দেহাইহে বেহা বুলি প্ৰচলিত আপ্ত বাক্যৰ মোল বুজা লোকে সুস্বাস্থ্য বৰ্তাই ৰাখিবলৈ সততে আগ্ৰহী হয়। শৰীৰ ভাল থাকিলেহে উলাহেৰে কাম কৰি সফলতা অৰ্জন কৰাটো সম্ভৱপৰ। দেহ ৰোগাক্ৰান্ত হ’লে শৰীৰ প্ৰক্ৰিয়া বাধাগ্ৰস্ত হোৱাৰ উপৰি দৈনন্দিন কৰ্তব্য পালনতো প্ৰতিবন্ধকতাৰ সৃষ্টি হয়। সেইবাবে সুস্বাস্থ্যৰ বাবে প্ৰয়াস কৰাটো সকলোৰে একান্ত পালনীয় কৰ্তব্য। বেমাৰত ভুগি আৰোগ্য লাভ কৰাতকৈ ইয়াক প্ৰতিৰোধ কৰাটোহে উত্তম পন্থা। সেইবাবে সাম্প্ৰতিক কালত ছিটাৰ উদ্ভাৱন হৈছে। তথাপি কোনো এক সময়ত অসাৱধানতাৰ ফলত মানৱ শৰীৰক ৰোগে আক্ৰমণ নকৰাকৈ, নাথাকে। দৰব প্ৰয়োগৰ জৰিয়তে এই পৰিস্থিতিৰ সলনি কৰি শৰীৰৰ স্থিতৱস্থা ঘূৰাই অনাটো অসম্ভৱ নহয়। দোকানত দৰব মজুত থাকে, যদিও চিকিৎসকৰ বিধান অনুসৰিহে ইয়াক ক্ৰয় কৰি সেৱন কৰা বিধেয়। চিকিৎসকৰ ওচৰ নচপাকৈ সাধাৰণ বেমাৰ কেতবোৰৰ পৰা নিৰাময় লাভ কৰিব পাৰি। ঘৰতে থকা আৰু হাততে ঢুকি পোৱা বস্তু কিছুমান দৰব হিচাপে ব্যৱহাৰ কৰিব পাৰি। তদুপৰি কিছুমান অসুখত ঔষধ সেৱন নকৰিলেও আৰোগ্য হয়। ঠাণ্ডাৰ প্ৰকোপত দেহ পানী লগা বিকাৰত আক্ৰান্ত হয়, যি এবিধ বিষাণু (ভাইৰাছ) জনিত বেমাৰ। এই ৰোগ সম্পৰ্কত কোৱা হয় যে ঔষধ ব্যৱহাৰ কৰিলে নিৰাময় হ’বলৈ এসপ্তাহ সময় লাগিব অথচ ঔষধ সেৱন নকৰিলেও এই বেমাৰ সাত দিনত গুচে।
সাধাৰণ জ্বৰ-কাহত মৌজোল মহৌষধ। আধাকাপ উতলা পানীত এচামুচ নেমু ৰস মিহলাই এচামুচ মৌ জোল ঢালি গৰমে গৰমে খালে ততালিকে বেমাৰ নিৰাময় হয়। ঠাণ্ডাৰ কৱলত পৰিলে পানী লগা জ্বৰ হৈ ডিঙি বিষায়, যাৰ বাবে সহজে সকাহ পাবলৈ মৌ জোলৰ ব্যৱহাৰ অপৰিহাৰ্য। চূণৰ লগত মৌ মিহলাই গলত ঘঁহিলে বিষ পলাই পত্ৰং দিয়ে। বিজুলী পাংখাৰ বা লোৱাৰ পৰা বিৰত থাকিলেও এনে বিকাৰ সহজে আঁতৰে। অতিমাত্ৰা ভক্ষণ কৰাৰ পৰিণতিত খাদ্য জীন নাযায় সহজে। খোৱাৰ বিসংগতিৰ ফলতো বদহজম হোৱাৰ ফলতো বদহজম হোৱাৰ ফলত পাকস্থলীৰ বিষ-বেদনাত ভোগায়। ফলত অসহ্য যন্ত্ৰণা হয়। ইয়াৰ নিৰাময়ৰ বাবে ঘৰুৱা দিহা আছে। এটুকুৰা আদা থেতেলাই গৰম পানীত দি সহজে ইয়াৰ ৰস চেপি উলিয়াই গৰমে গৰমে মৌ মিহলাই খালে যাদুৰ দৰে কাম কৰি বদহজম নিৰাময় কৰে। আদা শুকাই গুৰি কৰি এটা বটলত ভৰাই থ’লে আপদ উদ্ধাৰৰ বাবে এচামুচ গুৰিৰ লগত অলপ মৌ ৰস মিহলাই খালে দেহৰ অলসতা আঁতৰ হয়। তদুপৰি ইয়াৰ ফলত মুখৰ অৰুচি নাইকিয়া হয় আৰু ভোক লাগে। ডিঙিৰ বিষ অথবা আন উপসৰ্গত এগিলাচ গৰম পানীত এচামুচ নিমখ মিহলাই সেই দ্ৰৱ মুখত লৈ কুলকুলালে ডিঙিৰ সুৰসুৰনি বা বিষ কমে। কাঁইট নাইবা জোঙা শিলে বিন্ধিলে নিমখ তপতাই সেক দিলে আৰাম পোৱা যায়। পৰিষ্কাৰ কাপোৰ এটুকুৰাত অলপ নিমখ বান্ধি লৈ তপত তিল তেলত জুবুৰিয়াই আঘাত পোৱা ঠাইত সেক দিব লাগে, আৰু কেইবাবাৰো একে ধৰণে কৰিলে বিষ গুচে।
পাকঘৰত ৰন্ধা-বঢ়া কৰোতে কেতিয়াবা জুয়ে পোৰে। তপত তেল নাইবা পানী ছিটিকি পৰিও দেহৰ কোনো ঠাই পুৰিব পাৰে। এই পোৰা অংশৰ পোৰণি নিমখ পানীয়ে নিমিষতে নোহোৱা কৰে। পোৰাৰ লগে লগে নিমখ পানী লগালে পানী জোলা নুফুটে। কিছুমান ক্ষেত্ৰত নিম তেলে অসাধ্য সাধন কৰে। বাত বিষ, বুকুৰ বেদনা আৰু মূৰ্চ্ছা যোৱা ৰোগত নিম তেলে বৰ কাম দিয়ে। এই তেলপ্তপত কৰি গোটেই গাত মালিচ কৰিলে সুফল পোৱা যায়। কলিজাৰ পোৰণি আৰু পেটত গেছ জমা হৈ যন্ত্ৰণাত কাতৰ কৰিলে নহৰুৱে একান্ত সহায়ৰ থল। নহৰু পুৰি লৈ তাৰ বাকলি গুচাই খালে যন্ত্ৰণাৰ উপশম ঘটে। মূৰৰ বিষতো নহৰু আৰু আদাই দৰবৰ কাম কৰি বেমাৰ নিৰাময় কৰে। নহৰুৰ কেইটামান কোঁহ পানীত জুবুৰিয়াই পটাত পিহি লোৱা হয়, সেইখিনি তপত কৰি কপালত লেপ দিলে মূৰৰ বিষ পলাই ফাট মাৰে। নহৰুৰ সলনি আদা লৈও একে ধৰণে লেপ দিলে মূৰৰ বিষৰ পৰা পৰিত্ৰাণ পোৱা যায়। জালুক পানীত উতলাই ক্কাথ তৈয়াৰ কৰি মৌ জোল মিহলাই ইনফ্লৱেঞ্জা নিৰাময় হয়। এটা বাটিত অলপমান নাৰিকল তেল লৈ এটুকুৰা কৰ্পুৰ পেলাই দি তপত কৰিলে দৰবীয় তেল প্ৰস্তুত হয়, যি তেল বুকুত মালিচ কৰি তেজ ঠাহ খোৱা বেমাৰৰ পৰা পৰিত্ৰাণ পাব পাৰি। ই কেঁচুৱাক ততালিকে আৰাম দিয়ে। চেনি বা গাখীৰ নিদিয়াকৈ প্ৰস্তুত কৰা কঢ়া চাহ খাই গ্ৰহণী ৰোগৰ পৰা হাত সাৰিব পাৰি। পো-পৰুৱাই কামুৰিলে আঘাত পোৱা ঠাইত কটা পিঁয়াজেৰে ঘঁহি দিলে নিমিষতে বিষ গুচে। চূণ ঘঁহি দিলেও সুফল পোৱা যায়। ই ফুলি উঠাত বাধা প্ৰদান কৰাৰ উপৰি বিহ অন্তৰ্হিত কৰে। গাৰ ছালত ফুটা কৰি জোকে তেজ পিলে নিমখ লগালে ই এৰা দিবলৈ বাধ্য আৰু ক্ষত স্থানত চূণ লেপি দিলে তেজ ওলোৱা বন্ধ হয়। কোষ্ঠকাঠিন্য সকলো বেমাৰৰ মূল। নিয়মিতভাৱে শিলিখা, আমলখি আদি খালে এই অথন্তৰ দূৰতে বিদূৰ কৰিব পাৰি। ঘৰুৱা দিহা মানি চলি আমাৰ জীৱন ধাৰণ সহজসাধ্য কৰিব পাৰি।
উৎস: দৈনিক অসম।