Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 30 January, 2021 6:45 PM IST

আমেৰিকান হাৰ্ট এছ'চিয়েচনৰ পত্ৰিকা 'হাইপাৰটেনচন'ত প্ৰকাশিত এক লেখাৰ মতে দৈনিক ২৫০ মিলিলিটাৰ বিটৰ ৰস সেৱন কৰিলে উচ্চ ৰক্তচাপ বাৰুকৈ হ্ৰাস পায় ৷ বিটত থকা ডায়েটেৰি নাইট্ৰেটৰ পৰা দেহত নাইট্ৰিক অক্সাইড নিৰ্গত হয় ৷ নাইট্ৰিক অক্সাইডে তেজৰ নলী বহলাই তুলি (Vasodilation) ৰক্তচাপ কমাই তোলে৷ হৃদৰোগৰ সম্ভাৱনা হ্ৰাস কৰা-  বিটত থকা প'টেছিয়ামে তেজৰ নলী বহলাই ৰাখি ষ্ট্ৰ'ক আৰু আন হৃদৰোগৰ সম্ভাৱনা হ্ৰাস কৰে ৷

তেজৰ অপকাৰী ক’লেষ্টেৰল হ্ৰাস কৰা- ক'লেষ্টেৰল, এল ডি এল ক'লেষ্টেৰল আৰু ট্ৰাইগ্লিচাৰাইড বিটৰ সেৱনৰ ফলত হ্ৰাস পায় ৷ আনহাতে, উপকাৰী ক'লেষ্টেৰল এইচ ডি এল বৃদ্ধি পায় ৷ ইয়াৰ ফলতো হৃদৰোগ হোৱাৰ সম্ভাৱনা কমি যায় ৷ আকৌ বিটত থকা বিটেইন (Betain)  নামৰ পদাৰ্থই তেজৰ হোমচিষ্টিনৰ (Homocysteine ) পৰিমাণ কমায় ৷ হোমচিষ্টিন বাঢ়িলে এথেৰস্কেৰচিচ, ষ্ট্ৰ'ক আদিৰ সম্ভাৱনা বৃদ্ধি পায় ৷

তেজৰ বিশুদ্ধিকৰণ- আমেৰিকান লিভাৰ ফাউণ্ডেচনে প্ৰকাশ কৰা তথ্যমতে, বিটে তেজৰ পৰা দূষিত তত্ত্ব শোধন কৰাত লিভাৰক সহায় কৰে ৷ পেক্টিন নামৰ পানীত ঘোলনশীল ফাইবাৰে এই ক্ষেত্ৰত লাগতিয়াল ভূমিকা পালন কৰে ৷

কৰ্কট ৰোগৰ পৰা সুৰক্ষা- হাওঁফাওঁ, চৰ্ম, বক্ষ, প্ৰষ্টেট, ক'লন আদিৰ কৰ্কট ৰোগৰ পৰা সুৰক্ষা দিয়ে ৷ বিটত থকা বিটাচায়ানিন (Betacyanin) নামৰ পিগমেন্টে টিউমাৰ কোষৰ বৃদ্ধিত বাধা দিয়ে বুলি হাংগেৰীত কৰা গবেষণাত এই কথাৰ প্ৰমাণ পোৱা গৈছে ৷

ডায়েবেটিজৰ নিয়ন্ত্ৰণ- বিটৰ গ্লাইচেমিক ইনডেক্স কম হোৱাৰ বাবে তেজত ছুগাৰৰ পৰিমাণ কম গতিতহে বাঢ়ে ৷ বিটত থকা পানীত ঘোলনশীল ফাইবাৰে খাদ্য হজম হোৱাত সহায় কৰাৰ উপৰি তেজৰ ছুগাৰ নিয়ন্ত্ৰণত ৰাখে ৷ ডায়েবটিজত আক্ৰান্তসকলে এগিলাচ বিটৰ ৰস দৈনিক খোৱাৰ অভ্যাস কৰক ৷ ছুগাৰৰ উপৰি ৰক্তচাপ ভাললৈ আহিব ৷

শক্তিবৰ্ধক আৰু ক্লান্তি আঁতৰায়- ভিটামিন আৰু এন্টিঅক্সিডেণ্টৰ উপস্থিতিৰ দ্বাৰা ৷

মস্তিষ্কৰ বাবে উপযোগী- বিটত থকা নাইট্ৰেটে তেজৰ নলী বহল কৰি দিয়াত মস্তিষ্কৰ ৰক্ত সঞ্চালন উন্নত হয় ৷ যাৰ ফলত ভবা-চিন্তাৰ শক্তি বাঢ়ে আৰু স্মৃতিশক্তিৰ উন্নতি হয় ৷

