহো বহুতো লোকৰ মাজত দেখা যায়।কবলৈ গলে শৰীৰত কলেষ্টৰল বৃদ্ধি বৰ্তমান সময়ত এক বৃহৎ সমস্যা ৰূপে আমাৰ মাজত থিয় দিছেহি।

     আহকচোন আজিৰ এই লেখাৰ জৰিয়তে কলেষ্টৰলনো কি, আমাৰ শৰীৰত কলেষ্টৰল বাঢ়িলে কেনেকুৱা সমস্যা হব পাৰে, ইয়াৰ পৰা হাত সাৰি থকাৰ উপায় কি আদি বিষয়ে কিছু কথা জানি লওঁ -

কলেষ্টৰল কি?  

   কলেষ্টৰলৰ বিষয়ে কবলৈ যাওঁতে আমি প্ৰথমে জানিব লাগিব কলেষ্টৰল নো কি? সহজ ভাষাত কবলৈ গলে কলেষ্টৰল হৈছে আমাৰ শৰীৰত থকা এবিধ মম সদৃশ, চৰ্বি জাতীয় দ্ৰব্য। কিন্তু ইয়াক পোনপটীয়াকৈ চৰ্বি বা ফেট বুলি কব নোৱাৰি। কলেষ্টৰল আমাৰ শৰীৰৰ কোষ সমূহত পোৱা যায় । স্বাস্থ্যৱান কোষ নিৰ্মাণ কৰিবলৈও শৰীৰত কলেষ্টৰলৰ প্ৰয়োজন হয়। আমাৰ বাবে প্ৰয়োজনীয় কেতবোৰ হৰ্মন, ভিটামিন ডি বা আহাৰ পাচন কৰিবলৈ প্ৰয়োজনীয় কেতবোৰ এনজাইম প্ৰস্তুত কৰিবলৈ কলেষ্টৰলৰ আৱশ্যক হয়। আমাৰ যকৃত অৰ্থাৎ লিভাৰটোৱে আমাৰ শৰীৰৰ বাবে আৱশ্যকীয় পৰিমাণৰ কলেষ্টৰল প্ৰস্তুত কৰি লয়। যিমান কলেষ্টৰল আমাৰ শৰীৰে নিজে প্ৰস্তুত কৰিব পাৰে সিমানখিনি কলেষ্টৰল আমি খোৱা খাদ্যৰ পৰা নাপাওঁ। তথাপিও মাংস, কণীৰ কুহুম, পনীৰ আদিৰ পৰা আমি কলেষ্টৰল পাব পাৰো।

কলেষ্টৰলৰ পৰিমাণ বৃদ্ধি হলে কি সমস্যা হব পাৰে?

    আমি ইমানখিনি বুজিলো যে নিয়মিত বা সীমিত পৰিমাণৰ কলেষ্টৰল আমাৰ শৰীৰৰ বাবে অত্যাৱশ্যকীয়। কিন্তু আমাৰ শৰীৰত যদি ইয়াৰ পৰিমাণ বাঢ়ি যায় তেতিয়া নানা ধৰণৰ স্বাস্থ্য জনিত সমস্যাৰ সৃষ্টি হব পাৰে বা কেতিয়াবা বিপদজনক পৰিস্থিতিৰো সৃষ্টি হব পাৰে। যেতিয়া তেজত কলেষ্টৰলৰ পৰিমাণ বাঢ়ি যায় তেতিয়া ই তেজৰ অইন দ্ৰব্যৰ লগত মিলিত হৈ ডাঠ হৈ পৰে। ইয়াক প্লাক (plaque) বুলি কোৱা হয়। এই প্লাক বোৰ শৰীৰৰ ধমনীত আঠা লাগি ধৰে। ফলত ধমনীৰ ৰাস্তা ঠেক হৈ পৰে। ফলত শৰীৰত সুচাৰুভাৱে তেজ প্ৰবাহিত হোৱাত বাধা প্ৰাপ্ত হয়। ইয়াৰ ফলত ৰক্তনলী বা ধমনীবোৰ ঠেক হৈ পৰে বা এটা সময়ত সম্পূৰ্ণৰূপে বন্ধ হৈ যাব পাৰে।

বিভিন্ন ধৰণৰ কলেষ্টৰেল DL, LDL আৰু VLDL

HDL মানে হৈছে High density lipoprotein. ইয়াক ভাল কলেষ্টৰল বুলিও কোৱা হয়। অৰ্থাৎ ই আমাৰ শৰীৰৰ বাবে উপকাৰী। HDL এ শৰীৰৰ অন্য স্থানৰ পৰা কলেষ্টৰল লিভাৰলৈ কঢ়িয়াই আনে আৰু লিভাৰে সেই অদৰকাৰী কলেষ্টৰল সমূহ শৰীৰৰ পৰা উলিয়াই দিয়ে।

