1. স্বাস্হ্য আৰু জীৱন

সু-স্বাস্থ্যৰ বাবে বাছনি কৰক এই ৫ বিধ পাচলি

KJ Staff
KJ Staff
Most Popular Vegetables
Most Popular Vegetables

সু-স্বাস্থ্যৰ বাবে খাদ্য পাচলি বাছনি কৰাতো অতি গুৰুত্বপূৰ্ণ । অৱশ্যে শেহতীয়া তথ্য অনুসৰি, বৰ্তমান আমাৰ মাজত ৫ বিধ পাচলিয়ে জনপ্ৰিয়তা লাভ কৰিছে । আপুনিও হয়তো এই পাঁচ বিধ পাচলি আহাৰৰ তালিকাত অন্তৰ্ভুক্ত কৰিছে । আমি এই প্ৰৱন্ধটিত উল্লেখ কৰিম এই পাঁচ বিধ আৰু ইয়াৰ স্বাস্থ্য উপকাৰিতাৰ বিষয়ে ।

এস্পাৰাগাছ(Asparagus)

জৰীপ অনুসৰি, এস্পাৰাগাছ হৈছে আমেৰিকাত সৰ্বাধিক জনপ্ৰিয় পাচলি । অন্যান্য ভিটামিন আৰু খনিজ পদাৰ্থৰ ভিতৰত এস্পাৰাগাছত ফলেট, লো, ফছফৰাছ, পটাছিয়াম, ভিটামিন-এ, ভিটামিন-চি, ভিটামিন-ই আৰু জিংক অধিক থাকে ।

মিঠা আলু(Sweet potatoes)

আটাইতকৈ জনপ্ৰিয় পাচলিৰ তালিকাত আছে  মিঠা আলু । মিঠা আলুয়ে শৰীৰিৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিত সহায় কৰে লগতে ভিটামিন আৰু খনিজ পদাৰ্থ ইয়াত প্ৰচুৰ পৰিমাণে আছে ।

পালেং(Spinach)

পালেং শাকক  সকলোৱে আহাৰৰ তালিকাত সৰ্বাধিক গুৰুত্ব দিয়া দেখা যায় । পালেং শাক হৈছে এক সূক্ষ্ম পাচলি ।  এই শাকত বহুতো স্বাস্থ্য উপকাৰিতা আছে। ই ৰক্তচাপ হ্ৰাস কৰাৰ লগতে হৃদৰোগৰ নিৰাময় কৰাতো সহায় কৰে । বয়স বাঢ়ি যোৱাৰ লগে লগে এই শাকে আপোনাৰ দৃষ্টিশক্তি সুৰক্ষিত কৰি ৰাখে ।

গাজৰ(Carrots)

গাজৰ হৈছে আমেৰিকাৰ দ্বিতীয় আটাইতকৈ জনপ্ৰিয় পাচলি । ভাৰতৰ নাগৰিক সকলৰ মাজতো এই পাচলি বিধ বহুল ভাৱে প্ৰচলিত । গাজৰে  আমাৰ বহুৰোগ নিৰাময় কৰাত সহায় কৰে ।

ব্ৰকলি(Broccoli)

বৰ্তমান সময়ত আটাইত জনপ্ৰিয়তা লাভ কৰিছে  এইবিধ পাচলিয়ে । ব্ৰকলিত বহুতো স্বাস্থ্য উপকাৰিতা আছে । ই শৰীৰক ভিটামিন-এ, বি-6, মেংগানিজ, ফোলেট, আৰু পটাছিয়ামসহ ভিটামিন আৰু খনিজ পদাৰ্থৰ যোগান ধৰে ।

লগতে পঢ়ক ঃ লাভজনক উৎপাদন বৃদ্ধিৰ বাবে কৰক মাহজাতীয় শস্যৰ খেতি

English Summary: Top 5 Most Popular Vegetables, According to New Data

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.