1. স্বাস্হ্য আৰু জীৱন

আপোনাৰো গোৰোহা ফাঁটে নেকি! তেতিয়াহ’লে এই লেখাটো পঢ়ক আৰু সমিধান পাওঁক

PANKAJ KHANIKAR
PANKAJ KHANIKAR
Cracked ankle
Cracked ankle

শীতকালত সন্মুখীন হোৱা এটা প্ৰধান সমস্যা হৈছে গোৰোহা ফঁটা। গোৰোহা ফঁটাটো কষ্টদায়ক লগতে পৰিস্থিতি সাপেক্ষে অস্বস্তিদায়ক আৰু ই কেতিয়াবা আত্মসন্মানতো আঘাত হানে।

কেতিয়াবা গোৰোহা ফঁটা ৰোগ ইমান ভয়াৱহ হয় যে ফাঁটবোৰৰ মাজেদি ৰক্তক্ষৰণ হয়। সাধাৰণতে শীতকালত গোৰোহা ফঁটাৰ মুলতে চিকিৎসক কয় যে আর্দ্রতাহীনতা বা পুষ্টিহীনতা, পৰিষ্কাৰ-পৰিচ্ছন্ন অভাৱ, শৰীৰৰ ওজন বৃদ্ধি, জোতা বা চেণ্ডেলৰ বাবেও গোৰোহা ফাঁটিব পাৰে।

লগতে পঢ়ক- 

পৰম্পৰাগত গো-পালনে অসমৰ কৃষিখণ্ডক ৫০ বছৰ পিছুৱাই ৰাখিছে

ইয়াৰ প্ৰতিকাৰ :

১। এটা চৰিয়াত কুহুমীয়া গৰম পানী লৈ তাত দুচামুচ নিমখ আৰু অলপ ছেপ্ মিহলাই ভৰিখন দহ মিনিট সময় জুবুৰিয়াই থ'ব লাগে।

২। এনে কৰাৰ ফলত গোৰোহাৰ ফাঁটত সোমাই থকা ধূলি-বালি, জীৱাণু আদি ওলাই পৰে আৰু গোৰোহাৰ ফঁটা হালবোৰ কোমল হয়।

২। তাৰ পাছত পৰিষ্কাৰ কাপোৰেৰে মচিব লাগে। দুই চামুচ মিঠাতেলত এক ইঞ্চি মম মিহলাই গৰম কৰি তৈয়াৰ কৰা মলম কুহুমীয়া অৱস্থাত লগাব লাগে। ডেৰ চামুচ ভেচলিনত এচামুচ বৰিক মিহলাই প্ৰস্তুত কৰা মিশ্ৰণ লগালেও সুফল পাব পাৰি।

৩। মৌ আৰু চালকুঁৱৰীৰ ৰসৰ মিশ্ৰণ লগালেও গোৰোহা ফঁটা সমস্যা ভাল হয়। কেষ্টৰ অইলৰ লগত হালধি গুড়ি ভালকৈ মিহলাই তুলাত লগাই দিনে দুবাৰকৈ লগাব লাগে। বিশ মিনিটমান পিছত গোৰোহাটো ভালদৰে ধুই ল'ব লাগে।

৪। ধূলি— বালিৰ পৰা ৰক্ষা পাবলৈ মোজা পিন্ধি থাকিব লাগে। কেঁচা গাখীৰৰ লগত পিঠাগুড়িৰ মিশ্ৰণ অথবা অথবা পকা কল ফেনেকি আক্রান্ত অংশত লেপন দি লাহে লাহে ১৫ মিনিটমান মালিচ কৰি তাৰ পিছত পানীৰে ধুই দিব লাগে।

৫। ৰাতি শোৱাৰ আগতে গোৰোহাত নাৰিকল তেল বা গ্লিচাৰিন সানিব লাগে। আনহাতে প্ৰচুৰ পৰিমাণে পানী খোৱাটো আৱশ্যক। এনেদৰে বিভিন্ন পদ্ধতি প্রয়োগ কৰি আমি শীতকালত গোৰোহাটো ফঁটাৰ পৰা বচাই ৰাখিব পাৰোঁ।

লগতে পঢ়ক- 

আজিয়েই এই অভ্যাস ত্যাগ কৰক, নহ’লে সমস্যা দুগুণে বৃদ্ধি পাব

English Summary: Winter Health Problem : Cracked ankle

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.