1. স্বাস্হ্য আৰু জীৱন

Lakadong Turmeric: ঔষধী গুণেৰে ভৰপূৰ মেঘালয়ৰ লাকাডং হালধি

Mrigakshi Phukan
Mrigakshi Phukan
Lakadong Turmeric
Lakadong Turmeric

লাকাডং হালধি হৈছে এক প্ৰকাৰৰ হালধি যাৰ খেতি মেঘালয়ৰ পাহাৰত কৰা হয়। ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ (আইচিএআৰ) প্ৰতিবেদন অনুসৰি ইয়াত বজাৰত পোৱা আন হালধিতকৈ ৭%  বেছি কাৰকিউমিন থাকে। ই ইয়াৰ উচ্চ কাৰকিউমিন সমলৰ বাবে বিখ্যাত।

মেঘালয়ৰ মনোৰম পশ্চিম জয়ন্তীয়া পাহাৰৰ লাকাডং উপত্যকা ইয়াৰ অনন্য হালধিৰ বাবে সুপৰিচিত। অনুকূল মাটি, উষ্ণতা আৰু পাৰিপাৰ্শ্বিক কাৰকৰ বাবে এই অঞ্চলৰ হালধিৰ এক অসাধাৰণ উচ্চ কাৰকিউমিন স্তৰ আছে।

উল্লেখ্য যে, কাৰকিউমিন হৈছে প্ৰাথমিকভাৱে হালধিত পোৱা এক হালধীয়া ৰঞ্জক। ই প্ৰদাহ-প্ৰতিৰোধী গুণাগুণ থকা এক পলিফেনল আৰু ইয়াৰ শৰীৰত এণ্টিঅক্সিডেণ্টৰ পৰিমাণ বৃদ্ধি কৰাৰ ক্ষমতা আছে।

হালধিতকৈ যথেষ্ট বেছি ক্ষমতা থকা পৰিপূৰক প্ৰস্তুত কৰিবলৈ কাৰকিউমিন আৰু হালধিত পোৱা কাৰকিউমিনইড আহৰণ কৰিব পাৰি। অৱশ্যে, কাৰকিউমিন যথেষ্ট লাহে লাহে হজম হয়, যাৰ বাবে ইয়াৰ জৈৱ উপলব্ধতা উন্নত কৰাৰ ক্ষেত্ৰত বিভিন্ন ফৰ্মুলেচন সৃষ্টি কৰা হৈছে।

অন্যান্য হালধিৰ প্ৰকাৰৰ বিপৰীতে, লাকাডং হালধি ইয়াৰ উচ্চ কাৰকিউমিন সমলৰ বাবে যথেষ্ট শক্তিশালী বুলি জনা যায়। এই হালধিৰ খেতিৰ ধৰণ আন হালধিতকৈ পৃথক। এই হালধিৰ খেতি ক'লা মাটিত কৰা হয়। তদুপৰি, এই হালধি খেতি কৰাৰ সময়ত কোনো সাৰ বা কীটনাশক ব্যৱহাৰ কৰা নহয়। গতিকে এই হালধিয যথেষ্ট পৰিষ্কাৰ।

লাকাডং হালধিক বিশ্বৰ সৰ্বশ্ৰেষ্ঠ হালধি বুলি কোৱা হয়৷ ২০২১ চনত নেডাৰলেণ্ড, ইংলেণ্ড আৰু আন বহুতো দেশকে ধৰি বিভিন্ন দেশলৈ লকাডং হালধি বৃহৎ পৰিমাণে ৰপ্তানি কৰা হয়৷
হালধিত থকা 'কাৰকিউমিন' পৰিমাণৰ বাবেই ইয়াৰ উপশমকাৰী গুণ ইমান বেছি। লাকাডং হালধিত কাৰকিউমিনৰ ঘনত্ব অন্যান্য প্ৰজাতিৰ হালধিতকৈ কমেও ৭% অধিক। ফলস্বৰূপে, ইয়াৰ স্বাস্থ্য ৰক্ষাৰ মান যথেষ্ট উচ্চ।

