1. News

কৃষিকৰ্ম আৰু পলু পালনেৰে বাক্সাত উজ্বলিছে দহগৰাকী বড়ো মহিলা

KJ Staff
KJ Staff
বাক্সাৰ আত্মনিৰ্ভৰশীল দহগৰাকী মহিলা
বাক্সাৰ আত্মনিৰ্ভৰশীল দহগৰাকী মহিলা

কৃষিকৰ্মৰ লগতে পলু পালনেৰে বাক্সাত উজ্বলিছে দহগৰাকী বড়ো মহিলা। মইনাওশ্ৰী আত্মসহায়ক গোটৰ জৰিয়তে এই সকল মহিলাই বছৰেকত উপাৰ্জন কৰিবলৈ সক্ষম হৈছে লক্ষাধিক টকা। মাইনাওশ্ৰী আত্মসহায়ক গোটৰ জৰিয়তে এইসকল মহিলাই আত্মনিয়োগ কৰিছে এৰী সূতা উৎপাদনত৷ বাক্সা জিলাৰ ভাৰত- ভূটান সীমান্তৰ দ্বাৰাগাঁৱত ২০১৭ চনত গঠন কৰিছিল মাইনাওশ্ৰী আত্মসহায়ক গোটটো ৷

গোটটোৰ সদস্য মহিমা, হিমানী, পূৰ্ণিমা, সঞ্চীতা, ৰিংকু, ৰূপাথি, চবিতা, মল্লিকা, জাৰৌ আৰু ৰিংকুৱে গোটটো গঠনৰ পিছৰে পৰা সমূহীয়াভাৱে পলু পালন কৰি এৰী সূতা উৎপাদন কৰি আহিছে ৷ বিগত পাঁচ বছৰে ধাৰাবাহিকভাৱে এই সকল মহিলাই পলু পালনৰ জৰিয়তে লক্ষাধিক টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে ৷

সেইদৰে এইবাৰ মিশ্ৰিত কৃষিকৰ্মেৰেও উজলি উঠিছে মহিলা কেইগৰাকী৷ মাটি মাহ আৰু কচু খেতিৰে দেখুৱাইছে কৰ্মসংস্কৃতি ৷ তেওঁলোকে জানিব দিয়া অনুসৰি পলুৰ পৰা উৎপাদিত সূতা বিক্ৰী কৰি বছৰি লক্ষাধিক টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে ৷

আনহাতে, এইবাৰ কচু আৰু মাটি মাহৰ পৰাও লাভ কৰিব যথেষ্ট ধন৷ বৰ্তমানলৈ কোনো ঋণ লাভ কৰিবলৈ সক্ষম হোৱা নাই যদিও জিলাখনৰ সীমান্ত অঞ্চলত এইসকল বড়ো আইজোই (মহিলাই) দেখুৱাবলৈ সক্ষম হৈছে স্বনিৰ্ভৰশীলতাৰ উৎকৃষ্ট নিদৰ্শন৷

লগতে পঢ়ক- তুলসী খেতিয়ে ভাগ্য সলনি কৰিলে কৃষক পুষ্পেন্দ্ৰ যাদৱৰ

English Summary: sELF INDEPENDENT WOMAN

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.