Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 16 September, 2022 4:58 PM IST
Malnutrition in children

আজিৰ শিশু কাইলৈ দেশৰ নাগৰিক। আজিৰ শিশুৰ হাততেই আমাৰ দেশখনৰ ভৱিষ্যৎ। গতিকে মহান সম্পদস্বৰূপ শিশুসকলক উপযুক্ত ৰূপত গঢ় দিয়াটো আমাৰ সকলোৰে দায়িত্ব। কেঁচা বাঁহ এটুকুৰা যেনেকৈ বিভিন্ন দিশত ভাঁজ কৰি গঢ় দিব পাৰি, তেনেকৈ শিশুসকলৰ স্বাস্থ্য, বৃদ্ধি আৰু বিকাশ এই সময়ছোৱাতে গঢ় লয়। গতিকে শৈশৱৰে পৰা শিশুসকলৰ স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিয়াটো অতি প্রয়োজনীয়।

‘মেডিয়া ভিজন' (Media Vision) নামৰ এটি প্ৰতিষ্ঠানৰ মতে ভাৰতবৰ্ষত ৯০ শতাংশ স্কুলীয়া শিশুৱেই পুষ্টিহীনতাত ভোগে। পুষ্টিহীনতাৰ ফলস্বৰূপে কিছুমান শিশুৰ ওজন বহুত কম হয়। আনহাতে জাংক ফুড, ফাষ্ট ফুড ইত্যাদি অত্যধিক পৰিমাণে সেৱনৰ ফলত মেদবহুলতাৰ দৰে সমস্যাই দেখা দিয়ে। পুষ্টিহীনতাৰ ফলত ভৱিষ্যতে Degenerative disease হোৱাৰ আশংকা বৃদ্ধি পায়। পুষ্টিহীনতা ৰোধ কৰাৰ উদ্দেশ্যে প্ৰতি বছৰে ছেপ্তেম্বৰ মাহত ৰাষ্ট্ৰীয় পোষণ মাহ হিচাপে উদযাপন কৰি অহা হৈছে।

শিশুৰ পুষ্টিহীনতাৰ কাৰণ:

(১) পুষ্টিকৰ সুষম আহাৰ সেৱন নকৰা।

(২) জাংক ফুড বা ফাষ্ট ফুডৰ প্ৰতি অধিক আগ্রহ।

(৩) অপুষ্টিকৰ তথা মুখৰোচক খাদ্যৰ অধিক পৰিমাণে সেৱন।

(৪) পুৱাৰ আহাৰ ভালদেৰ সেৱন নকৰা ইত্যাদি।

পুষ্টিহীনতাৰ প্ৰতিৰোধঃ পুষ্টিহীনতাৰ পৰা হাত সাৰিবলৈ তলত উল্লেখ কৰা অভ্যাসসমূহ মানি চলিব লাগিব—

সুষম পুষ্টিকৰ খাদ্য সেৱন: পুষ্টিহীনতাত ভুগিবলৈ শিশুটিক সুষম পুষ্টিকৰ খাদ্য খুৱাব লাগে। শিশুৰ বাবে প্ৰয়োজনীয় কেইটিমান বিশেষ খাদ্য উপাদান হৈছে— প্ৰ'টিন, খনিজ লবণ, আইৰন, ভিটামিন-বি, ভিটামিন-চি ইত্যাদি।

(ক) প্ৰ'টিনঃ শিশুসকলক প্ৰ'টিনৰ মাত্ৰা প্ৰাপ্তবয়স্ক লোকতকৈ বেছিকৈ প্রয়োজন। কাৰণ এইটো সময়তে শিশুৰ বৃদ্ধি আৰু বিকাশ দ্রুতগতিত হ'বলৈ লয়। শিশুসকলক প্ৰতিদিনে শৰীৰৰ প্ৰতিকেজি ওজনৰ বিপৰীতে ১.৫ গ্রাম পৰিমাণত প্ৰ'টিনৰ দৰকাৰ হয়।

