Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 22 January, 2021 7:38 PM IST
Bittergurd Juice

    বর্তমান সময়ত এই ৰোগ ইমান বেছি বৃদ্ধি পাইছে যে ইয়াক এটা মাৰাত্মক ৰােগ হিচাপে গণ্য কৰিবলৈ লােৱা হৈছে। বিশ্ব স্বাস্থ্য সংগঠন (who) ৰ মতে ভাৰতত প্রায় 77 মিলিয়ন মধুমেহ ৰােগী আছে ( বিশ্বৰ ভিতৰত দ্বিতীয়) আৰু ২০৩০ চনলৈ ই বৃদ্ধি হৈ 100 মিলিয়ন হােৱাৰ সম্ভাৱনা আছে। উচ্চ কেলৰি যুক্ত আৰু শাৰীৰিক ব্যায়ামৰ অভাৱেই হৈছে এই ৰােগৰ মূল কাৰণ। যদিহে আমি আমাৰ খাদ্য তালিকাখন সাল - সলনি কৰি তাত চাৰিবিধ পানীয়ক (Juice) অন্তর্ভুক্ত কৰাও তেনেহলে মধুমেহ ৰােগবিধ নিয়ন্ত্রণ কৰি ৰখাত যথেষ্ট উপকৃত হ’ব পাৰিম। এই চাৰিবিধ পানীয় (Juice) হৈছে -

১) কেৰেলাৰ জুছ (bittergurd juice) মধুমেহ ৰােগীৰ বাবে সকলােতকৈ উৎকৃষ্ট পানীয়বিধ হৈছে কেৰেলাৰ জুছ। কেৰেলাৰ জুছে শৰীৰত থকা ইনচুলিনক সক্রিয় কৰি তােলে যাৰ ফলত তেজত থকা চর্বিসমূহ ফেটলৈ পৰিৱৰ্তন হ'ব নােৱাৰে। ইয়াৰ ফলত শৰীৰৰ ওজনাে বাঢ়ি যােৱাত বাধাপ্রাপ্ত হয়। পুৱাতে এগিলাছ কেৰেলাৰ জুছ খালে ব্লাড চুগাৰ সন্তোলিত অৱস্থাত ৰখাত সহায়ক হয়।

২) মেথি পানী(Methi Juice) প্রাকৃতিক উপায়েৰে ব্লাড চুগাৰ নিয়ন্ত্রণ কৰি ৰখাত সহায়ক হােৱা আন এবিধ পানীয় হৈছে মেথি পানী। এক গৱেষণাত পােৱা গৈছে যে, প্রতিদিনে গৰম পানীত ১০ গ্রাম মেথি তিয়াই খালে ব্লাড চুগাৰ নিয়ন্ত্রণত থাকে। এই পানীয় সেৱনৰ ফলত ইয়াত থকা ফাইবাৰে পাচক ক্রিয়াক সৰল কৰি তােলে। লগতে কার্বহাইড্রেট আৰু শৰ্কৰাও কমাই ৰাখে।

৩) জ্ব’ ধানৰ পানী–জ্ব’ ধান তিয়াই থােৱা পানী নিয়মিতভাৱে খালে ইয়াত থকা এন্টিঅক্সিডেন্টে বহুতাে ৰােগৰ সৈতে যুঁজিবৰ বাবে সক্ষম কৰি তােলে। ই সদায় তেজত থকা শৰ্কৰাক নিয়ন্ত্রণত ৰাখে। মনত ৰাখিবলগীয়া কথাটো হ'ল যে উচিত ফলাফলৰ বাবে সদায় জ্ব’ ধানৰ পানী মিঠাকৈহে খাব লাগে।

৪) গ্রীণ টি (Green Tea) বি.এম.চি. ফার্মাকল’জিত প্রকাশ পােৱা এক অধ্যয়নমতে গ্রীণ টিৰ দ্বাৰা স্বাস্থ্যৱান লােকসকলৰ (Metabolism) মেটাবলিজম ভাল হয়। এক গৱেষণাত পােৱা গৈছে যে, গ্রীণ টি সেৱনৰ ফলত ব্লাড চুগাৰ যথেষ্ট ভাৱেই নিয়ন্ত্রণত থাকে। তথাপি ইয়াৰ ওপৰত বর্তমানেও গৱেষণা চলি আছে।

আপুনি জানেনে অমিতা গছৰ পাত আৰু অমিতাতকৈ বহু গুনে উপকাৰী (Do you know papaya leafs is helpful more than papaya fruits)

English Summary: How to avoid diebetes Important fact for the patient of diebetes
Published on: 22 January 2021, 07:38 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now