1. স্বাস্হ্য আৰু জীৱন

Roselle: অনেক ঔষধি গুণেৰে ভৰপূৰ টেঙামৰা শাক

RAHUL ALI
RAHUL ALI
অনেক ঔষধি গুণেৰে ভৰপূৰ এই টেঙামৰা শাক
অনেক ঔষধি গুণেৰে ভৰপূৰ এই টেঙামৰা শাক

মিঠা, টেঙা, নিমখীয়া, তিতা, জ্বলা, কেঁহা আদি ছটা ৰস প্ৰধানকৈ আমাৰ খাদ্যত পোৱা যায়। এই ছটা ৰসৰ সোৱাদ আমাৰ জিভাখনে অনুভৱ কৰে। কোনোবাই মিঠা ভাল পায়,  কোনোবাই টেঙা ভাল পায় বা কোনোবাই হয়তো তিতাও ভাল পায়। তদুপৰি আমি ঋতু অনুসৰিও বিভিন্ন ঋতুত এই ছটা ৰস বিভিন্ন ধৰণেৰে সেৱন কৰো। এই ছটা ৰসৰ সুকীয়া সুকীয়া গুনো আছে।

পিছে টেঙা বুলিলেই সকলোৰে জিভাৰ পানী পৰে। বিশেষকৈ গৰম দিনকেইটাত আমি প্ৰধানকৈ টেঙা খাদ্যৰ প্ৰতি বেছি আগ্ৰহী হওঁ সেয়া লাগিলে নেমু, থেকেৰা,  টেঙামৰা বা অন্য টেঙায়ে হওক। প্ৰকৃতিৰ অনুপম সৃষ্টি এই টেঙামৰা গছ। বৈজ্ঞানিক নাম Hibiscus sabdariffa। আমাৰ ইয়াত ঠাইবিশেষে ইয়াৰ নাম বেলেগে বেলেগ হোৱা দেখা যায়। টেঙামৰাৰ পাত আৰু গুটি দুয়োটা আমি বিভিন্ন ব্যঞ্জনত ব্যৱহাৰ কৰো। অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন আমিষ, নিৰামিষ ব্যঞ্জনত টেঙামৰা পাত আৰু গুটিৰ ব্যৱহাৰ হোৱা দেখা যায়। টেঙামৰা পাত বা গুটি দি বনোৱা পাতল মচুৰ দাইল, গৰমত টেঙামৰা দি বনোৱা মাছৰ টেঙা আঞ্জাখনৰ সোৱাদ অপূৰ্ব। ইয়াৰ উপৰিও বিবিধ আমিষ,  নিৰামিষ ব্যঞ্জনত টেঙামৰা পাত আৰু গুটিৰ ব্যৱহাৰ হয়। টেঙামৰাৰ ৰঙা ৰঙা ধুনীয়া গুটিবোৰ দেখিলেই ভাল লাগে। টেঙামৰা গুটিবোৰ বিভিন্ন ব্যঞ্জনত ব্যৱহাৰ হোৱাৰ উপৰিও ইয়াৰ পৰা জাম, জেলী, আচাৰ আদিও বনোৱা হয়।

টেঙামৰা গুটিৰ পৰা প্ৰাকৃতিক ৰঙো নিষ্কাশন কৰা হয় বুলি জনা যায়। বহু ঠাইত টেঙামৰা পাত আৰু গুটি শুকুৱাই সংৰক্ষণ কৰি আবতৰত বিভিন্ন ব্যঞ্জন বনাই খোৱা হয়। কেৱল অসমতেই নহয় ভাৰতৰ অন্যান্য ৰাজ্য যেনে মহাৰাষ্ট্ৰ, অন্ধ্ৰপ্ৰদেশ আদিতো টেঙামৰা  ব্যৱহাৰ হয়। বিশ্বৰ আন আন দেশতো টেঙামৰা বিভিন্ন খাদ্যসম্ভাৰ আৰু চিকিৎসা পদ্ধতিত ব্যৱহাৰ হয়। সেইবোৰ দেশত বিভিন্ন শীতল পানীয়, ঔষধি চাহ আৰু অন্য বিভিন্ন ব্যঞ্জনত টেঙামৰা গুটি ব্যৱহাৰ হয় বুলি জনা যায়। তদুপৰি ইয়াৰ বিভিন্ন ঔষধি গুণৰ বাবে আমাৰ ইয়াতো বিভিন্ন ৰোগৰ বনৌষধি চিকিৎসাতো ইয়াৰ পাত আৰু গুটিৰ ব্যৱহাৰ হৈ আহিছে। কৌষ্ঠকাঠিন্য, পেচাবৰ বিভিন্ন সমস্যা, পেটৰ নানান ৰোগত টেঙামৰা পাত আৰু গুটি দুয়োবিধ উপকাৰী। গৰম দিনত হোৱা পেটৰ সমস্যাত টেঙামৰা পাত আৰু গুটি দুয়োটা বৰ উপকাৰী। মুঠৰ ওপৰত ক'বলৈ হলে টেঙা খাই ভালপোৱা সকলৰ বাবে টেঙামৰা এবিধ উপযোগী শাক। গৰম ঠাণ্ডা যিকোনো বতৰৰ বাবে উপযোগী টেঙামৰা নামৰ শাকবিধ।

পাত আৰু গুটি দুয়োটাই আমাৰ স্বাস্থ্যৰ বাবে উপকাৰী। টেঙামৰা গুটিত ভিটামিন চি, কেলচিয়াম, ফলেট, আইৰণ, পতাছিয়াম, এন্টিঅক্সিডেন্ট, ফ্লেভনয়ড আদি কেতবোৰ উপাদান প্ৰচুৰ পৰিমাণে পোৱা যায়। টেঙামৰা শাক আৰু গুটিৰ কেতবোৰ ঔষধি গুণাগুণ হৈছে-

🍀 এন্টিঅক্সিডেন্ট, ভিটামিন, খনিজ আদি বিভিন্ন অত্যাৱশ্যকীয় উপাদান থকাৰ বাবে টেঙামৰাই আমাৰ স্বাস্থ্য ৰক্ষাত যথেষ্ট সহায় কৰে।

🍀 লিভাৰৰ কাৰ্যক্ষমতা বৃদ্ধি কৰাত টেঙামৰা উপকাৰী। ফেটি লিভাৰ সমস্যা বা লিভাৰৰ আন সমস্যাত টেঙামৰা সুপথ্য। মাজে মাজে টেঙামৰা শাক খালে ভোক বৃদ্ধি হয় আৰু পেট পৰিষ্কাৰ থাকে। ই কৌষ্ঠকাঠিন্য সমস্যাত বৰ উপকাৰী। ইয়াৰ উপৰিও গৰমৰ দিনত হোৱা পেটৰ অসুখ, ডিচেণ্টাৰী আদি সমস্যাতো সুফল দিয়ে।

🍀উচ্চ ৰক্তচাপ, কলেষ্টৰল সমস্যাতো টেঙামৰা উপকাৰী। এনে সমস্যাত ভোগা ৰোগীৰ বাবে টেঙামৰা পাত, গুটি উত্তম পথ্য। পৃথিৱীৰ বহু দেশত টেঙামৰা গুটিৰ পৰা তৈয়াৰ কৰা চাহ ব্যৱহৃত হয়। এই চাহে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰাত সহায় কৰে বুলি জনা যায়।

টেঙামৰা গুটি
টেঙামৰা গুটি

🍀প্ৰচুৰ পৰিমাণে ভিটামিন চি থকাৰ বারে আমাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। বতৰ পৰিবৰ্তন হোৱাৰ সময়ত সমস্যা যেনে হোৱা কাহ, চৰ্দি আদিও প্ৰতিৰোধ কৰে। ভিটামিন চি থকাৰ বাবে কটা ঘাঁ আদি শুকুৱাত সহায়ো কৰে।

