Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 28 January, 2021 4:07 PM IST
Tomato Tablet

বিলাহীয়ে আপোনাক সুৰক্ষিত কৰিব হৃদৰোগৰ পৰা। ইউনিভাৰ্ছিটী অব কেমব্ৰীজৰ বিজ্ঞানীসকলে বিলাহীৰ এই গুণৰ বাবেই এতিয়া পাচলিবিধক টেবলেটৰ ৰূপ দিছে। দক্ষিণ ইউৰোপত ফল-মূল, শাক-পাচলি আৰু জলফাইৰ তেলক নিয়মিত আহাৰ হিচাপে ব্যৱহাৰ কৰি হৃদৰোগ যথেষ্ট হাৰত কমাব পৰা বুলি দাবী কৰা হৈছে। এই আহাৰৰ মুখ্য উপাদানৰ এটা প্ৰধান অংগ হ’ল লাইক’পেন। এই প্ৰতিজাৰক হ’ল ভিটামিন ‘ই’ ত কৈ দহ গুণ অধিক শক্তিশালী, যি হৃদৰোগৰ সম্ভাৱনা লাঘৱ কৰাত প্ৰধান ভূমিকা পালন কৰে। এই লাইক’পেন প্ৰচুৰ পৰিমাণে পোৱা যায় বিলাহীত। বিলাহীৰ এই গুণাগুণ শক্তিশালী ৰূপত পোৱা যায় যেতিয়া ইয়াক পোনপটীয়াকৈ, জলফাই তেলৰ সৈতে খোৱা হয়। ৩৬ জন হৃদৰোগীৰ ক্ষেত্ৰত পৰীক্ষা কৰি বিলাহীৰ এই বিশেষ গুণাগুণ নিশ্চিত কৰা গৈছে। গৱেষকসকলে দেখিবলৈ পাইছে যে অতি কমেও সাত মিলিগ্ৰাম লাইক’পেন দৈনিক খোৱাৰ ফলত হৃদৰোগীৰ তেজৰ চলাচল স্বাভাৱিক হোৱাই নহয়, পূৰ্বৰ তুলনাত যথেষ্ট উন্নত হৈছে।

সাধাৰণতে হৃদৰোগীৰ তেজৰ চলাচল স্বাভাৱিক কৰিবলৈ যিবোৰ দৰব ব্যৱহাৰ কৰা হয়, সেইবোৰৰ তুলনাত লাইক’পেনে ৫৩ শতাংশতকৈও অধিক মাত্ৰাত ৰক্ত নলিকা প্ৰশস্ত কৰিবলৈ সক্ষম। শৰ্কৰা জমা হৈ তাৰ অন্তৰ্ভাগ সংকীৰ্ণ কৰাৰ ফলতেই বৃদ্ধি পায়। এডেনব্ৰুক হাস্পতালৰ ফাৰ্মাক’লজিষ্ট আৰু চিকিৎসক ডা: যোছেফ চেৰিয়ানৰ মতে ইতিমধ্যে কেইবাটাও গৱেষণাত এইটো প্ৰতিপন্ন হৈছে যে লাইক’পেন সমৃদ্ধ আহাৰ হৃদৰোগৰ বাবে অতিশয় উপকাৰী আৰু এই লাইক’পেন পোৱা যায় বিলাহীত। হৃদৰোগীৰ ৰক্ত নলিকাৰ কাৰ্যক্ষমতা বৃদ্ধি কৰাৰ ক্ষেত্ৰত লাইক’পেনে প্ৰধান ভূমিকা পালন কৰে। অৱশ্যে বিজ্ঞানীজনৰ মতে, দৈনিক এটাকৈ বিলাহীৰ টেবলেট খোৱাটোৱেই পৰ্য্যাপ্ত নহয়; বিলাহীৰ টেবলেটক হৃদৰোগৰ চিকিৎসাৰ বিকল্প বুলি ভবাটোও সঠিক নহয়। হৃদৰোগীয়ে নিজৰ নিয়মীয়া স্বাস্থ্য পৰীক্ষা বা ঔষধ সেৱন অব্যাহত ৰাখিব লাগিব। বিলাহীৰ টেবলেটে অতিৰিক্ত কাৰক হিচাপেহে কাম কৰিব।

 উৎস: দৈনিক অসম, 

English Summary: Tomato tablet for heart patients
Published on: 26 June 2019, 03:07 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now