Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 21 June, 2022 5:42 PM IST
Importance of Yoga in our Day to Day Life

যোগ (Yoga) প্ৰাচীন ভাৰতীয় পৰম্পৰা আৰু সংস্কৃতিৰ এক অমূল্য অৱদান। ই হ’ল সুস্থ জীৱনৰ বাবে এক কলা আৰু বিজ্ঞান। নিয়মিত যোগ সাধনাই ব্যক্তি এজনক শাৰীৰিক আৰু মানসিক ভাৱে সুস্থিৰতা প্ৰদান কৰাৰ লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। কাম কৰিবলৈ প্ৰেৰণা যোগায়।

মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আয়ুষ (Ayush) মন্ত্ৰালয়, ভাৰত চৰকাৰৰ নেতৃত্বত নতুন দিল্লী, ৰাজপথত আয়োজিত যোগ প্ৰদৰ্শনৰ নেতৃত্ব কৰে। 11 ডিচেম্বৰ 2014 বৰ্ষত সংযুক্ত ৰাষ্ট্ৰ মহাসভাই 193 সংখ্যক সদস্যভুক্ত দেশৰ ভিতৰত অভিলেখ সংখ্যক 177 খন দেশৰ সমৰ্থনসহ প্ৰতি বছৰে 21 জুন তাৰিখে আন্তৰ্জাতিক যোগ দিবস উদযাপন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। সমগ্ৰ বিশ্বৰ কোটি কোটি লোকে পূৰ্ণ উৎসাহেৰে 2015 চনৰ 21 জুনত প্ৰথম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস ৰূপে পালন কৰে।

এই বছৰ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ বিষয়বস্তু হৈছে "মানৱ জাতিৰ বাবে যোগ"। যোগ শব্দৰ উৎপত্তি সংস্কৃতৰ “য়ুজ” শব্দৰ পৰা হৈছে। যাৰ অৰ্থ সংযুক্ত অথবা একত্ৰিত হোৱা বুজায়। যোগ উৎপত্তি বহু হেজাৰ বছৰৰ আগতেই হৈছেল। যৌগিক লেখনিসমূহৰ আধাৰত ভগৱান শিৱ যি আগতে যোগী বা আদি যোগী আছিল,  তেওঁ নিজৰ গভীৰ জ্ঞানক নিজৰ সাতজন শিষ্য সপ্তঋষিৰ মাজত প্ৰচলিত কৰিছিল। যোগক পূৰ্ববৈদিক কালৰে পৰা অভ্যাস কৰা হৈছিল কিন্তু মহৰ্ষি পতঞ্জলি যাক আধুনিক যুগৰ পিতাৰূপত জনাজাত তেখেতেই প্ৰথমজন ব্যক্তি যিয়ে সেই সময়ৰ অভ্যাস সমূহক নিজৰ যোগ সূত্ৰসমূহৰ আধাৰত সুব্যৱস্থিত আৰু সংহতবদ্ধ কৰে। পাছত আন বহুতো যোগগুৰু সকলে এই বিদ্যাৰ সংৰক্ষণ আৰু বিকাশ ঘটাই এই আশ্বৰ্যজনক অভ্যাসক বিস্তাৰিত কৰে।

বৰ্তমান মূখ্যৰূপে অভ্যাস কৰা যোগ সাধনা সমূহ হ’ল- য়ম, নিয়ম, আসন, প্ৰাণায়ম, প্ৰত্যাহাৰ, ধাৰণ, ধ্যান, সমাধি, বন্ধ, মুদ্ৰা, ষট্কৰ্ম, মন্ত্ৰযোগ ইত্যাদ। “ঘেৰণ্ড সংহিতা”, “ত্ৰিশিখী ব্ৰাহ্মণ উপনিষদ” আৰু ”হঠযোগ প্ৰদীপিকা” আদি গ্ৰন্থত প্ৰধানকৈ যোগিক প্ৰক্ৰিয়াবোৰৰ অভ্যাসৰ উল্লেখ পোৱা যায়।

