1. স্বাস্হ্য আৰু জীৱন

জালুকৰ লাভালাভ: এই আশ্চৰ্যকৰ মচলা ব্যৱহাৰ কৰাৰ জানক ১৩ টা কাৰণ-

KJ Staff
KJ Staff
জালুকৰ স্বাস্হ্য উপকাৰিতা
জালুকৰ স্বাস্হ্য উপকাৰিতা

ক'লা জালুক হৈছে সমগ্ৰ পৃথিৱীৰ সৰ্বাধিক ব্যৱহৃত মচলাবোৰৰ ভিতৰত এটা। ভাৰতত, ইয়াক বিভিন্ন নামেৰে জনা যায় যেনে অসমীয়াত জালুক, তেলেগুত নালা মিৰিয়ালু, তামিলত কাৰুমিলাকু আৰু কানাড়াত কেৰে মানচু। জালুক হৈছে এক ফুলৰ দ্ৰাক্ষালতা, যাক ইয়াৰ ফলৰ বাবে খেতি কৰা হয়। বৈজ্ঞানিকভাৱে ক'লা জালুকক পাইপাৰ নিগ্ৰাম বুলি কোৱা হয়। যেতিয়া এই দ্ৰাক্ষালতাৰ ফল শুকাই যায়, ইয়াক মচলা হিচাপে ব্যৱহাৰ কৰা হয়।

যদিও আমাৰ পাকঘৰত সততে জালুক ব্যৱহাৰ কৰা হয়, কিন্তু সকলোৱে হয়তো জ্ঞাত নহয় ইয়াৰ উপকাৰিতা সম্পৰ্কে। জালুকে সামগ্ৰিক স্বাস্থ্যৰ লগতে ছাল আৰু চুলিৰ ওপৰত বহুতো ইতিবাচক প্ৰভাৱ পেলায়। গতিকে আজিৰ এই প্ৰবন্ধটোত আলোচনা কৰিম জালুক খোৱাৰ স্বাস্হ্য উপকাৰিতা সম্পৰ্কে কিছু গুৰুত্বপূৰ্ণ কথা-

জালুকৰ লাভালাভ (Health Benefit of Black Pepper)

হজমত সহায় কৰে (Helps in Digestion)

  • জালুকে পাচন ৰস আৰু এনজাইম উদ্দীপিত কৰে, যাৰ ফলত হজম শক্তি উন্নত হয়।

  • ই পাচন শক্তিক অধিক প্ৰভাৱিত কৰে।

  • জালুকে অগ্ন্যাশয়ৰ এনজাইমৰ ওপৰত ইতিবাচক প্ৰভাৱ পেলায়, যাৰ ফলত সমগ্ৰ পাচন প্ৰক্ৰিয়াটো উন্নত হয়।

চৰ্দি-কাহৰ বাবে (For Cold-cough)

  • চৰ্দি আৰু কাহৰ বাবে প্ৰাচীন কালৰ পৰা জালুক ব্যৱহাৰ কৰা হৈছে।

  • ইয়াৰ এণ্টিবেক্টেৰিয়েল গুণ আছে, যি চৰ্দি আৰু কাহ উপশম কৰাত সহায় কৰে।

  • যদি আপুনি মৌত অলপ ক'লা জালুকৰ গুৰি মিহলি কৰে, আপুনি চৰ্দি আৰু কাহৰ পৰা সকাহ পাব পাৰে।

সংক্ৰমণ (Infection)

  • ইয়াত এণ্টিবেক্টেৰিয়েল উপাদান থাকে, যি আপোনাক সংক্ৰমণৰ পৰা সুৰক্ষিত কৰাত সহায় কৰে।

  • জালুকত থকা লাৰ্ভিচিডেল প্ৰভাৱে মহ-বাহিত সংক্ৰমণ বিয়পা প্ৰতিহত কৰাত সহায় কৰে।

জালুক
জালুক

কৰ্কট ৰোগ (Cancer)

  • জালুকত থকা পিপাইৰিনে কৰ্কট ৰোগৰ পৰা সুৰক্ষা দিয়াত সহায় কৰে।

  • পিপাইৰিনে আপোনাৰ অন্ত্ৰত বহুতো পুষ্টি শোষণ বৃদ্ধি কৰে, যেনে চেলেনিয়াম, কাৰকিউমিন, বিটা-কেৰোটিন, আৰু বি ভিটামিন।

  • এইবোৰ পুষ্টি যি অন্ত্ৰৰ স্বাস্থ্য আৰু কৰ্কট ৰোগ প্ৰতিৰোধৰ বাবে অত্যাৱশ্যকীয়

মুখৰ বাবে (For The Mouth)

