1. স্বাস্হ্য আৰু জীৱন

ছাগলীৰ গাখীৰে কেনেদৰে প্ৰতিৰোধ ক্ষমতা বৃদ্ধি আৰু সুস্বাস্থ্য বজাই ৰখাত সহায় কৰে ? সবিশেষ জানক...

KJ Staff
KJ Staff
Goat Milk Can Help Boost Your Immunity and Good Health
Goat Milk Can Help Boost Your Immunity and Good Health

পূৰ্বপুৰুষৰ সময়ৰ পৰাই আমাৰ সমাজত ছাগলী গাখীৰ বিভিন্ন ৰোগৰ ঔষধ হিচাপে ব্যৱহাৰ কৰি অহা হৈছে ।  চিকিৎসকসকলৰ মতেও ছাগলীৰ গাখীৰত বিভিন্ন ৰোগ নিৰাময়ৰ ক্ষমতা আছে । আয়ুৰ্বেদৰ পৰামৰ্শ মতে ছাগলী গাখীৰে মানুহৰ শ্বাস-প্ৰশ্বাসৰ সমস্যা দূৰ কৰাত সহায় কৰে ।

কেৱল সেয়াই নহয়, আপোনাৰ দেহত ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিতো সহায় কৰে ছাগলীৰ গাখীৰে । আমি আজি এই প্ৰৱন্ধটিত আলোচনা কৰিছো ছাগলী গাখীৰৰ কেইটামান স্বাস্থ্য উপকাৰিতাৰ বিষয়ে ।

  • কোভিড-19 মহামাৰীৰ পিছৰে পৰা প্ৰতিগৰাকী লোকেই দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিত গুৰুত্ব প্ৰদান কৰাৰ লগতে ইয়াৰ উপায় বিচাৰি আছে । গতিকে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ বাবে আপুনি খাব পাৰে ছাগলী গাখীৰ ।  ছাগলীৰ গাখীৰত যথেষ্ট পৰিমাণে চেলেনিয়াম(selenium) থাকে, যি ৰোগ সংক্ৰমণ প্ৰতিৰোধ কৰি আপোনাক স্বাস্থ্যৱান হৈ থকাত সহায় কৰে।
  • ছাগলীৰ গাখীৰত যথেষ্ট পৰিমাণৰ কেলচিয়াম অন্তৰ্ভুক্ত হৈ থাকে, যি হৃদযন্ত্ৰৰ বাবে অতি উপকাৰী। যদি আমি নিয়মীয়াকৈ ছাগলীৰ গাখীৰ খাওঁ, ই ৰক্ত সঞ্চালন উন্নত কৰাৰ লগতে ষ্ট্ৰোকৰ(stroke)আশংকা হ্ৰাস কৰা, ৰক্তচাপ নিয়ন্ত্ৰণ কৰা, আৰু প্ৰদাহজনক ৰক্ত নলীৰ ৰোগ নিৰাময় কৰাত সহায় কৰিব পাৰে। ছাগলীৰ গাখীৰত গৰুৰ গাখীৰতকৈ কম কলেষ্টেৰল থাকে ।
  • গৰুৰ গাখীৰতকৈ ছাগলীৰ গাখীৰ সহজে হজম হয় । ইয়াত প্ৰ'বায়োটিকৰ পৰিমাণো অধিক, যি আপোনাৰ অন্ত্ৰৰ বাবে সহায়ক আৰু আপোনাৰ পাচন তন্ত্ৰ  উন্নত অৱস্থাত ৰাখে ।
  • ছাগলীৰ গাখীৰত এ2-বিটা-কেচিন আৰু এমিনো এচিড ইচেঞ্চিয়া থাকে, যি অগ্ন্যাশয়ত ইনচুলিন সৃষ্টি কৰে । গতিকে ছাগলী গাখীৰ  ডায়েবেটিছ থকা ৰোগীৰ বাবে অতি উপকাৰী ।
  • ছাগলী গাখীৰে মানুহৰ ওজন হ্ৰাস কৰাত সহায় কৰে । ই মানুহৰ শাৰীৰিক শক্তি বৃদ্ধিতো অতি উপকাৰী । গতিকে আপুনি সুস্বাস্থ্য হৈ থাকিবলৈ ছাগলী খাব পাৰে ।
  • নৱজাতকৰ বাবে মাতৃদুগ্ধ হৈছে আটাইতকৈ স্বাস্থ্যকৰ আহাৰ । কিন্তু  শিশু এটি ডাঙৰ হৈ অহাৰ লগে লগে মাতৃ মাতৃদুগ্ধৰ যোগানো হ্ৰাস পায় । এনে ক্ষেত্ৰত বিকল্প হিচাপে আপুনি কেঁচুৱাটোৰ বাবে ছাগলী গাখীৰ ব্যৱহাৰ কৰিব পাৰে । কিয়নো এটি কেঁচুৱাৰ দৈহিক বৃদ্ধিত অতি পুষ্টিকৰ খাদ্যৰ প্ৰয়োজন হয় আৰু সেই অনুপাতে ছাগলীৰো অধিক পুষ্টিদায়ক ।
  • যদি কেঁচুৱাটোৰ বয়স 6 মাহ হয়, কেঁচুৱাটোৰ প্ৰয়োজনীয়তা অনুসৰি ছাগলীৰ গাখীৰ প্ৰদান কৰিব পাৰি । এগৰাকী মহিলাই যদি তেওঁৰ কেঁচুৱাৰ বাবে পৰ্যাপ্ত গাখীৰ প্ৰস্তুত কৰিব নোৱাৰে, তেন্তে  ছাগলীৰ গাখীৰ কেঁচুৱাটোৰ বাবে ব্যৱহাৰ কৰিব পাৰে ।

লগতে পঢ়কঃ কুকুৰা ফাৰ্ম স্থাপন কৰাৰ পৰিকল্পনা কৰিছে নেকি আপুনি? সবিশেষ পঢ়ক এই প্ৰবন্ধ-

English Summary: Goat Milk Can Help Boost Your Immunity and Good Health

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.