LDL মানে হৈছে Low density lipoprotein. ইয়াক বেয়া কলেষ্টৰল বুলিও কোৱা হয় কাৰণ ই আমাৰ শৰীৰৰ বাবে উপকাৰী নহয়। এইবিধ কলেষ্টৰলে ধমনীত প্লাক সৃষ্টি কৰি ধমনীৰ ৰাস্তা ঠেক কৰি দিয়ে।

VLDL মানে হৈছে Very low density lipoprotein. ইয়াকো বেয়া কলেষ্টৰল বুলিয়েই কোৱা হয় কাৰণ ইয়ো ৰক্ত ধমনীত প্লাক সৃষ্টি কৰে। কিন্তু VLDL আৰু LDL ৰ মাজত থকা পাৰ্থক্যটো হ'ল এয়ে যে VLDLএ Triglycerides আৰু LDLএ কলেষ্টৰল কঢ়িয়াই আনে।

কলেষ্টৰল বৃদ্ধিৰ কাৰণ -

   বিভিন্ন কাৰণত আমাৰ শৰীৰত কলেষ্টৰলৰ মাত্ৰা বৃদ্ধি পাব পাৰে। কলেষ্টৰল বৃদ্ধিৰ অতি সাধাৰণ কাৰণ হল অস্বাস্থ্যকৰ আৰু আসোঁৱাহ পূৰ্ণ জীৱনশৈলী। আৰামযুক্ত জীৱন, শাৰীৰিক ব্যায়ামৰ অভাৱ, বেছি তেল মচলা যুক্ত খাদ্য গ্ৰহণ, ফাষ্ট ফুড, জাংক ফুড আদিৰ বেছি ব্যৱহাৰে শৰীৰত কলেষ্টৰল বৃদ্ধি হোৱাত অৰিহণা যোগায়। অতিমাত্ৰা চৰ্বি বা ফেটযুক্ত খাদ্য গ্ৰহণ, অতিমাত্ৰা মিঠা খাদ্য, বেক কৰা খাদ্য, বেছিকৈ দুগ্ধজাত খাদ্য গ্ৰহণ, বেছি তেলত ভজা খাদ্যই আমাৰ শৰীৰত বেয়া কলেষ্টৰল বৃদ্ধি কৰে।

শাৰীৰিক ব্যায়ামৰ অভাৱ- আলস্যতা, বেছিভাগ সময় শুই -বহি থকা, শাৰীৰিক ব্যায়াম নকৰা আদিৰ ফলত আমাৰ শৰীৰত HDLঅৰ্থাৎ ভাল কলেষ্টৰলৰ পৰিমাণ কমি যায়।

ধূমপান - ধূমপান কৰাটোও কলেষ্টৰল বৃদ্ধিৰ এটা মুখ্য কাৰণ। ধূমপান কৰাৰ ফলত শৰীৰত LDL বাঢ়ি যায় আৰু HDLৰ পৰিমাণ কমি যায়।

  বংশগত ভাবেও কিছুমানৰ কলেষ্টৰল বৃদ্ধি হোৱা দেখা যায়। চিকিৎসা জনিত কেতবোৰ কাৰণ আৰু কিছুমান বিশেষ ঔষধৰ পাৰ্শ্বক্ৰিয়াৰ ফলস্বৰূপেও তেজত কলেষ্টৰলৰ পৰিমাণ বাঢ়িব পাৰে।

কলেষ্টৰল বৃদ্ধিৰ অন্য কাৰক সমূহ -

বয়স- বয়সৰ লগে লগে কলেষ্টৰল বৃদ্ধিৰ সম্ভাৱনাই দেখা দিয়ে। চল্লিশ বছৰ বয়সৰ পাছত কলেষ্টৰল বাঢ়িব পাৰে। যিমানেই বয়স বাঢ়ি আহে সিমানেই লিভাৰৰ LDL অৰ্থাৎ বেয়া কলেষ্টৰল শৰীৰৰ পৰা উলিয়াই দিয়াৰ ক্ষমতা কমি আহে। বংশগত, খাদ্যভাস আদি বিভিন্ন কাৰণত শৈশৱ বা কৈশোৰ অৱস্থাতো কেতিয়াবা কলেষ্টৰলৰ পৰিমাণ বাঢ়িব পাৰে।

মেদবহুলতা বা ওজন বৃদ্ধি - সাধাৰণতকৈ বেছি ওজন বৃদ্ধি বা মেদবহুলতা কলেষ্টৰল বৃদ্ধিৰ কাৰণ হব পাৰে।

