Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 18 March, 2023 12:11 PM IST
Home remedies with simple kitchen items

এখন ঘৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ স্থান হৈছে পাকঘৰটো। কেৱল যে ৰন্ধা বঢ়াৰ বাবেহে পাকঘৰতো ব্যৱহাৰ হয় এনে নহয় বহল অৰ্থত চাবলৈ হলে পাকঘৰক এখন সৰু সুৰা বৈদ্যশালা বা চিকিৎসালয়ৰ লগত তুলনা কৰিব পাৰি। আমি ভুগি থকা সৰু সুৰা বেমাৰ কিছুমানৰ সহজ ঘৰুৱা সমাধান পাওঁ এই পাকঘৰতেই। অতীতৰে পৰাই আমাৰ পূৰ্বপুৰুষ সকলে প্ৰায়বোৰ ৰোগৰ ঘৰুৱা চিকিৎসাত পাকঘৰৰ বহুতো সামগ্ৰী ব্যৱহাৰ কৰিছিল। আমি বহুতেই জনা নজনাকৈয়ে এতিয়াও সেই পৰম্পৰা ধৰি ৰাখিছো বা ৰাখিবলৈ চেষ্টা কৰিছো। কিন্তু তাৰ মাজতে আমি কেতিয়াবা এনেকুৱা সাধাৰণ বস্তুবোৰ অৱহেলা কৰো আৰু গুৰুত্ব নিদিও।

কিবা অসুখ বিষুখ হলেও যধে মধে বিভিন্ন ঔষধ খাই নিজৰ শৰীৰৰ কেতিয়াবা অপকাৰহে কৰো বুলি কলেও ভুল নহয়। অৱশ্যে  ৰোগ চাইহে চিকিৎসা বাৰু! তথাপি সৰু সৰু অসুখ বিষুখ হ'লে আচলতে প্ৰথমতে আমি পাকঘৰৰ সাধাৰণ বস্তুৰে ঘৰুৱা চিকিৎসা কৰিবলৈ চেষ্টা কৰিব পাৰো। আমি খাই থকা বস্তুবোৰ যেতিয়া কোনো অসুখৰ বাবে ঔষধ হৈ পৰে ভাবি চাওকচোন কিমান ভাল লাগে! এষাৰ কথা আছে নহয়-- Your food should be your medicine. But medicine should not be your food. সেয়েহে চেষ্টা কৰোচোন আহক পাকঘৰৰ বস্তুৰে নিজৰ স্বাস্থ্যৰ যত্ন ল'বলৈ| গতিকে পাকঘৰৰ তেনেকুৱা কেইবিধমান সাধাৰণ বস্তু বিভিন্ন ৰোগৰ ঘৰুৱা দিহাত কেনেকৈ ব্যৱহাৰ কৰিব পাৰি তাকে আজিৰ লেখাটোত আপোনালোকৰ লগত অকণমান আলোচনা কৰো বুলি ভাবিছো। আশাকৰো আপোনালোক উপকৃত হব।

আদা: 

পাকঘৰ শুৱনি এবিধ মছলা হৈছে আদা। প্ৰায়বোৰ ব্যঞ্জনতে আদা অকণমান দিলে খাবলৈ সোৱাদ বেছি হয়। কিছুমান সৰু সুৰা ৰোগৰ সহজ ঘৰুৱা আদা ব্যৱহাৰ কৰিব পাৰি। যেনে-

১) আভোক বা অৰুচি (loss of appetite), বদহজম (indigestion), পেটত গেছ হ'লে, বমি বমি অনুভৱ হ'লে (nausea) কেঁচা আদা সৰু সৰুকৈ কাটি অকণমান ক'লা নিমখৰ লগত খালে সুফল পোৱা যায়। নাইবা আদাৰ ৰস এচামুছ, পদিনাৰ ৰস এচামুছ, এচিকুট ক'লা নিমখ দি খালে সুফল পোৱা যায়। আদাৰ লগত ক'লা নিমখ আৰু নেমুৰ ৰস মিহলাই আহাৰ খোৱাৰ আধা ঘণ্টাৰ আগত খালেও সুফল পোৱা যায়। আদাই লালটি গ্ৰন্থি সমূহ সক্ৰিয় কৰি তোলে

(২) চৰ্দি, কাহ, ঋতু সলনি হোৱাৰ সময়ত হোৱা বিভিন্ন কফজনীত সমস্যাত আদা ব্যৱহাৰ কৰিলে সুফল পোৱা যায়। ইয়াৰ বাবে তলত দিয়া দিহাকেইটা ব্যৱহাৰ কৰিব পাৰে।

(ক) একাপ পানীত এটুকুৰা সৰু আদাৰ টুকুৰা থেতেলাই লৈ দি উতলিবলৈ দিব লাগে। উতলি যেতিয়া আধা কাপ পানী থাকিব তেতিয়া জুইৰ পৰা নমাই অলপ ঠাণ্ডা হোৱাৰ পাছত নেমুৰ ৰস আৰু মৌ অকণমান দি সেৱন কৰক।

(খ) আদাৰ ৰস এচামুছ, তুলসীৰ ৰস এচামুছ, শেৱালি পাতৰ ৰস আধা চামুচ, মৌ এচামুছ দি দুভাগ কৰি দিনে দুবাৰ খাব।

