1. স্বাস্হ্য আৰু জীৱন

আজিয়েই এই অভ্যাস ত্যাগ কৰক, নহ’লে সমস্যা দুগুণে বৃদ্ধি পাব

KJ Staff
KJ Staff
পানী  পি খাওঁতে সাৱধান
পানী পি খাওঁতে সাৱধান

পানী আমাৰ শৰীৰৰ বাবে অতি গুৰুত্বপূৰ্ণ আৰু পিয়াহ নিবাৰণৰ বাবে পানীতকৈ উত্তম বিকল্প আৰু নাই। সুস্বাস্থ্যৰ বাবে গোটেই দিনটো কমেও ৮ৰ পৰা ১০ গিলাচ পানী খাবলৈও বিশেষজ্ঞসকলে পৰামৰ্শ দিয়ে, কিন্তু আমি কেনেকৈ পানী খাওঁ সেয়াও অতি গুৰুত্বপূৰ্ণ। বেছিভাগ মানুহে থিয় হৈ পানী খায় বা বটলৰ পৰা পোনপটীয়াকৈ পানী খায়, কিন্তু থিয় হৈ পানী খোৱাটো স্বাস্থ্যৰ পক্ষে অতি ক্ষতিকাৰক হ’ব পাৰে। গতিকে আজি এই অভ্যাস ত্যাগ কৰাই ভাল। থিয় হৈ পানী খালে কি কি ৰোগৰ সন্মুখীন হ’ব পাৰে জানো আহক।

 ১. অক্সিজেন যোগানত প্ৰভাৱ পৰে-

আমি যেতিয়াই থিয় হৈ পানী খাওঁ তেতিয়াই শৰীৰে যি প্ৰয়োজনীয় পুষ্টি লাভ কৰিব লাগে, সেইখিনি নাপায়। ইয়াৰ বাহিৰেও খাদ্য আৰু বতাহৰ নলীত অক্সিজেন যোগান বন্ধ হৈ যায়। কেৱল হাওঁফাওঁতে নহয় হৃদযন্ত্ৰতো ইয়াৰ বেয়া প্ৰভাৱ পৰে। সেয়েহে থিয় হৈ পানী খালে পেটত পানীৰ পৰিমাণ বৃদ্ধি পায়, যাৰ ফলত পেটৰ তলৰ অংশত চাপৰ সৃষ্টি হয় আৰু এনে অৱস্থাত মানুহ হাৰ্নিয়াৰ বলি হয়।

 ২. মানসিক চাপ বৃদ্ধি পায়-

থিয় হৈ পানী খালে মানসিক চাপ বৃদ্ধি পায়। বিশ্বাস নকৰিলেও কিন্তু এই অভ্যাসটোও মানসিক চাপ বৃদ্ধিৰ আঁৰৰ অন্যতম মূল কাৰণ। বিশেষজ্ঞসকলৰ মতে থিয় হৈ পানী খোৱাটোৱে স্নায়ুতন্ত্ৰত প্ৰত্যক্ষ প্ৰভাৱ পেলায় আৰু এনে অৱস্থাত পুষ্টিকৰ উপাদানসমূহ সম্পূৰ্ণ অসাৰ হৈ পৰে। গতিকে এই অভ্যাসৰ বাবেই শৰীৰে মানসিক চাপৰ সন্মুখীন হ’বলগীয়া হয়।

লগতে পঢ়কঃ হালধিৰ বিভিন্ন ভেষজ গুণ তথা স্বাস্থ্য উপকাৰিতা

৩. গাঁঠিৰ বিষো ইয়াৰ কাৰণ-

বহুবাৰ আপুনি নিশ্চয় বয়োজ্যেষ্ঠসকলৰ পৰা শুনিছে যে থিয় হৈ পানী খালে আঁঠুত বিষ হয়। এই কথাটো একেবাৰে সত্য কাৰণ থিয় হৈ পানী খালে আঁঠুত হেঁচা পৰে, যাৰ বাবে বাতবিষৰ সমস্যাৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে।

৪. গাঁঠিৰ সমস্যা-

থিয় হৈ পানী খালে বাতবিষৰ কাৰণ হ’ব পাৰে। আচলতে থিয় হৈ পানী খোৱাৰ বাবে আপোনাৰ শৰীৰৰ মাজেৰে দ্ৰুতগতিত পানীৰ প্ৰবাহ গাঁঠিত জমা হৈ হাড় আৰু গাঁঠিৰ বাবে বিপদৰ সৃষ্টি কৰে। ইয়াৰ ফলত হাড়ৰ গাঁঠিৰ অংশত তৰল পদাৰ্থৰ অভাৱ ঘটে আৰু গাঁঠিৰ বিষৰ লগে লগে হাড়বোৰ দুৰ্বল হ’বলৈ ধৰে। যাৰ ফলত মানুহে বাতবিষৰ দৰে ৰোগৰ সন্মুখীন হ’বলগীয়া হয়।

 ৫. বৃক্কৰ প্ৰভাৱ-

থিয় হৈ পানী খোৱাৰ এই অভ্যাসে আপোনাৰ বৃক্কতো প্ৰত্যক্ষ প্ৰভাৱ পেলাব পাৰে। যেতিয়াই মানুহে থিয় হৈ পানী খায় তেতিয়াই পানী ফিল্টাৰ নকৰাকৈ পেটৰ তলৰ অংশৰ ফালে দ্ৰুতগতিত গতি কৰে আৰু পানীৰ অশুদ্ধিবোৰ পিত্তথলীত জমা হৈ পৰাৰ ফলত বৃক্কৰ বাবে অতি ক্ষতিকাৰক হৈ পৰে।

লগতে পঢ়ক- 

মন বেয়া লাগি থাকে নেকি? মানসিক প্ৰশান্তিৰ বাবে গঢ়ি তোলক এই অভ্যাস

English Summary: WATER DRINKING STYLE

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.