জাতিগতঃ- আফ্ৰিকা আৰু আমেৰিকাৰ লোকসকলৰ মাজত বেছিকৈ কলেষ্টৰল বৃদ্ধি হোৱা দেখা যায়।

 

কলেষ্টৰল বৃদ্ধিৰ ফলত কেনেকুৱা সমস্যা হব পাৰে -

   কলেষ্টৰল ধমনীত জমা হৈ প্লাক সৃষ্টি কৰে আৰু ধমনীৰ ৰাস্তা ঠেক বা বন্ধ হৈ যাব পাৰে কৈ অহা হৈছে। ইয়াৰ ফলত ষ্ট্ৰ'ক, হাৰ্ট এটেক, বা ধমনীৰ নানা ৰোগ হব পাৰে। সাধাৰণতে কলেষ্টৰল বৃদ্ধিৰ কোনো বিশেষ লক্ষণ শৰীৰত দেখা নাযায়। তেজ পৰীক্ষাৰ জৰিয়তে ইয়াৰ পৰিমাণ গম পাব পৰা যায়। চল্লিশ বছৰৰ পাছত বছৰত এবাৰ কলেষ্টৰলৰ পৰিমাণ চোৱাটো ভাল।

শৰীৰত কলেষ্টৰলৰ পৰিমাণ নিয়ন্ত্ৰিত কৰি ৰখাৰ উপায়-

শাৰীৰিক ব্যায়াম কৰক - দৈনিক কমেও আধা ঘণ্টা শাৰীৰিক ব্যায়ামে আপোনাক যথেষ্ট সক্ৰিয় কৰি ৰাখিব। গতিকে এলাহ বাদ দি সদায় নিজৰ বাবে অলপ সময় উলিয়াই ব্যায়াম কৰাৰ অভ্যাস কৰক। যোগ প্ৰাণয়াম আদিয়ে আপোনাক শাৰীৰিক তথা মানসিক ভাৱে প্ৰফুল্লিত কৰি ৰাখিব। খোজ কঢ়াটোও এবিধ খুব ভাল অভ্যাস। কম দূৰত্বৰ ৰাস্তাৰ বাবে গাড়ী ব্যৱহাৰ নকৰি খোজ কাঢ়ি যাওক। ঘৰুৱা কাম কাজ কৰক। এইবোৰে আপোনাৰ কলেষ্টৰল নিয়ন্ত্ৰিত কৰি ৰখাৰ উপৰিও আপোনাক সদা সক্ৰিয় কৰি ৰাখিব।

স্বাস্থ্য সন্মত আহাৰ গ্ৰহণ কৰক - কলেষ্টৰল নিয়ন্ত্ৰিত কৰি ৰাখিবলৈ সদায় কম তেল মচলাযুক্ত খাদ্য খাওক। অতিপাত ভজা পোৰা, ফাষ্ট ফুড, জাংক ফুড আদি পৰিহাৰ কৰক। মিঠাই, দুগ্ধজাত দ্ৰব্য আদি যিমান পাৰে কমকৈ খাওক। তাৰ সলনি সেউজীয়া শাক পাচলি, ফল মূল, চালাড আদি বেছিকৈ খাওক। খাদ্যত বেছি ফাইবাৰ অৰ্থাৎ আঁহ জাতীয় খাদ্য গ্ৰহণ কৰক। তিয়াই থোৱা বুট মগুত যথেষ্ট পৰিমাণেআঁহ জাতীয় দ্ৰব্য থাকে। ফলৰ ভিতৰত আঙুৰ, আপেল, আমলখি, কাঠ বাদাম অর্থাৎ এলমণ্ড, আখৰোট আদি উপকাৰী। নেমুটেঙা, কৰ্দৈ আদি টেঙা খাদ্য কলেষ্টৰলৰ বাবে উপকাৰী।ধূমপান বৰ্জন কৰাটো বাঞ্চনীয়।

   নিজৰ জীৱনশৈলী সলনি কৰক। ৰাতি বহুদেৰীলৈ জাগি থকাৰ পৰিবৰ্তে যিমান পাৰে সোনকালে শুবলৈ চেষ্টা কৰক আৰু ৰাতিপুৱা সোনকালে শোৱাপাটী এৰাৰ অভ্যাস কৰক। ওজন নিয়ন্ত্ৰিত কৰি ৰাখক আৰু যিমান পাৰি নিজকে মানসিক চাপমুক্ত কৰি ৰাখক। এইখিনি কথা মানি চলিলে আপুনিও নিশ্চয় কলেষ্টৰল নিয়ন্ত্ৰিত কৰি এটি সুস্থ জীৱন যাপন কৰিব পাৰিব।

ডাঃ বন্দনা শৰ্মা

English Summary: What is cholesterol and how to control increasing cholesterol levels
Published on: 26 April 2021, 11:39 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now