যোগাভ্যাসৰ আগতে মানি চলিবলগা নিয়ম (Rules that will be followed before yoga)

যোগাভ্যাস কৰাৰ আগতে কেতবোৰ সাধাৰণ নিৰ্দেশনা মানি চলা উচিত। যেনে- যোগাভ্যাস শান্তি আৰু আনন্দৰ বাতাবৰণত শান্ত শৰীৰ আৰু মস্তিস্কৰ সৈতে কৰা উচিত। ইয়াক খালি পেট বা পাতল খাদ্য খোৱাৰ পাছত কৰা উচিত। যদিহে দুৰ্বল অনুভৱ হয় তেন্তে কুহুমীয়া পানীত গুৰ মিলাই খাব লাগে। শৰীৰৰ অংগসমূহ চালনৰ বাবে পাতল আৰু আৰামদায়ক কপাহী কাপোৰ পৰিধান কৰা উচিত। ৰাতিপুৱা অভ্যাস কৰাৰ আগতে নিত্যকৰ্ম সমাধা হোৱা উচিত। কোনো পুৰণা ৰোগ, বিষ অথবা হৃদয় সম্বন্ধীয় সমস্যা হ’লে যোগাভ্যাস কৰাৰ আগতে কোনো চিকিৎসক বা যোগচিকিৎসকৰ পৰামৰ্শ লোৱা উচিত। অভ্যাসসমূহ নিজৰ ক্ষমতা অনুসৰি হে কৰিব। অভ্যাস কৰাৰ ২০-৩০ মিনিট পাছতহে ভোজন বা স্নান কৰা উচিত।

চাকৰিয়াল সকলৰ বাবে যোগাভ্যাসৰ প্রয়োজনীয়তা (Yoga requirement for Service Holder)

বৰ্তমানৰ ব্যস্ততাপূর্ণ জীৱন যাত্ৰাত চাকৰিয়াল সকল প্ৰত্যেকে যোগ চর্চা কৰা উচিত। আধুনিক জীৱন-যাত্ৰাত মানুহৰ মন উদ্বিগ্নতা আৰু হতাশাত ভৰি পৰিছে। যাৰ ফলত মানুহৰ ব্যক্তিগত আৰু সামাজিক শান্তি বিনষ্ট হৈছে। ফলস্বৰূপে নিতৌ নতুন নতুন ৰোগে মানুহক আক্ৰান্ত কৰিছে। যেনে- ডায়েবেটিছ, উচ্চ ৰক্তচাপ, স্পণ্ডেলাইটিছ, কোষ্ঠকাঠিন্য,মূৰৰ বিষ, নিদ্ৰাহীনতা ইত্যাদি। নিয়মিত যোগাসনৰ অভ্যাসৰ ফলত আমাৰ সিৰা উপসিৰা আৰু মাংসপেশীত ৰক্ত সঞ্চালন বৃদ্ধি হয় আৰু সেই ঠাইৰ ৰোগ নিৰাময় হয়। সামাজিক দৃষ্টিকোণৰ পৰা চাবলৈ গ’লে কিছুসংখ্যক বেমাৰ কেৱল মাত্ৰ যোগৰ দ্বাৰাহে নিয়ন্ত্ৰণ কৰিব পাৰি। উদাহৰণস্বৰূপেৃ মেদবহুলতা, উচ্চ ৰক্তচাপ, মধুমেহ, মানসিক অৱসাদ, এজমা, মাইগ্ৰেইন, কঁকালৰ বিষ, পেৰালাইছিছ, পাৰকিনচন, থায়ৰইড ইত্যাদি ৰোগ। যোগাভ্যাসৰ জড়িয়তে স্নায়ুতন্ত্ৰ, হৃদয় তথা নাড়ীবিলাক সুস্থ ৰাখিব পাৰি।

গৃহিণী সকলৰ বাবে যোগাভ্যাসৰ প্রয়োজনীয়তা (Need of Yoga for House Wife)