🍀 ই ডায়েবেটিচ ৰোগ ও প্ৰতিৰোধ কৰে বুলি জনা যায়। ইয়াৰ উপৰি ডায়েবেটিচ ৰোগীয়েও মাজে সময়ে টেঙামৰাৰ আঞ্জা সেৱন কৰিব পাৰে।

🍀 কেলচিয়াম, ভিটামিন চি থকাৰ বাবে দাঁত মজবুত কৰাত সহায় কৰে। সেয়েহে সৰু সৰু ল'ৰা ছোৱালীক পাৰিলে মাজে সময়ে টেঙামৰাৰ ব্যঞ্জন খুৱাব লাগে। দাঁতৰ বিভিন্ন সমস্যা উপশম কৰাত ই বৰ উপকাৰী।

🍀 টেঙামৰা পাতৰ আঞ্জা খালে প্ৰসাব পৰিষ্কাৰ হয়। গৰমৰ দিনত হোৱা প্ৰসাবৰ বিভিন্ন সমস্যা যেনে প্ৰসাব জ্বলাপোৰা কৰা, প্ৰসাব কঠিন হোৱা, প্ৰসাব খোলোচা নোহোৱা আদিত টেঙামৰা পাতৰ আঞ্জা খালে সুফল পোৱা যায়।

🍀 প্ৰাকৃতিক উপায়েৰে শৰীৰৰ শোধন কৰাটো টেঙামৰাই সহায় কৰে। ই শৰীৰৰ পৰা অলাগতিয়াল বৰ্জিত পদাৰ্থ নিষ্কাশন কৰি আমাৰ লিভাৰ, কিডনী পৰিস্কাৰ কৰে।

🍀 টেঙামৰা গুটিৰ সেৱনে বিপাকীয় ক্ৰিয়া(মেটাবলিজিম) দ্ৰুত কৰাতো সহায় কৰে। যাৰ ফলত দেহৰ অতিৰিক্ত ওজন নিয়ন্ত্ৰণ কৰাতো সহায় কৰে। মেদবহুলতা সমস্যাত ভোগা লোকে সঠিক খাদ্যাভ্যাস, শাৰীৰিক পৰিশ্ৰমৰ লগতে মাজে মাজে টেঙামৰাৰ দৰে খাদ্য সেৱন কৰিলে নিশ্চয় উপকৃত হ'ব।

🍀🍀🍀অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ খাদ্যাভ্যাস সদায়ে স্বাস্থ্যসন্মত। বতৰ অনুসৰি বিভিন্ন টেঙা টোকোচাৰ জুতি লোৱাটো আমাৰ বহুতৰে অভ্যাসত পৰিণত হৈছে। পৰম্পৰাগত থলুৱা ব্যঞ্জনত এনেবোৰ শাকৰ ব্যৱহাৰে আমাৰ খাদ্যসম্ভাৰ আৰু চহকী কৰি তুলিছে।আমাৰ স্বাস্থ্য ৰক্ষাত টেঙামৰাৰ দৰে এই থলুৱা শাকপাত বোৰ অতিকে উপকাৰী। বতৰ অনুসৰি এনেবোৰ থলুৱা খাদ্য গ্ৰহণ কৰি থাকিলে নিশ্চয় আমি বহু ৰোগৰ পৰা হাত সাৰি থাকিব পাৰিম।

লগতে পঢ়ক-ঔটেঙা, ঢেকীয়া আৰু পচলাৰ কথাৰে

ডাঃ ৰেইনী দেৱী (আয়ুৰ্বেদিক চিকিৎসক)

BAMS (GU)

গুৱাহাটী, 7399114617

English Summary: Roselle and its health benefit

Like this article?

Hey! I am RAHUL ALI. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.