খ) খনিজ লৱণঃ বিভিন্ন ধৰণৰ খনিজ লৱণ যেনে— কেলছিয়াম, মেগনেছিয়াম, আইৰন আদি শিশুৰ স্বাস্থ্য ৰক্ষাৰ বাবে অতি প্রয়োজনীয় উপাদান। শিশুসকলৰ হাড় আৰু পেশী মজবুত কৰি তুলিবলৈ কেলছিয়াম আৰু মেগনেছিয়ামযুক্ত আহাৰ সঠিক মাত্ৰাত যোগান ধৰা উচিত। খাদ্যত কেলছিয়াম আৰু মেগনেছিয়ামৰ অভাৱৰ ফলত ভৱিষ্যতে হাড় দুর্বল আৰু ঠুনুকা হৈ পৰে যাক অষ্টিঅ’পৰ'ছিছ (Osteoporosis) বুলি কোৱা হয়। অষ্টিঅ’পৰ'ছিছ হ'লে সামান্য আঘাততে কাহ বা হাঁচি মাৰিলেও হাড় ভাগি যাব পাৰে। সেয়েহে শৈশৱৰ পৰাই কেলছিয়াম, মেগনেছিয়ামযুক্ত খাদ্য যেনে— গাখীৰ, সেউজীয়া শাক-পাচলি, কাজু, বাদাম, শুকান ফল, দুগ্ধজাত খাদ্য, কণী, মাছ ইত্যাদি খাব লাগে।

আইৰনে আমাৰ শৰীৰত হিম'গ্লবিন গঠনত ভাগ লয়। আইৰনৰ অভাৱত আমাৰ তেজত হিম’গ্লবিনৰ পৰিমাণ কমি যোৱাৰ ফলত এনিমিয়া বা ৰক্তহীনতাৰ সৃষ্টি হয়। ৰক্তহীনতাৰ ফলত শিশুৰ বয়স অনুপাতে বৃদ্ধি নহয়। শৰীৰ শেঁতা পৰি যায়, ভাগৰ অনুভৱ কৰে, পঢ়াশুনাত অমনোযোগী হয়। মুঠতে ক'ব পাৰি যে ৰক্তহীনতা শিশু এটিৰ সকলো ধৰণৰ ৰোগৰ প্ৰধান কাৰণ। সেয়েহে শিশুসকলৰ শৰীৰত আইৰনৰ মাত্ৰা ঠিকে থকা উচিত। সেউজীয়া শাক-পাচলি যেনে— কলডিল, কাঁচকল, বীট, মৰিচা শাক, পালেং শাক ইত্যাদি তথা বিভিন্ন ধৰণৰ ফলমূল যেনে— ডালিম, খেজুৰ, খিচমিচ ইত্যাদিত যথেষ্ট পৰিমাণে আইন থাকে। শিশুটিক এইবোৰ খাদ্য খাবলৈ দিলে ৰক্তহীনতা দূৰ হয়। ইয়াৰ উপৰি স্কুলীয়া শিশু আৰু কিশোৰ-কিশোৰীসকলক সপ্তাহত এটাকৈ আইবন ফলিক এচিড পৰিপূৰক (IFA- Supplement) দিয়া উচিত।

(গ) ভিটামিন: ভিটামিন-চি বা এচকৰবিক এচিডে আমাৰ শৰীৰত সঠিকভাৱে আইৰনৰ শোষণ হোৱাত সহায় কৰে। চাইট্ৰাছ বা টেঙাজাতীয় ফল, কমলা, আঙুৰ, মধুৰিআম, অমিতা, আনাৰস, আম, বিলাহী, আমলখি, নেমু, তৰমুজ, ফুলকবি ইত্যাদিত ভিটামিন-চি পোৱা যায়। ভিটামিন-চিয়ে ক’লাজেন নামৰ আঁহ গঠনত সহায় কৰে। যাৰ ফলত দাঁত, দাঁতৰ আলু, হাড়, কার্টিলেজ আদি সবল হয়।

