চজনা গছক প্ৰায়ে অলৌকিক গছ বুলি কয় কিয়নো পাতবোৰ বহুতো পুষ্টি, এণ্টিঅক্সিডেণ্টেৰে ভৰ্তি আৰু সেইবোৰ প্ৰ'টিন, ভিটামিন আৰু খনিজ পদাৰ্থেৰে সমৃদ্ধ । চজনা গছ ভাৰতত যথেষ্ট পৰিমাণে পোৱা যায় আৰু অসমতো ই জনপ্রিয় ৷ ই এক ওখ গছ কিন্তু আপুনি ইয়াক আপোনাৰ বাৰীত ৰুব পাৰে ৷ ইয়াৰ গছৰ ফল বোৰ দীঘল দীঘল আৰু সৰু ৷ অসমীয়া থলুৱা খাদ্যত অতি জনপ্রিয় ৷ ইয়াক মাছৰ টেঙা বা তর্কাৰী হিচাপে ৰান্ধিলে সোৱাদযুক্ত হয় ৷ চজনা মানুৱ শৰীৰৰ বাবে স্বাস্থ্যকৰ খাদ্য হিচাপে পৰিগনিত হৈছে ৷ অলপতে ভাৰতে চজনাৰ পাতৰ পৰা তৈয়াৰ কৰা পাউডাৰ (Maringa Powder) আমেৰিকালৈ প্রায় দুই টন ৰপ্তানি কৰিছে ৷
চজনাৰ পাতত ভাল স্বাস্থ্যৰ বিকাশৰ বাবে আমাক নিয়মীয়াকৈ প্ৰয়োজন হোৱা প্ৰায় সকলো পুষ্টি থাকে। ইয়াত ভিটামিন, কেলচিয়াম, আইৰণ, প্ৰ'টিন, মেগনেছিয়াম, জিংক থাকে, আৰু কম চর্বি থাকে ৷ তাৰোপৰি ই আমাৰ শাৰীৰিক অঙ্গবোৰ স্বাস্থ্যৱান কৰি ৰখাত আৰু বিভিন্ন স্বাস্থ্যজনিত সমস্যা নিৰাময় কৰাত সহায় কৰে ।
চজনা পাতৰ উপকাৰিতা
-
চজনা পাত কৰ্কট ৰোগৰ চিকিৎসাত প্রয়োজন হয় আৰু যকৃতৰ স্বাস্থ্যৰ বাবেও যথেষ্ট উপকাৰী।
-
চজনা পাতত থকা কেলচিয়াম আৰু ফছফৰাছ আৰু প্ৰদাহ ৰোধী গুণে হাড়শক্তিশালী কৰাত আৰু হাপানী ৰোগীক সহায় কৰে।
-
চজনা পাতত থকা এণ্টি-অক্সিডেণ্টবোৰ হৃদযন্ত্ৰৰ বাবে উপযোগী আৰু সেয়েহে ই এক স্বাস্থ্যকৰ লিপিড আৰু কলেষ্টেৰল মাত্রা বজাই ৰখাত আৰু হৃদপিণ্ডৰ ক্ষতি প্ৰতিহত কৰাত সহায় কৰে।
-
চজনাই পুৰুষৰ ক্ষেত্ৰত যৌন ক্ষমতা আৰু যৌনজনিত ৰোগ সৃষ্টি কৰা চাপ হৰ'মন নিয়ন্ত্রণ কৰাত সহায় কৰে৷ চজনাত থকা ভিটামিনবোৰে যৌন প্ৰৰোচনাৰ বাবে অত্যাৱশ্যকীয় আৰু সেয়েহে, কিছুমান পুৰুষে ইয়াক তেওঁলোকৰ যৌন স্বাস্থ্য বৃদ্ধি কৰিবলৈ ইয়াক ঔষধ যেনে Viagra সৈতে ব্যৱহাৰ কৰে।
-
চজনা পাতৰ পাউডাৰ ডায়বেটিক ৰোগীৰ বাবে ভাল কিয়নো ই তেজত গ্লুকোজৰ পৰিমাণ হ্ৰাস কৰাত সহায় কৰে।
-
লগতে ই ধমনীবোৰ ডাঠ হোৱা প্ৰতিহত কৰে, যাৰ ফলত উচ্চ ৰক্তচাপ হ্ৰাস হয়।
-
চজনাই ৰেটিনাৰ ধমনীবোৰ প্রসাৰণ বন্ধ কৰি চকুৰ দৃষ্টি শক্তি বৃদ্ধি হোৱাত সহায় কৰে।
-
এনিমিয়াত মুখ্য ভূমিকা পালন কৰে – ই শৰীৰক অধিক আইৰণ গ্রহণ কৰাত সহায় কৰে সেয়েহে ৰঙা তেজৰ পৰিমান বৃদ্ধি হয়।
-
ই মানসিক চাপ আৰু দুশ্চিন্তা দুৰ কৰে ৷
-
ইয়াৰ এণ্টিবেক্টেৰিয়া আৰু ভেঁকুৰ প্ৰতিৰোধী গুণৰ বাবে ই হজমত সহায় কৰে লগতে কোষ্ঠকাঠিন্য আৰু গেষ্ট্রিক সমস্যাৰ চিকিৎসা কৰে।
-
চজনা পাতৰ ৰসে ছালৰ সমস্যাৰ ওপৰত এণ্টিচেপ্টিক হিচাপে কাম কৰে আৰু ঘা শুকাই যোৱাত সহায় কৰে।
-
স্তন্যধাৰণকাৰী মাতৃৰ বাবে ভাল কিয়নো ই গাখীৰৰ উৎপাদন বৃদ্ধি কৰাত সহায় কৰে।
লগতে পঢ়কঃ ধানখেৰৰ কাঠফুলাৰ (Mushroom Farming with Rice straw) খেতি কেনেকৈ কৰিব ?