শৰীৰৰ প্রতিৰোধ ক্ষমতা বঢ়োৱাত সহায়ক হয় ভিটামিন আৰু এণ্টিঅক্সিডেণ্টৰ ফলত ৷

চকুৰ সুৰক্ষা- মেকুলাৰ ডিজেনৰেচন আৰু কেটেৰেক্ট ৰোধ কৰে ৷ বিটত থকা ভিটামিন-A আৰু বিটা-কেৰটিনৰ দ্বাৰা এয়া সম্ভৱপৰ ৷

হাঁডৰ সুৰক্ষা- বিটত থকা ফছফৰাছ, কেলচিয়াম, মেগনেছিয়াম, প'টেছিয়াম, ক'পাৰ, চেলেনিয়াম, জিংক আদিয়ে হাঁড়ক শক্তিশালী কৰে আৰু ইয়াৰ ক্ষয় (Osteoporosis) ৰোধ কৰে ৷

এনিমিয়া আঁতৰায়- আইৰণ, ভিটামিন-চি আৰু ক'পাৰৰ ভূমিকাৰ বাবে ৷

মাহেকীয়াৰ সমস্যা- নিয়মীয়া বিট সেৱনে অনিয়মীয়া ঋতুস্ৰাৱৰ সমস্যা আঁতৰ কৰে ৷

জন্মগত বিসংগতি ৰোধ কৰে- বিটত থকা ফলেটে গৰ্ভস্থ সন্তানৰ স্পাইনা বাইফিডা বা আন জন্মগত বিসংগতি হ'বলৈ নিদিয়ে ৷

যৌন জীৱনত প্ৰভাৱ- বিটত থকা বৰন (Boron), নাইট্ৰিক এচিড, ভিটামিন-চি, আইৰণ, জিংক আদি লাগতিয়াল তত্ত্বই ছেক্স হৰমোন নিৰ্মাণত সহায়ক হয় ৷ ইয়াৰ ফলত পুৰুষৰ যৌন দুৰ্বলতা (Loss of Libido) আঁতৰ হোৱাত সহায়ক হয় ৷

দেহত বয়সৰ চপ নপৰাকৈ ৰখা (Anti aging)-  বিটে শৰীৰৰ কমনীয়তা আৰু মুখমণ্ডলৰ উজ্জ্বলতা বঢ়ায় ৷ অকাল বাৰ্ধক্য ৰোধ কৰে ৷

এণ্টিইনফ্লেমেটৰী গুণ- বিটেইন আৰু অন্যান্য এণ্টঅক্সিডেণ্টৰ বাবে বিটৰ এণ্টইনফ্লেমেটৰী গুণ দেখা যায় ৷ সেয়ে বিট আৰ্থাইটিচ, ইৰিটেবল বাৱেল ছিনড্ৰম, মূৰৰ বিষ আদিত উপযোগী বুলি কোৱা হয় ৷

খেলুৱৈৰ সক্ৰিয়তা বৃদ্ধি কৰা- এয়া অনেক গবেষণাৰ দ্বাৰা প্ৰমাণিত হৈছে ৷ মানসিক অৱসাদ, ডিপ্ৰেচন আঁতৰ কৰে ৷ বিটৰ পাত বইল কৰি তাৰ ৰসেৰে মূৰ ধুলে ওকনি সৰে ৷

'বলগীয়া সাবধানতা– 

তলৰ লোকসকল বিট গ্ৰহণত সতৰ্ক হোৱা বাঞ্ছনীয় :

কিডনীৰ পাথৰ থকা লোকে বিট খালে অক্সালেট ষ্টনৰ আকাৰ বঢ়াৰ সম্ভাৱনা থাকে ৷

তেজত খনিজৰ পৰিমাণ বেছি থকা লোক- কিছুমান মানুহৰ তেজত আইৰণ বা ক'পাৰ বৰ্ধিত পৰিমাণ থাকে ৷ তেনে লোকে বিট পৰিহাৰ কৰিব ৷

বেছি পৰিমাণত পেটৰ অসুখীয়া ৰোগীয়ে বিট, বিশেষকৈ কেঁচা বিট বৰকৈ নাখাব ৷

গৰ্ভাৱস্থাত যিকোনো উপযোগী খাদ্যও সীমাৰ ব্যতিৰেকে গ্ৰহণ কৰা অনুচিত ৷

থাইৰয়েডৰ যিকোনো অসুখত ভুগি থকা লোকে নিজৰ চিকিৎসকৰ পৰামৰ্শমতে বিট সেৱন কৰিব ৷

English Summary: Know some impressive health benefits of beets
Published on: 30 January 2021, 06:45 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now