প্ৰকৃতিৰ ঔষধি গুণযুক্ত দ্ৰব্যসমূহৰ ভিতৰত সবাতোকৈ বেছি অধ্যয়ন আৰু পৰীক্ষা-নিৰীক্ষা চলোৱা হৈছে আদাৰ বিষয়ে। গৱেষকসকলৰ মতে আদাক কমেও পাঁচ হেজাৰ বছৰ ধৰি ঔষধ হিচাপে ব্যৱহাৰ কৰি অহা হৈছে। আদাত থকা ৰাসায়নিক যৌগসমূহে ইয়াৰ সোৱাদক ফুৰফুৰীয়া, জ্বলা- পোৰা আৰু উত্তেজক ধৰণৰ কৰিছে। ফলস্বৰুপে ই হৈ পৰিছে আন্ত্ৰিক সংকোচনত সহায়ক তথা পাচক অম্লক প্ৰশমিত কৰাকে ধৰি মগজুৰ বমিকেন্দ্ৰৰ নিয়ন্ত্ৰক। ভ্ৰ্মণৰ সময়ত অসুস্থতা অনুভৱ কৰাসকলে ভ্ৰমণৰ ন্যূনতম ২০ মিনিট সময় পূৰ্বে এক চেণ্টিমিটাৰমানৰ এটুকুৰা সতেজ আদা খালে সুফল পাব।
ডেনমাৰ্কৰ কেইগৰাকীমান বিশিষ্ট গৱেষকৰ মতে, মাইগ্ৰেইন নামৰ মূৰৰ বিষত ভোগা ৰোগীসকলেও নিয়মিতভাৱে আদা খোৱা প্ৰয়োজন, কিয়নো ই মগজুৰ ৰক্তবাহী নলিকাসমূহত ৰাসায়নিক ক্ৰিয়াৰ ফলত উৎপন্ন হোৱা জ্বলন বা প্ৰদাহক প্ৰশমিত কৰিবলৈ সক্ষম। তদুপৰি কিছুমান ৰোগীক এছপিৰিন নামৰ বিষনাশক খাবলৈ দিয়া হয়। আমি সততে ব্যৱহাৰ কৰা আদাতে আছে এছপিৰিনৰ সকলোখিনি গুণ। বজাৰত ক্ৰয় কৰা পাকস্থলীত কৰিব পৰা সম্ভাব্য বিৰুপ প্ৰতিক্ৰিয়াৰ পৰাও আদা সম্পূৰ্ণ মুক্ত। কফনাশক হিচাপেও আদা বহুলভাৱে ব্যৱহৃত, কিয়নো দেহে কফৰ বাবে উৎপন্ন কৰা কাৰকসমূহক বাধা দিব পৰা গুণেৰে ই সমৃদ্ধ। সেইবাবেই হয়তো আমি ঘৰুৱাভাৱে কাহ- পানীলগা বা কফ হ’লে মৌ মিহলাই আদাৰ ৰস খাওঁ।
উৎসঃ অসমীয়া খবৰ