এই বিশেষ হালধি সমগ্ৰ দেশজুৰি সিঁচৰতি হৈ থকা মেঘালয়ৰ ৰাজ্যিক এম্পোৰিয়ামসমূহত পোৱা যায়। খেতিৰ ক্ষেত্ৰতো বিশেষ পদ্ধতি গ্ৰহণ কৰা হয়৷ পৰম্পৰা অনুসৰি খেতি কৰোঁতে কৃষকসকলে কোনো সময়তে সাৰ বা কীটনাশক ব্যৱহাৰ নকৰে৷ সেয়েহে, এই হালধি অধিক বিশুদ্ধ আৰু জৈৱিক৷ জয়ন্তীয়া পাহাৰৰ লাকাডং উপত্যকাৰ ক'লা মাটিত ইয়াৰ খেতি কৰা হয়৷ এই মাটি ইমানেই উৰ্বৰ যে ইয়াৰ বাবে আন কোনো ৰাসায়নিক পদাৰ্থৰ প্ৰয়োজন নহয়।

লাকাডং হালধি কেনেকৈ খাব?

এক চাহ চামুচ লাকাডং হালধিৰ ১/৪  অংশ লৈ, ইয়াক এটা কাপত ঢালি দিয়ক, আৰু তাৰ পিছত আপুনি কিমান মিঠা পছন্দ কৰে তাৰ ওপৰত নিৰ্ভৰ কৰি এক বা দুই চামুচ মৌ যোগ দিয়ক। তাৰ পাছত ইয়াত গৰম পানী যোগ দি আপোনাৰ ৰাতিপুৱাৰ আহাৰৰ অংশ হিচাপে লাকাডং হালধিৰ চাহ উপভোগ কৰিব পাৰে।

লগতে পঢ়কঃ Sikkim Large cardamom: মছলাৰ ৰাণী- ছিকিমৰ ডাঙৰ ইলাচী

(জৈৱিক কৃষিৰ সৈতে জড়িতসকলৰ বাবে সু-খবৰ। জৈৱিক কৃষিৰ সৰ্ব বৃহৎ বাণিজ্য মেলা অনুষ্ঠিত হ’ব গুৱাহাটীত। ছিকিম ষ্টেট কো-অপাৰেটিভ ছাপ্লাই এণ্ড মাৰ্কেটিং ফেডাৰেচন লিমিটেড (Sikkim State Cooperative Supply and Marketing Federation Ltd.) চমুকৈ ছিমফেড(SIMFED)এ অসম চৰকাৰৰ কৃষি বিভাগৰ সহযোগত এই মেলাৰ আয়োজন কৰিছে। ৩ ফেব্ৰুৱাৰীৰপৰা ৫ ফেব্ৰুৱাৰীলৈ আয়োজন কৰা এই বাণিজ্য মেলাত নলেজ পাৰ্টনাৰৰ ভূমিকা গ্ৰহণ কৰিব চিমফেডে।  জৈৱিক ফচলৰ খেতি কৰা কৃষক বা উৎপাদকৰ সৈতে উপভোক্তাৰ সম্পৰ্ক স্থাপনৰ উদ্দেশ্যে আয়োজন কৰা হৈছে এই মেলাৰ। এই বিষয়ে অধিক জানিবলৈ এই লিংকত ক্লিক কৰক- https://asomiya.krishijagran.com/news/indias-biggest-expo-on-organic-to-be-held-in-guwahati/

যদিহে আপুনি এই মেলাত যোগদান কৰিব বিচাৰে তেন্তে যোগাযোগ কৰক এই নম্বৰত- ৯৮৯১২২৩৩৪০)

ষ্টল বুকিঙৰ বাবে এই প্ৰ-পত্ৰ পূৰণ কৰকঃ  https://forms.gle/wcyMYJQN72Q6bdjb8

English Summary: Organic Lakadong turmeric of meghalaya

Like this article?

Hey! I am Mrigakshi Phukan. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.