1. স্বাস্হ্য আৰু জীৱন

এটোপালো তেল নিদিয়াকৈ কেঁচা হালধিৰে ৰান্ধক সুস্বাদু ছাগলীৰ মাংস

KJ Staff
KJ Staff
Mutton curry
Mutton curry

কি কি লাগিব:

ছাগলী মাংস ৫০০ গ্রাম, মাংসৰ চর্বি ৭৫ গ্রাম, কেঁচা হালধি ২০ গ্রাম, পিঁয়াজ ১০০ গ্রাম, আদা ১৫ গ্রাম, নহৰু ১৫ গ্রাম, কেঁচা জলকীয়া ৫–১০টামান, সিজোৱা আলু ৫০ গ্রাম, নিমখ সোৱাদ অনুযায়ী, পানী ৪০০ মিলি লিটাৰমান৷

পদ্ধতি:

মাংসখিনি জোখৰ টুকুৰা কৰি ভালদৰে ধুই টানকৈ চেপি ল’ব৷ মাংসৰ চর্বিখিনিও ধুই ল’ব৷ টুকুৰা কৰিব৷ কেঁচা হালধিৰ বাকলি আঁতৰাই ধুই ল’ব৷ পিঁয়াজৰ বাকলি আঁতৰাই ধুই টুকুৰা কৰিব৷

আদাৰ বাকলি আঁতৰাব৷ নহৰুও গুচাব৷ আদা, নহৰু আৰু কেঁচা হালধি মিহিকৈ বটি ল’ব৷ কেঁচা জলকীয়া ধুই ভাঙি ল’ব৷ এটা ডাঙৰ চৰিয়াত মাংস আৰু চর্বিখিনি ল’ব৷

আদা, নহৰু আৰু হালধি বটা মিলাই মথি মথি সানিব৷ কেইমিনিটমান সানি পিঁয়াজখিনি মিলাই পুনৰ ভালদৰে সানিব৷ ৩০–৪০ মিনিটমান টানকৈ ঢাকোন বন্ধ কৰি থ’ব৷ এখন ডাঠ কেৰাহীত ২০০ মিলিলিটাৰ পানী ঢালিব৷ পানী গৰম হ’লে মাংসখিনি কেৰাহীত দিব৷ নিমখ মিলাব৷ টানকৈ ঢাকনি বন্ধ কৰি ১৫ মিনিটমান সিজিবলৈ দিব৷ ঢাকন খুলি সময়ে সময়ে লৰাব৷ জলকীয়া মিলাব৷ যেতিয়া মাংসৰ পানী শুকাব আৰু মাংসখিনি প্রায় সিজি উঠিব, বাকী থকা পানীখিনি গৰম কৰি কেৰাহীত দিব৷ সিজোৱা আলুখিনি ভাঙি মাংসত মিলাব৷ যেতিয়া মাংস ভালদৰে সিজি উঠি পাগ উঠিব, জুই বন্ধ কৰিব৷ ধুনীয়াকৈ সজাই গৰমে গৰমে মাংসৰ জোলৰ জুতি লওক৷

লগতে পঢ়কঃ Komal Rice: নৰন্ধাকৈ খাব পৰা অসমৰ যাদুকৰী চাউল- কোমল চাউল

English Summary: Mutton recipe with raw turmeric, without oil

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.