  • ইয়াত থকা পাইপাইৰিনৰ এণ্টিবেক্টেৰিয়েল গুণাগুণে মুখৰ সংক্ৰমণ প্ৰতিহত কৰে।

  • ইয়াত প্ৰদাহ-প্ৰতিৰোধী গুণাগুণো আছে, যি জিঞ্জিভাইটিছৰ পৰা সকাহ দিয়ে।

  • যদি আপোনাৰ জিঞ্জিভাইটিছ আছে, ক'লা জালুকৰ গুৰিত অলপ নিমখ আৰু পানী যোগ দিয়ক আৰু এই পেষ্টেৰে মাড়িবোৰ লাহেকৈ মালিচ কৰক।

  • যদি আপোনাৰ দাঁতৰ বিষ হয়, তেন্তে লবঙ্গ তেলত জালুকৰ গুৰি মিহলি কৰক আৰু আপোনাৰ দাঁত মালিচ কৰিলে সকাহ পাব।

ওজন হ্ৰাস (Weight Management)

  • জালুকেও ওজন হ্ৰাস কৰাত সহায় কৰে।

  • জালুকত ফাইটোনিউট্ৰিয়েণ্ট থাকে, যি চৰ্বিকোষ বোৰ ভাঙি পেলায়।

  • ই বিপাক উন্নত কৰে।

গেষ্ট্ৰিক সমস্যা (Gastric problems)

  • ইয়াৰ কাৰ্মিনেটিভ গুণাগুণ আছে, যি গেছৰ সমস্যা উপশম কৰাত সহায় কৰে।

  • ই পেট ফুলা আৰু পেটৰ বিষতো কাৰ্যকৰী।

  • আপোনাৰ খাদ্যত জালুক খাব যদি আপোনাৰ গেছৰ দৰে সমস্যা আছে।

ভোক বৃদ্ধি (Increase Appetite)

  • জালুকৰ গোন্ধে ভোক বঢ়াবলৈ কাম কৰে।

  • আধা চামুচ জালুক আৰু গুড়ৰ গুৰি মিহলি কৰক আৰু ব্যৱহাৰ কৰক, যদি আপোনাৰ ভোকৰ সমস্যা আছে।

চাপ আৰু হতাশা (Stress and Depression)

  • ই চাপ আৰু হতাশাতো উপকাৰী প্ৰমাণিত হ'ব পাৰে।

  • ইয়াত পাইপাইৰাইন থাকে, যি চেৰোটনিন (এক মগজু-শান্ত ৰাসায়নিক) উৎপাদনত সহায় কৰে।

  • ই মগজুত বিটা-এণ্ডোৰ্ফিন বৃদ্ধি কৰে, যি প্ৰাকৃতিক বিষ নিৰাময়ক আৰু মেজাজ সংশোধনকাৰী হিচাপে কাম কৰে।

ডায়েবেটিচ আৰু ৰক্ত শৰ্কৰা (Diabetes and blood sugar)

  • ইয়াত এণ্টিঅক্সিডেণ্ট গুণ আছে, যি ৰক্ত শৰ্কৰাৰ স্তৰ সন্তুলিত কৰাত সহায় কৰিব পাৰে।

  • ই হাইপাৰগ্লাইচেমিয়া নিয়ন্ত্ৰণ কৰে, যি ডায়েবেটিচৰ চিকিৎসাত সহায় কৰে।

গাঁঠিৰ বিষ (Joint Pain)

  • যদি আপুনি গাঁঠিৰ বিষ বা আৰ্থ্ৰাইটিছৰ দৰে সমস্যাত ভুগি আছে, তেনেহ'লে ক'লা জালুক খোৱাটো আপোনাৰ বাবে উপকাৰী প্ৰমাণিত হ'ব পাৰে।

  • ইয়াৰ প্ৰদাহ-প্ৰতিৰোধী গুণাগুণ আছে, যি এই সমস্যাটো সকাহ দিয়াত সহায় কৰে।

মগজুৰ বাবে  (For the brain)

  • ই মস্তিষ্কৰ স্বাস্থ্যৰ বাবে উপকাৰী।

  • ইয়াত পাইপাইৰাইন থাকে, যি চেৰোটনিন ভাঙি যোৱা এনজাইমটো প্ৰতিৰোধ কৰাত সহায় কৰে।

  • ই স্মৃতিশক্তি বৃদ্ধি কৰাত সহায় কৰে।

ধূমপান ত্যাগ কৰাত সহায়(Help Quit Smoking)

  • জালুকে ধূমপান ত্যাগ কৰাত সহায় কৰিব পাৰে।

  • সেয়েহে ধূমপান কৰাৰ অভ্যাস থকা সকলে ইয়াক নিয়মীয়াকৈ গ্ৰহণ কৰিব লাগে।

লগতে পঢ়কঃ অমিতা খেতিৰ পৰা কেনেদৰে কৰিব অধিক উপাৰ্জন? শিকক এই প্ৰবন্ধত-

English Summary: Health Benefit of Black Pepper (1)

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.