এগৰাকী নাৰী সদায় মাতৃ, ধাত্ৰী, গৃহকর্তৃ, শিক্ষয়িত্ৰী আৰু সমাজ সেৱিকাৰ ভূমিকাত অৱৰ্তীৰ্ণ হৈ আহিছে। গতিকে নাৰী সদায় সুস্থ শৰীৰৰ আৰু পবিত্ৰ মনৰ গৰাকী হোৱা বাঞ্চনীয়। বৰ্তমানৰ গৃহিণী সকল মেদবহুলতা, বাতবিষ, আঁঠু, কঁকাল, পিঠিৰ বিষ, ঋতুৰোগ, প্ৰসৱৰ জটিলতা আদি বিভিন্ন ৰোগত আক্ৰান্ত হোৱা দেখা গৈছে। এই অৱস্থাত যোগ চৰ্চ্চা হৈছে একমাত্ৰ নিৰ্ভৰযোগ্য ব্যৱস্থা। যোগৰ দ্বাৰা ঋতুচক্ৰ নিয়মিয়া কৰিব পাৰি। যোগাসনৰ নিয়মিত অভ্যাসে তেওঁলোকৰ সাংসাৰিক ক্লান্তি দূৰ কৰি এখন সুখী ঘৰ কৰাত অৰিহণা যোগাব।

ছাত্ৰ ছাত্ৰী আৰু যুৱক যুৱতীৰ বাবে যোগাভ্যাস ৰ প্রয়োজনীয়তা (Need for Yoga for Students and Youth)

এখন দেশৰ ভৱিষ্যত নিৰ্ভৰ কৰে সেই দেশৰ নতুন প্ৰজন্ম বা ছাত্ৰ ছাত্ৰী, যুৱক যুৱতীৰ উপৰত। ছাত্ৰ ছাত্ৰী সকলে নিয়মিত যোগাভ্যাস কৰিলে সুন্দৰ স্বাস্থ্যৰ গৰাকী হোৱাৰ উপৰি বৌদ্ধিক বিকাশ, স্মৃতিশক্তি, ধৈর্য শক্তি আৰু সূচৰিত্ৰৰ অধিকাৰী হৈ উঠিব। আজিৰ ছাত্ৰ সমাজৰ বহুতেই বিভিন্ন কুকৰ্মৰ লগত জড়িত হোৱা দেখা গৈছে। যোগে নিচা জাতীয় দ্ৰব্য সেৱন কৰা বদ অভ্যাস পৰিহাৰ কৰাত বিশেষ ভাবে সহায় কৰে।

যোগৰ বিভিন্ন প্ৰকাৰ (Types of Yoga)

যোগ বিভিন্ন প্ৰকাৰৰ বৰ্তমানৰ দিনত প্ৰচলিত হৈ আছে। সেইসমূহ হৈছে- জ্ঞানযোগ, ভক্তিযোগ, কৰ্মযোগ, পতঞ্জলিযোগ, কুণ্ডলীযোগ, হঠযোগ, ধ্যানযোগ, মন্ত্ৰযোগ, লয়যোগ, ইত্যাদি। কৰ্মযোগত আমাৰ শৰীৰটো সুস্থ কৰি ৰাখে। জ্ঞানযোগ অভ্যাসৰ ফলত আমাৰ মনটো সুস্থ সবল আৰু শান্তি অনুভৱ হয়। ভক্তযোগৰ দ্বাৰা আমাৰ মনৰ ভাৱনাবোৰ সুস্থ হৈ থাকে। ক্ৰিয়াযোগে আমাৰ মনৰ বল সুস্থ আৰু সবল কৰি তোলে। বেলেগ বেলেগ বেমাৰৰ কাৰণে বেলেগ বেলেগ যোগ কৰোৱা হয়। যিকোনো যোগ কৰাৰ আগতে অভিজ্ঞ যোগ প্ৰশিক্ষকৰ পৰামৰ্শ অনুসৰি কৰা উচিত।

 বিভিন্ন ৰোগৰ বাবে উপযোগী যোগাসন (Yoga suitable for various diseases)

