থেকেৰা টেঙা হৈছে টেঙা এবিধ অসমীয়া খাদ্যাভাস ৰ টেঙা ব্যাঞ্জন। থেকেৰা হৈছে এবিধ শুকান টেঙা ফল যাক কৰা হয় আৰু অসমীয়া মানুহে ব্যঞ্জনবোৰত টেঙা হবৰ বাবে ব্যৱহাৰ কৰা হয়। থেকেৰা টেঙা অসমীয়া খাদ্য তালিকাত অতি জনপ্রিয় ৷ ইয়াক ভালদৰে বনালে অতি সোৱাদযুক্ত হয় ৷ ইয়াক বিভিন্ন ব্যঞ্জনৰ সৈতে যোগ দি বনাব পাৰি যেনে- মাছৰ আঞ্জা ৷ আমি আজি আলুৰ সৈতে কেনেকৈ বনাব পাৰি তাকে শিকিম ৷ আহক তেন্তে পলম নকৰি থেকেৰা টেঙা আপুনি ঘৰতে অতি সোৱাদযুক্ত কেনেকৈ বনাব পাৰে শিকোঁ ৷
প্রয়োজনীয় সময়
প্রস্তুতি : 10 মিনিট
ৰন্ধন : 20 মিনিট
মুঠ :30 মিনিট
উপকৰণ
- 4 টা আলু) পাতলকৈ কটা
- 1 চামুচ সঁৰিয়হৰ তেল
- 1/4 চামুচ হালধি
- 1 চামুচ ময়দা,
- 3-4 থেকেৰা টেঙা টুকুৰা 1/4 কাপ পানীত তিয়াই থব
- নিমখ
- 1 চামুচ পাচ পোৰান মচলা
- 4 কেঁচা জলকীয়া
- 4 টা ধনিয়া পাত, মিহিকৈ কটা
থেকেৰা টেঙা ৰেচিপি কেনেদৰে বনাব
- এটা বহল পেন চ'চত তেলৰে আলুৰ টুকুৰাবোৰ ভাজক আৰু সেইবোৰ একাষৰীয়া কৰি ৰাখক
- এতিয়া উপৰত উল্লেখ কৰা গোটেই উপকৰণ সমূহৰ সৈতে তেলৰে গৰম আৰু লৰাই দিয়ক ৷
- 1-2 কাপ পানী, নিমখ আৰু হালধি যোগ দিয়ক।
- এতিয়া ময়দা এক চামুচ পানীৰ সৈতে মিহলি কৰক আৰু ইয়াক তাতে ঢালি দিয়ক
- যেতিয়া মিশ্ৰণটো ডাঠ হ'বলৈ আৰম্ভ কৰে, তেতিয়া থেকেৰা টেঙাবোৰ দিয়ক আৰু পূর্বতে ভাজি থোৱা আলুখিনি দিয়ক ৷
- আৰু 4-5 মিনিটৰ বাবে কম জুইৰ ওপৰত ৰান্ধক আৰু তাৰ পিছত নমাই থওক ৷
এনেদৰে আপুনি ঘৰতে থেকেৰা টেঙাৰ জুতি লগা ব্যঞ্জন বনাব পাৰে কম সময়তে ৷