1. স্বাস্হ্য আৰু জীৱন

অসমীয়া খাদ্যাভ্যাসৰ অতি জনপ্ৰিয় পাচলি কল-পচলা

RAHUL ALI
RAHUL ALI
অসমীয়া খাদ্যাভ্যাসৰ অতি জনপ্ৰিয় পাচলি কল-পচলা
অসমীয়া খাদ্যাভ্যাসৰ অতি জনপ্ৰিয় পাচলি কল-পচলা

আমাৰ অসমীয়া খাদ্যাভ্যাসৰ অতি জনপ্ৰিয় পাচলি৷ আঞ্জা হিচাপে বা ভাজি হিচাপে খাবলৈ ব্যৱহাৰ কৰা কলৰ পুলিক পচলা বুলি কোৱা হয়। এসময়ত কেৱল গ্ৰাম্যাঞ্চলতে পাচলি হিচাপে ব্যৱহাৰ কৰা কলপচলা আজিকালি নগৰ–মহানগৰৰ বজাৰতো যথেষ্ট জনপ্রিয়। কলপচলা কেৱল সাধাৰণ আঞ্জাই নহয়, কলপচলা খালে দেহত জমা হোৱা ইউৰিক এছিড কমাই ৰাখে। ইয়াৰোপৰি কল পচলাই আমাৰ দেহৰ প্রয়োজনীয় বহুতো উপাদানৰ পৰিপূৰক

পৰিপূৰক। ইয়াত প্ৰচুৰ পৰিমাণে আঁহ আছে। ইয়াৰ উপৰিও ভিটামিন B6, পতাচিয়াম, আইৰণ আদি পোৱা যায়। ভীমকলৰ পচলা আইৰণ কমি যোৱা ৰোগীক খাবলৈ পৰামর্শ দিয়ে।

কল পচলা বহু ৰোগত উপকাৰী।ইয়াত প্ৰচুৰ পৰিমাণে আঁহ আছে। ইয়াৰ উপৰিও ভিটামিন B6, পটাচিয়াম, আইৰণ আদি পোৱা যায়।

  • প্ৰচুৰ পৰিমাণে আঁহ থকাৰ বাবে কোষ্ঠকাঠিন্যত সুফল পোৱা যায়।

  • আইৰণ, ভিটামিন B6 আদি থকাৰ বাবে ৰক্তহীনতা বা এনিমিয়া ৰোগত উপকাৰী

  • উচ্চ ৰক্তচাপত পচলা উপকাৰী। ই ৰক্তচাপ নিয়ন্ত্ৰণ কৰাত সহায় কৰে।

  • কলেষ্টৰল সমস্যাটো পচলা খালে সুফল পোৱা যায়।

  • পেটৰ চৰ্বি কমোৱাত পচলাই সহায় কৰে। সেয়েহে মাজে মাজে পচলা খাব লাগে।

  • মূত্ৰজনন (diuretic) হোৱাৰ বাবে পেচাবৰ বিভিন্ন সমস্যাত পচলা খালে সুফল পোৱা যায়। মূত্ৰনলীৰ সংক্ৰমণ (urinary tract infection)ত পচলা খালে সুফল পোৱা যায়।

  • পচলাই কিডনী স্টোন হোৱাত বাধা দিয়ে।

  • ইউৰিক এচিডৰ সমস্যাত ই খুবেই উপকাৰী। এই সমস্যাত ভোগা সকলে মাজে মাজে পচলা খাওক।

  • ডায়েবেটিচ ৰোগতো ই খুব উপকাৰী। ডায়েবেটিচ ৰোগীয়ে নিচিন্ত মনেৰে পচলা খাওক। ই ডায়েবেটিচ ৰোগৰ পৰা হোৱা অন্য সমস্যাও দূৰ কৰাত সহায় কৰে।

  • বডী দিতক্স বা শৰীৰৰ শোধন কৰাত পচলাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। কাৰণ শৰীৰত উৎপন্ন হোৱা অলাগতিয়াল বৰ্জ্য পদাৰ্থ সমূহ পেচাব, পাইখানাৰ যোগেদি শৰীৰৰ পৰা উলিয়াই দিয়াত ই সহায় কৰে।

  • লিভাৰৰ বিভিন্ন সমস্যাত পচলা উপকাৰী। বিশেষকৈ ফেটি লিভাৰ, জণ্ডিচত পচলা খালে উপকাৰ পোৱা যায়।

লগতে পঢ়ক- Natural Tea: প্ৰাকৃতিক চাহৰ উপকাৰীতা

English Summary: Health Benefit of Kol Posola

Like this article?

Hey! I am RAHUL ALI. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.