উচ্চ ৰক্তচাপ: পৱনমুক্তাসন, কুম্ভীৰাসন, গোমুখাসন, শবাসন, বজ্ৰাসন ইত্যাদি।

ডায়েবেটিচ: পৱনমুক্তাসন, কুম্ভীৰাসন, পশ্চিমউত্তনসন ,শবাসন, বজ্ৰাসন, কঁপালভাটি, anulom bilom ইত্যাদি।

কোষ্ঠ বদ্ধতা: ভূজংগাসন, কটিচক্ৰাসন, পাদহস্তাসান, সর্বাংগশান, মাৎস্যসন, শবাসন ইত্যাদি।

মেদবহুলতা: পৱনমুক্তাসন, কুম্ভীৰাসন,ভূজংগাসন, কঁপালভাটি,সর্বাংগশান, মাৎস্যসন ,কটিচক্ৰাসন, anulom bilom, শবাসন ইত্যাদি।

হাঁপানী: কুম্ভীৰাসন, অনুলম বিলম, শবাসন, কটিচক্ৰাসন, শশাংগশান, যোগামুদ্রা ইত্যাদি।

মূৰৰ বিষ: পৱনমুক্তাসন, কঁপালভাটি, অনুলম বিলম,শবাসন, মাৎস্যসন ,ভূজংগাসন ইত্যাদি।

ঋতুৰোগ: পাদহস্তাসান, যোগামুদ্রা,ভূজংগাসন, শলভাসন, অনুলম বিলম, সর্বাংগশান, মাৎস্যসন, শবাসন ইত্যাদি।

কঁকালৰ বিষ: তাদসান, ভূজংগাসন, মাৰজাৰসন, ধনুৰাসান, বজ্ৰাসন,শবাসন ইত্যাদি।

ডিঙিৰ বা কান্ধৰ বিষ: পশ্চিমউত্তনসন, পৱনমুক্তাসন, সূৰ্য নমস্কাৰ ইত্যাদি।

ক’ভিড-১৯ মহামাৰীৰ সৈতে যুজঁ দি থকাৰ সময়তো, যোগাভ্যাসে আমাৰ শৰীৰত ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়াই আমাক শাৰীৰিক আৰু মানসিকভাৱে সুস্থ সবল কৰি ৰখাত সহায় কৰিছে । বিভিন্ন যোগাসন অভ্যাসৰ জড়িয়তে আমাৰ শ্বসন ক্ষমতা বঢ়াৰ উপৰিও মানসিক দুঃশ্চিন্তা কমোৱাত সহায় হয় যাৰ ফলত কোভিড-১৯ প্ৰতিৰোধ কৰাৰ লগতে ক’ভিড ৰোগ নিৰাময় হোৱাত গুৰুত্বপূৰ্ণ ভূমিকা পৰিলক্ষিত হৈছে ।

যোগ কেৱল ব্যায়াম নহয়। যোগ এক উৎকণ্ঠাগ্ৰস্ত ব্যক্তিৰ উৎকণ্ঠা আঁতৰাই তেওঁক উৎকণ্ঠাবিহীন কৰি তোলে। যোগে অশান্ত মনক শান্ত কৰে। সেয়েহে আহক আমি সকলোৱে যোগক আদৰি লওঁ আৰু এই বছৰ 21 জুন আন্তজাৰ্তিক যোগ দিৱস “মানৱ জাতিৰ বাবে যোগ" বিষয়বস্তুৰে উদযাপন কৰোঁ।

লেখিকা- ডাঃ বিজিতা চুতীয়া,
বি. এ. এম. এচ., এম. ডি.
জ্যেষ্ঠ গৱেষক ও চিকিৎসক (আয়ুৰ্বেদ)
ফোন-৯৭০৭২৮৪১০০

লগতে পঢ়ক-International Yoga Day 2022: আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস ২০২২

English Summary: International Yoga Day : Importance of Yoga in our Day to Day Life
Published on: 21 June 2022, 05:42 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now