Prawn Farming : ব্যৱসায়িক ভিত্তিত মিছামাছ পালন আৰু ইয়াৰ লাভালাভ বহনক্ষম কৃষি পদ্ধতি! ই কেনেকৈ আমাৰ পৰৱৰ্তী প্ৰজন্মক সুৰক্ষিত কৰিব! Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক
Updated on: 28 February, 2019 7:39 PM IST

নেমুটেঙা, মৌজোল আৰু পানীৰে সৈতে ৰাতিপুৱাৰ শুভাৰম্ভ কৰাটো লাভজনক বুলি কোৱা হয়।কোনোবাই যদি ছালৰ উজ্জলতা বৃদ্ধি কৰিবলৈ মৌজোল আৰু নেমুটেঙাৰ ৰস সেৱন কৰে। কোনোবাই আকৌ ওজন কমাবলৈ ইয়াক ব্যৱহাৰ কৰা দেখা যায় । দৈনন্দিন জীৱনত মৌজোল আৰু নেমুটেঙাৰ পানী প্ৰয়োগ কৰাৰ আৰু বহতো উপকাৰিতা আছে । সেই বিষয়ে কিছু কথা জানো আহক….

(১) আধা টুকুৰা নেমুটেঙাৰ ৰস,এচামুচ মৌজোল আৰু অলপ গৰম পানী একেলগে মিহলাই ইয়াক ৰাতিপুৱা খালি পেটত লগে লগে সেৱন কৰক। এইখিনি সেৱন কৰাৰ এক ঘণ্টাৰ পিছতহে চাহ বা কফি গ্ৰহণ কৰক। ইয়াৰ দ্বাৰা আপুনি গোটেই দিনটো সজীৱ আৰু ফুৰ্তিবান হৈ থাকিব পাৰে । মৌজোলে শৰীৰত Energy booster হিচাপে কাম কৰে। পানীয়ে আপোনাৰ মস্তিষ্ক সজীৱ কৰি ৰাখে আৰু নেমুৰ সুগন্ধই আপোনাৰ ভাগৰুৱা শৰীৰক কিছু সকাহ প্ৰদান কৰে।

(২) নেমুটেঙাৰ ৰস,মৌজোল আৰু গৰম পানী, এই তিনিওটা মিহলাই আপুনি শৰীৰৰ পাচন প্ৰক্ৰিয়া বৃদ্ধি কৰি তুলিব পাৰে। নেমুত থকা কিছুমান পোষক পদাৰ্থ লিভাৰৰ কাৰণে ভাল যি শৰীৰৰ পাচন প্ৰক্ৰিয়া সুগম কৰি তোলে।

(৩) আপোনাৰ Acidityৰ সমস্যা আছে নেকি ? তেন্তে নেমুটেঙাৰ ৰস আৰু মৌজোল সেৱন কৰক। মৌজোল হ’ল এক প্ৰকাৰৰ Enti-Oxident যি আপোনাৰ শৰীৰৰ বেক্টেৰীয়া আৰু বীজাণুবোৰ ধ্বংস কৰে।

(৪) আহাৰ খোৱাৰ পিছত মৌজোল আৰু নেমুটেঙাৰ ৰস সেৱন কৰিলে শৰীৰত সৃষ্টি হোৱা অলাগতিয়াল পদাৰ্থ(Toxin)বোৰ বাহিৰলৈ ওলাই অহাত সুবিধা হয়। ইয়াৰ ফলত শৰীৰৰ ৰোগ প্ৰতিৰোধক ক্ষমতা বৃদ্ধি পায়।

(৫) ওজন কম কৰাৰ ক্ষেত্ৰটো মৌজোল,নেমুটেঙাৰ ৰস আৰু গৰম পানীৰ মিশ্ৰণ লাভজনক । এই মিশ্ৰণে শৰীৰৰ Metabolism অৰ্থাৎ প্ৰয়োজনীয় দৈহিক উপাদানবোৰ বৃদ্ধি কৰে আৰু ইয়াৰ দ্বাৰা ওজন কম হয় ।

(৬) নেমুটেঙাৰ ৰস,মৌজোল আৰু গৰম পানী একেলগে মিহলাই সেৱন কৰিলে মুখৰ দুৰ্গন্ধ দূৰ হয় । তদুপৰি ইয়াৰ মিশ্ৰণে আমাৰ শৰীৰত Skin purifier ৰ কাম কৰে ।

ৰিদিপ ৰঞ্জন চেতিয়া

English Summary: Lime Water and Honey
Published on: 28 February 2019, 07:39 IST