Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 31 January, 2021 9:20 AM IST

অর্থকাৰী পাচলিৰ ভিতৰত জলকীয়া খেতি অন্যতম । খাদ্যৰ জুতি তথা সোৱাদ বঢ়োৱাত জলকীয়াই সদায় এক স্বকীয় স্থান অধিকাৰ কৰি আছে। দেহৰ লাগতিয়াল কিছুমান পুষ্টিকৰ উপাদান জলকীয়াত পোৱা যায । গ্রীষ্ম আৰু শীত দুয়োটা ঋতুত এই খেতি কৰা হয়। এই খেতি কৰি আশানুৰুপ ফচল পাবলৈ আৰু আর্থিকভাৱে লাভবান হ'বলৈ হ'লে শস্যডৰা অনিষ্টকাৰী পোক পৰুৱাৰ আৰু বেমাৰৰ পৰা ৰক্ষা কৰাটো অতি প্রয়োজন । জলকীয়া খেতিৰ পোক পৰুৱা বেমাৰসমূহৰ নিয়ন্ত্রণ ব্যৱস্থাৰ বিষয়ে উল্লেখ কৰা হ'ল -

জলকীয়া খেতিৰ প্রধান কীট পতংগসমূহ ( harmful sects of cilli)

1.পাত ওকণি

এইবিধ পোক দেখাত নিচেই সৰু ক'লা বৰণৰ । ইহঁতে জলকীয়া গছৰ পাতৰ ৰস শুহি খোৱাৰ ফলত পাতবোৰ কেঁকুৰা কেঁকুৰি হৈ পৰে।

2.চাহি পোক

এইবিধ পোক দেখাত সৰু হালধীয়া বৰণৰ । ইহঁতে পাতৰ ঠাৰি ,পাত আদিৰ পৰা ৰস শুহি খায় । আক্রান্ত পাতবিলাক মেটুৰা মেটুৰ হয় আৰু পাতবিলাক তলৰ ফালে কোঁচ খাই যায় । বুঢ়া পাতবিলাকৰ ঠাৰিবিলাক দীঘল হোৱা আৰু পাতবিলাক তলফালে মেটুৰা মেটুৰ হোৱাটো এই পোকৰ দ্বাৰা আক্রান্ত হোৱা গছবিলাকৰ প্রধান বৈশিষ্ট্য ।

নিয়ন্ত্রণ ব্যৱস্থাৱলী

ফুৰাডন (কাৰফুৰণ) ৩ গ্রাম প্রতি বর্গমিটাৰ মাটিত গুটি সিঁচাৰ সময়ত বীজ তলীত প্রয়োগ কৰিব লাগে । জলকীয়াৰ বীজখিনি ইমিডাক্ল'প্রিড ঔষধৰ ২.৫ গ্রাম প্রতি কেজি বীজত মিহলাই শোধন কৰিব লাগে । ভাৰটি থেক নামৰ ঔষধবিধৰ ০.৪ মিলিলিটাৰ প্রতি লিটাৰ পানী হিচাপে মিহলাই পাতবিলাক তিতি যোৱাকৈ ২০ দিনৰ ব্যৱধানত স্প্রে কৰিলে চাহি পোকৰ উপদ্রৱ কম হয় ।

জলকীয়াৰ প্রধান বেমাৰসমূহ

এনথ্রাকন' বা গেলা বেমাৰ-

এই বিধ বেমাৰত পকা জলকীয়াবোৰত ৰঙচুৱা বৰণৰ দাগেৰে আগুৰি ধৰে আৰু আক্রান্ত অংশবোৰ পাছত পচি যায় ।

প্রতিকাৰ-

বীজ সিঁচাৰ আগতে বীজবোৰ কেপটাফ বা বেভিষ্টিন ঔষধৰ ২.৫ গ্রাম প্রতি কেজিত মিহলাই শোধন কৰিব লাগে । পুলিবোৰ ৰোৱাৰ আগতে বেভিষ্টিন ২ গ্রাম প্রতি লিটাৰ পানীত ডুবাই ৰোপন কৰিব লাগে । ৰোগাক্রান্ত জলকীয়াৰ বীজৰাখিব নালাগে। ইন্দ'ফিল এম - ৪৫ নামৰ ঔষধবিধৰ ২.৫ গ্রাম প্রতি লিটাৰ পানীত মিহলাই স্প্রে' কৰিব লাগে ।

