Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 30 July, 2021 11:51 PM IST
Green Tea

সকলোৰে ঘৰত চাহ অতি প্ৰিয় আৰু সকলোৱে উপভোগ কৰে। বর্তমান সময়ত সেইজীয়া চাহ বা Green Tea আৰু ৰঙা চাহ বা Red Teaকে ধৰি বহুতো চাহ আছে যি স্বাস্থ্যৰ বাবে উপযোগী। কেমেলীয়া চিনেনচিছ উদ্ভিদৰ পাতৰ পৰা সেউজীয়া চাহ তৈয়াৰ কৰা হয়।

কিছুমান স্বাস্থ্য উপকাৰিতা আছে। এক শক্তিশালী ৰোগ প্ৰতিৰোধ প্ৰণালী বজাই ৰখাত, ওজন হ্ৰাস কৰাত সহায় কৰে, আৰু কাৰ্ডিওভাস্কুলাৰ স্বাস্থ্য বাহাল ৰখাত সহায় কৰে।

গ্রীন টী স্বাস্থ্যৰ বাবে কিয় উপযোগী-

1. দৈনিক গ্রীন টী সেৱন কৰিলে হূদযন্ত্রৰ ৰোগৰ পৰা হোৱা মৃত্যুৰ আশংকা বহুগুণে হ্রাস পায়৷ ২০১৫ চনত হোৱা এটা সমীক্ষাত দেখা গৈছে দৈনিক একাপ গ্রীন টী খোৱা বৃদ্ধি কৰিলে হূদযন্ত্রৰ ৰোগৰ পৰা মৃত্যুৰ আশংকা ৫ শতাংশ হ্রাস পায়৷

2. ষ্ট্র’ক এটা অতি জৰুৰী আৰু ভয়ানক ৰোগ, য’ত মগজুৰ তেজ প্রৱাহিত হোৱা সিৰা ফাটি যায় আৰু মগজুৰ ভিতৰত ৰক্তক্ষৰণ হয়৷ উচ্চ ৰক্তচাপৰ বাবে ষ্ট্র’ক হয়৷ দৈনিক গ্রীন টী সেৱনে ৰক্তচাপ হ্রাস কৰে আৰু ষ্ট্র’কৰ সম্ভাৱনা হ্রাস কৰে৷

3. দৈনিক গ্রীন টী সেৱন কৰিলে ৰক্তত কলেষ্টৰেলৰ মাত্রা হ্রাস কৰে৷ ‘এল ডি এল’ কলেষ্টৰেল দেহৰ বাবে বেছি অপকাৰী আৰু ই হূদৰোগ সৃষ্টি কৰে৷ গ্রীন টীয়ে ‘এল ডি এল’ কলেষ্টৰেলৰ মাত্রা হ্রাস কৰে৷

4. বহুত বিশেষজ্ঞৰ মতে গ্রীন টীয়ে বিভিন্ন কর্কট ৰোগ প্রতিৰোধ কৰে৷

5. যদিও বহুতে গ্রীন টীয়ে ৰক্তত চেনিৰ পৰিমাণ হ্রাস কৰে বুলি মত দিয়ে, কিন্তু বিভিন্ন গৱেষণাত এই বিষয়ে প্রমাণ কৰিব পৰা নাই৷

6. দেহৰ ওজন কমোৱা ঔষধ ৰূপে গ্রীন টীৰ প্রচলন খুব বেছি৷ প্রত্যক্ষভাৱে গ্রীন টীয়ে দেহৰ মেদ বা চর্বি হ্রাস কৰিব নোৱাৰে৷ যিহেতু গ্রীন টীত ‘কেফেইন’ থাকে, ‘কেফেইনে’ দেহৰ উষ্ণতা আৰু বিভিন্ন প্রক্রিয়াবোৰ বৃদ্ধি কৰি ওজন কমোৱাত সহায় কৰে৷ তদুপৰি গ্রীন টী কেল’ৰিশূন্য, সেইবাবে আন পানীয় যেনে– ফলৰ ৰস, চ’দা আৰু বিভিন্ন শীতল পানীয়ৰ সলনি গ্রীন টী সেৱন কৰিলে দেহৰ ওজন হ্রাস কৰিব৷ আন পানীয়সমূহত বহু বেছি পৰিমাণে চেনি থাকে আৰু খুব কেল’ৰিযুক্ত৷

7. গ্রীন টীত থকা ‘থিয়েনহিন’ নামৰ দ্রব্যই মনৰ উদ্বেগ হ্রাস কৰে আৰু মন শান্ত কৰে৷ গ্রীন টীয়ে স্মৃতিশক্তি বৃদ্ধি কৰে আৰু এলজেইমাৰ প্রতিৰোধ কৰে৷

8. কিছুমান নতুন গৱেষণাত দেখা গৈছে যে গ্রীন টীয়ে কিছুমান প্রদাহজনিত চর্মৰোগত ভাল ফল দেখুৱাইছে৷

9. গ্রীন টীয়ে বিশেষ কিছুমান ঔষধৰ দেহৰ ওপৰত ক্রিয়া বৃদ্ধি বা হ্রাস কৰিব পাৰে৷ হূদৰোগৰ ঔষধ, কিছুমান এণ্টিবায়’টিক, উচ্চ ৰক্তচাপৰ ঔষধ, মানসিক ৰোগৰ ঔষধ, তেজ পাতল কৰা ঔষধ আৰু কর্কট ৰোগৰ ঔষধ ব্যৱহাৰ কৰিলে চিকিৎসকৰ পৰামর্শ লোৱা উচিত৷

    গ্রীন টীৰ দেহৰ উপকাৰী গুণবোৰ পাবৰ কাৰণে দৈনিক কমেও ৩ কাপ বা তাতোকৈ অধিক পান কৰিব লাগিব৷ যিহেতু বহুবাৰ গ্রীন টী পান কৰা সকলোৰে বাবে সম্ভৱ নহ’বও পাৰে৷ সেইবাবে বজাৰত গ্রীন টীৰ কেপছুল পোৱা যায়, য’ত বেছি পৰিমাণৰ দেহৰ উপকাৰী দ্রব্যসমূহ থাকে৷ এই কেপছুলবোৰ খুব বেছি পৰিমাণে ব্যৱহাৰ কৰিলে যকৃতৰ ক্ষতি হ’ব পাৰে৷ গর্ভৱতী মহিলাই আৰু স্তনপান কৰোৱা মহিলাই এনে কেপছুল খোৱা নিষেধ৷ গতিকে নিজৰ সামর্থ্য অনুযায়ী গ্রীন টী পান কৰি বিভিন্ন ৰোগ প্রতিৰোধ কৰি দেহটো সতেজ আৰু নিৰোগী কৰি ৰাখক৷

উৎস - হেলথফিটি ফেস বুক পেজ

English Summary: Impressive Health benefits of green tea
Published on: 30 July 2021, 11:51 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now