Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 30 January, 2021 6:36 PM IST

শাক পাচলিত বহু পৰিমানে ভিটামিন, মিনাৰেল আৰু ৰোগ নিৰাময় কৰিব পৰা গুণ আছে। বিশেষকৈ স্বাস্থ্য ভালে ৰাখিবলৈ শৰীৰৰ বাবে অতি প্ৰয়োজনীয় কেলছিয়াম, আইৰণ, প্ৰটিন,ফেট, ফচফৰাচ আৰু এন্টিঅক্সিডেন্ট আদি স্বাস্থ্য মৌলবোৰ তিতা খাদ্যত পোৱা যায় বুলি স্বাস্থ্য বিজ্ঞানীসকলে কয়। সাধাৰনতে তিতা খাদ্য বুলি কলে তিতাকেৰেলা, নিমপাত, মেথিশাক, মৰাপাট, দোৰোণ, হেলচী আদিয়েই প্ৰধান ৷

তিতা কেৰেলাৰ কিছু কথা জানি লওঁ  আহক-

কেৰেলা অসমৰ লগতে ভাৰতৰ প্ৰায়বোৰ অঞ্চলতে পোৱা যায়। লতা জাতীয় এজোপা গছত ঠাই বিশেষে তিতা কেৰেলা ৫--১৫ চেণ্টিমিটাৰ দীঘল হয়। সাধাৰণতে ১০০ গ্ৰাম কেৰেলাত ৯২.৪% পানী, ১.৬% প্ৰটিন, ৪.২% শৰ্কৰা,০.৮% ফাইবাৰ, ২০ মিলিগ্ৰাম কেলচিয়াম, ৭০ মিলিগ্ৰাম ফচফৰাচ, ১.৮ মিলিগ্ৰাম লৌহ , ৮৮ মিলিগ্ৰাম ভিটামিন চি আৰু কিছু পৰিমানে ভিটামিন বি কমপ্লেক্স পোৱা যায়।

ঔষধি গুণ -

*মধুমেহ (ডায়েবেটিছ) ৰোগ প্ৰতিৰোধৰ বাবে নিয়মিত তিতাকেৰেলা খালে ভাল ফল পোৱা যায়। কিয়নো কেৰেলাই তেজ আৰু প্ৰস্ৰাৱৰ পৰা ছুগাৰৰ পৰিমান হ্ৰাস কৰাত সহায় কৰে।

*ৰাতিপুৱা খালী পেটত চাৰিটামান কেৰেলাৰ ৰস খালে ডায়েবেটিছ নিয়ন্ত্ৰনত থাকে। মধুমেহ ৰোগীয়ে কেৰেলা সিজাই খালেও ভাল ফল পায়। সেয়েহে ইয়াক উদ্ভিদ জাত ইনচুলিন বুলিও বহুতে কব খোজে।

*তিতা কেৰেলা বা পাতৰ ৰস মৌ ৰসৰ লগত মিহলাই খালে লিভাৰ আৰু ব্ৰংকাইটিছ অসুখ ভাল হয়।

*তেজৰ দোষত হোৱা বেমাৰত কেৰেলা ৰস বৰ উপকাৰী খাদ্য।

*কেৰেলা পানীৰে সৈতে ৰান্ধি খালে অৰ্শ ৰোগতো উপকাৰ পোৱা যায়।

*কেৰেলাৰ ৰস নেমুটেঙাৰ ৰসৰ সৈতে খালে খৰ,খজুৱতি, ৰিংৱৰ্ম আদি চালৰ ভেকুৰ জাতীয় বেমাৰত সুফল পোৱা যায়।

*এজমা, ফেৰিনজাইটিজ, চৰ্দি আদি শ্বাস প্ৰশ্বাসজনিত বেমাৰটো কেৰেলা অতি উপকাৰী।

*অত্যাধিক মদ্যপানৰ বাবে যকৃত নষ্ট হলে নিয়মিত কেৰেলা খালে উপকাৰ পোৱা যায়।

এতেকে দেখা পোৱা গল যে কেৰেলা বহু গুণেৰে সমৃদ্ধ এবিধ উৎকৃষ্ট পাছলি। ৰান্ধিয়েই খাওক বা কেচাঁয়ে খাওক কেৰেলা নিয়মিত খাওঁক আৰু আনকো খাবলৈ উৎসাহিত কৰক আৰু সুস্বাস্থ্যৰ অধিকাৰী হওঁক ৷

উৎস - বিকাশপেডিয়া

English Summary: know all about the bittergurd benefits in assamese
Published on: 30 January 2021, 06:36 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now