ভিটামিন-বি১২যুক্ত খাদ্যৰ অভাৱত মেগাল’ব্লাষ্টিক এনিমিয়াৰ সৃষ্টি হয়। সেয়েহে পর্যাপ্ত পৰিমাণে ভিটামিন-বি ১২ যুক্ত খাদ্য যেনে— মাংস, গাখীৰ, দুগ্ধজাত খাদ্য, ছ'য়াবীন ইত্যাদি গ্রহণ কৰা উচিত।

ওপৰত উল্লেখ কৰা সুষম পুষ্টিকৰ খাদ্যসমূহৰ উপৰি শিশুৰ সুস্বাস্থ্যৰ বাবে আন আন ভিটামিন আৰু খনিজ দ্ৰব্যৰ প্ৰয়োজন। ইয়াৰ উপৰি উপযুক্ত পৰিমাণে বিশুদ্ধ পানী সেৱন কৰা অতি জৰুৰী। শিশুসকল অতি সহজতে পেলুৰ সংক্ৰমণত ভোগে। সেয়েহে পেলুৰ সংক্ৰমণৰ পৰা আঁতৰি থাকিবলৈ শিশুক পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ অভ্যাস শিকোৱা উচিত। খাদ্য খোৱাৰ আগতে হাত-মুখ পৰিষ্কাৰকৈ চাবোনেৰে ধুই ল'ব লাগে। নিয়মিতভাৱে নখ-চুলি কাটিব লাগে। খালী ভৰিৰে লেতেৰা ঠাই বা শৌচাগাৰলৈ যাব নালাগে। শৌচাগাৰৰ পৰা আহি হাত চাবোনেৰে ভালকৈ ধুব লাগে। পেলুৰ সংক্ৰমণ ৰোধ কৰিবলৈ ছমাহৰ মূৰে মূৰে পেলুৰ দৰব খোৱা উচিত।

শিশুসকলৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্য অটুট ৰাখিবলৈ দৈনিক প্ৰাণায়াম আৰু সহজ যোগাভ্যাস কৰিবলৈ দিয়া উচিত। ছাত্র-ছাত্রীসকলে নিয়মিত যোগাভ্যাস কৰিলে সুন্দৰ স্বাস্থ্যৰ গৰাকী হোৱাৰ উপৰি বৌদ্ধিক বিকাশ, স্মৃতিশক্তি, ধৈর্যশক্তি আৰু সুচৰিত্ৰৰ অধিকাৰী হৈ উঠিব।

গতিকে শিশুসকলে সুষম আহাৰ গ্ৰহণ, নিয়মিত যোগাভ্যাস কৰাৰ লগতে স্বাস্থ্য ৰক্ষাৰ অন্যান্য নিয়মসমূহ মানি চলা উচিত। তেতিয়াহে পৰৱৰ্তী পৰ্যায়ত সুন্দৰ-সুঠাম শৰীৰৰ অধিকাৰী হোৱাৰ লগতে উন্নত শিক্ষা আৰু ভাল ফলাফলেৰে সমাজত প্ৰতিষ্ঠা লাভ কৰিব পাৰিব।

লেখিকা- ডাঃ বিজিতা চুতীয়া

বি. এ. এম. এচ., এম. ডি.

জ্যেষ্ঠ্য গৱেষক ও চিকিৎসক (আয়ুৰ্বেদ)

ফোনঃ ৯৭০৭২৮৪১০০

লগতে পঢ়ক-কৃষিকৰ্ম আৰু পলু পালনেৰে বাক্সাত উজ্বলিছে দহগৰাকী বড়ো মহিলা

English Summary: Malnutrition in children and its ways to prevent
Published on: 16 September 2022, 04:55 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now