পাত মুজুৰা পৰা আৰু হালধীযা পৰা বেমাৰ

এইবিধ বেমাৰত জলকীয়া পাতবোৰ মেটুৰা মেটুৰ হৈ সৰু হৈ যায়। পাতৰ সিৰা, উপসিৰাবোৰ হালধীয়া বৰণৰ হয়। পাতৰ তলফালে থকা সিৰাবোৰ শকত সেউজীয়া বৰণৰ হয। আক্রান্ত গছ জোপাৰ শ্রীবৃদ্ধি নহয় আৰু গছজোপা জোপোহা, চাপৰ হৈ পৰে। এইবিধ বেমাৰৰ কাৰক হৈছে বগা মাখি।

প্রতিকাৰ

বীজ সিঁচাৰ আগতে ইমিডাক্ল'প্রিড ২.৫ গ্রাম প্রতি কেজি বীজত মিহলাই শোধন কৰিব লাগে । বগা মাখিক নিয়ন্ত্রণ কৰিবলৈ হ'লে জলকীয়া গছৰ চাৰিওফালে মাকৈ নতুবা ঘেঁহুৰ গছ ৰুব লাগে । বেভিষ্টিন ঔষধৰ ২ প্রাম প্রতি লিটাৰ পানীত মিহলাই ফুল ফলাৰ আগতে স্প্রে' কৰিব লাগে ।

ব্লাইট/দেই যোৱা ৰোগ

এইবিধ বেমাৰত জলকীয়া পাতত কিছুমান অসমান বা ঘূৰণীয়া বগা কাজল বৰণৰ দাগ পৰে । বেছিকৈ আক্রান্ত হ'লে গছজোপাৰ পাত সৰি লঠঙা হৈ পৰে।

প্রতিকাৰ

বেমাৰৰ দ্বাৰা আক্রান্ত গছবোৰ উঠাই জ্বলাই পেলাব লাগে আৰু গ্রীষ্মকালত মাটিডোখৰত এবাৰ ভালদৰে হাল বাই দিব লাগে। বেমাৰৰ দ্বাৰা আক্রান্ত নোহোৱা জলকীয়াৰ বীজ ল'ব লাগে । গছজোপা যাতে বেমাৰৰ দ্বাৰা আক্রান্ত নহয় , গছৰ শ্রীবৃদ্ধিৰ বাবে অনুখাদ্য ট্রাইচেল ০.২ শতাংশ ১০-১২ দিনৰ অন্তৰে অন্তৰে স্প্রে' কৰিব লাগে।

জলকীয়াৰ বগা পচা/সিক্ত পচন ৰোগ-

এইবিধ বেমাৰ ডিচেম্বৰৰ পৰা ফেব্রুৱাৰী মাহত বেছিকৈ হোৱা দেখা যায় । গছৰ ঠাৰি পাত বা ফলত কপাহৰ দৰে ভেঁকুৰ গজা দেখা যায় আৰু আক্রান্ত অংশ কোমল হৈ পচা আৰম্ভ হয় ।

প্রতিকাৰ-

শস্য চপোৱাৰ পিছত বা শস্যৰ বীজ সিঁচাৰ আগত মাটিডৰা ভালদৰে কোৰ মাৰি , হালবাই ৰ'দত শুকুৱাই ল'ব লাগে যাতে ভেঁকুৰবোৰ আংশিকভাৱে বা সম্পূর্ণভাৱে নষ্ট হয় । বেমাৰৰ দ্বাৰা আক্রান্ত অংশ কাটি জ্বলাই পেলাব লাগে । বীজ সিঁচাৰ আগত বীজবোৰ বেভিষ্টিন বা ইন্দফিল এম ৪৫ নামৰ ঔষধৰে শোধন কৰিব লাগে ।

উৎস: অসম কৃষি বিশ্ববিদ্যালয়।

English Summary: Know all about the disease of cillinin assamese
Published on: 30 January 2021, 06:49 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now