1. এগ্ৰিপেডিয়া

লাভজনক উৎপাদন বৃদ্ধিৰ বাবে কৰক মাহজাতীয় শস্যৰ খেতি

KJ Staff
KJ Staff
Tribal Farmers of Rajasthan in his field
Tribal Farmers of Rajasthan in his field

ভাৰতবৰ্ষৰ কৃষক সকলৰ দুৰ্দশা সকলো সময়তে আমি প্ৰত্যক্ষ কৰি আহিছো । তেওঁলোকৰ দুৰ্দশা সৰ্বকালৰ সৰ্বোচ্চ স্তৰত থাকে । এনে ক্ষেত্ৰত কৃষক সকলৰ উৎপাদন বৃদ্ধিৰ বাবে আটাইতকৈ প্ৰয়োজনী হৈ পৰিছে উপযুক্ত এক কৃষি প্ৰণালী আৰু যি প্ৰণালীয়ে মাটিৰ উৎপাদন ক্ষমতাও সকলো সময়তে অতুত ৰাখিব পাৰে ।

পৰম্পৰাগত কৃষি প্ৰণালীৰ ওপৰত গুৰুত্ব প্ৰদান কৰি এই প্ৰৱন্ধটিত ৰাজস্থানৰ জনজাতীয় এলেকাৰ কৃষি প্ৰণালীৰ বিষয়ে আলোচনা কৰা হৈছে । ৰাজ্যখনৰ জনজাতীয় এলেকাৰ লোকসকলে পৰম্পৰাগত ভাৱে এনে এটা কৃষি পদ্ধতি ব্যৱহাৰ কৰি আহিছে, যাৰ কৃষিৰ কৌশলবোৰ অধিক বহনক্ষম ।

ৰাজস্থানৰ জনজাতীয় লোক সকলে উৎপাদন বৃদ্ধিৰ বাবে মাহ জাতীয় শস্যৰ খেতিৰ ওপৰত অধিক অগ্ৰাধিকাৰ দি আহিছে । ৰাজ্যখনৰ জনজাতীয় লোক সকলে বছৰৰ ফেব্ৰুৱাৰীৰ পৰা মে' মাহৰ ভিতৰত মাহ জাতীয় শস্য ৰোপণ কৰা দেখা যায় । তেওঁলোকে  বিশ্বাস কৰে যে,  এই সময়ছোৱাত মাহ জাতীয় শস্যৰ খেতি কৰিলে কেৱল মাটিৰ উৰ্বৰতা ধৰি ৰখাই নহয়, ইয়াৰ দ্বাৰা লাভজনক উৎপাদন লাভ কৰিব পাৰি ।

ৰাজস্থানৰ জনজাতীয় কৃষকসকলে মুখ্যতঃ মাহজাতীয় শস্যৰ খেতি কৰে, কিয়নো এই শস্যবোৰে মানুহৰ পুষ্টিৰ প্ৰয়োজনীয়তা পূৰণ কৰাৰ লগতে সেই শস্যত প্ৰ'টিন অধিক থাকে । তদুপৰি শস্যৰ অৱশিষ্টবোৰ পশুৰ পশুখাদ্য হিচাপে ব্যৱহাৰ কৰি আহিছে ৰাজ্যখনৰ জনজাতীয় খেতিয়ক সকলে ।

এই শস্যৰ খেতিৰ বাবে জলসিঞ্চনৰ সুবিধা উপলব্ধ হোৱাতো অতি প্ৰয়োজন। তেওঁ লোকৰ হ্ৰস্বম্যাদী শস্যৰ বাবে বীজ ৰোপণ প্ৰক্ৰিয়া ফেব্ৰুৱাৰীত আৰম্ভ হয় আৰু মে' মাহৰ ভিতৰত অব্যাহত থাকে । বাৰিষা অহাৰ পিছত জুনত খৰিফ শস্য ৰোপণৰ বাবে ভূমি প্ৰস্তুত কৰে ।

ৰাজস্থানৰ জনজাতীয় খেতিয়ক সকলে এইধৰণৰ শস্যৰ খেতিৰ বাবে জলসিঞ্চনৰ সুবিধা আৰু যোগান নিশ্চিত কৰাৰ বাবে চৰকাৰৰ ওচৰত দাবী জনাই আহিছে । তদুপৰি তেওঁলোকে শস্য চপোৱাৰ সময়ত MSPত উৎপাদিত ফচল ক্ৰয় নিশ্চিত কৰাৰ ওপৰতো গুৰুত্ব দি আহিছে । এই সময় ছোৱাত খেতি কৰিবৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ উন্নত মানদণ্ডৰ বীজৰ যোগান নিশ্চিত কৰা ।

লগতে পঢ়কঃ আকৌ বৃদ্ধি পালে পেট্ৰ'ল-ডিজেলৰ মূল্য; ক'ত কিমান টকা হ'ল...

English Summary: To increase profitable production, cultivate pulses

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.