কাঁচকল:- পেটৰ অসুখত কাঁচকল বহুত উপকাৰী। হঠাতে কেনেবাকৈ পেট চলিলে বা কাৰোবাৰ যদি ক্ৰনিক ডিচেণ্ট্ৰিৰ সমস্যা আছে তেন্তে তেনে লোকে কেচা কাচকল এডোখৰ খুন্দি তাৰ ৰসৰ লগত অকণমান কলা নিমখ দি গৰম কৰি খাব পাৰে। ই খুব তৎক্ষণাত ভাল ফলাফল দিয়ে। সৰু সৰু ল'ৰা ছোৱালীবোৰৰ মাজে সময়ে এনেকুৱা পেটৰ সমস্যা হৈ থাকে। সেয়েহে পাকঘৰত কাঁচকল ৰাখি থলে মাকসকলৰ বহু চিন্তা নিশ্চয় দূৰ হ'ব। পেট চলিলে কাঁচকল সিজাই খালেও বহু খিনি আৰাম পায় ৰোগীয়ে। সেয়ে দেখাত সাধাৰণ আৰু এলাগী যেন লাগিলেও কাঁচকল প্ৰত্যেকৰে পাকঘৰত ৰাখিব লাগে।

হালধি-

হালধিৰ হালধীয়া ৰঙে ব্যঞ্জনৰ ৰং ধুনীয়া কৰে আৰু ঔষধি গুণো বৃদ্ধি কৰে। হালধিৰ বীজাণুনাশক গুণ আছে আৰু ই তেজ পৰিষ্কাৰ কৰে। কটা চিঙা ঘাঁ আদিত হালধি গুৰি লগালেও সুফল পোৱা যায়। তলত হালধিৰ কেইটামান দিহা দিয়া হৈছে।

যিসকল ব্যক্তিৰ সঘনাই পানী লগা, কাহ, টনচিলাইটিছ, ফেৰিনজাইটিছ, ছালৰ বেমাৰ, এলাৰ্জি আদি হৈ থাকে তেওঁলোকে হালধিৰ এটা দিহা ব্যবহাৰ কৰি চাব পাৰে। একাপ কুহুমীয়া গাখীৰত আধা চামুচ গুৰি হালধি মিহলাই ৰাতিপুৱা আহাৰ খোৱাৰ এঘণ্টা মানৰ আগতে দৈনিক কিছুদিন খালে যথেষ্টখিনি উপকৃত হ'ব।

শুকান ছালৰ গৰাকীসকলে চাবোনৰ সলনি বেচনৰ লগত গাখীৰ আৰু হালধি গুৰি মিক্স কৰি ছালত লগালে যথেষ্ট উপকৃত হ'ব।

টনচিলাইটিছ, ফেৰিনজাইটিছ আদিত ভোগা সকলে কুহুমীয়া পানীত হালধি গুৰি মিহলাই কুলিকুলি কৰিলেও উপকৃত হ'ব।

নিমখত দিয়া নেমু-

আমাৰ প্ৰত্যেকৰে ঘৰতে পোৱা এবিধ বিশেষ বস্তু হৈছে নিমখত দিয়া গোলনেমুকণ। এই গোলনেমুৰ ঔষধি গুণৰ কথা সকলোৱেই জানে। ডিচেন্ত্ৰী, ডায়েৰীয়া যিয়েই নহওঁক নিমখত দি থোৱা পুৰণি গোলনেমু অকণমান খাই দিলেই বহুত খিনি আৰাম পোৱা যায়। হঠাৎ পেটৰ অসুখ বিষুখ হ'লে ঘৰতে পোৱা তাৎক্ষণিক চিকিৎসা হিচাবে ইয়াক ব্যৱহাৰ কৰিব পাৰি। সেয়েহে প্ৰত্যেকৰে ঘৰতে এনেকুৱা অলপ গোলনেমুৰ আচাৰ ৰখা উচিত।

কলাখাৰ- খাৰ খোৱা অসমীয়া বুলি আমাৰ এটা পৰিচয় আগৰে পৰাই আছে। ভীমকলৰ মধুনা আৰু ভীমকলৰ বাকলি পুৰি লৈ তাৰ পৰা বনোৱা কলাখাৰ আমি বিভিন্ন ব্যঞ্জনত দি খাওঁ। ইয়াৰ ভিতৰত ভীমকলৰ বাকলি সহজলভ্য হোৱাৰ বাবে সকলোৰে ঘৰত ৰখা হয়। কলা খাৰ দিয়া ব্যঞ্জন খাবলৈ সোৱাদ লগা হোৱাৰ উপৰিও ছালৰ বেমাৰ যেনে খৰ খজুৱতি, এলাৰ্জি আদিত বহুত উপকাৰী। ফেৰিনজাইটিছ, টনচিলাইটিছ, কফ হৈ মাত বহি গ'লে কেতিয়াবা উপায় বিচাৰি নোপোৱা নিচিনা হয়। তেনেক্ষেত্ৰত কলাখাৰ ব্যৱহাৰ কৰিব পাৰি। ইয়াৰ বাবে কলখাৰণী অকণমান উলিয়াই লৈ তাত কেঁচা মিঠাতেল আধা চামুচ মান দি গৰম ভাতৰ লগত সানি খালে যথেষ্ট খিনি আৰাম পোৱা যায়। মাজে মাজে কলাখাৰ খাই থাকিলে ই তেজ পৰিস্কাৰ কৰাতো সহায় কৰে।

খৰিচা:

আমাৰ প্ৰত্যেকৰে ঘৰৰ পাকঘৰত খৰিচা অকণমান থাকেই নহয়নে বাৰু? বাঁহৰ গাজৰ পৰা বনোৱা খৰিচা( বিশেষকৈ ভলুকা বাঁহৰ ভাল হয়) বটলত ভৰাই টেঙা হোৱাৰ পাছত চাটনি হিচাপে বা মাছ মাংসৰ লগত, বা অন্য ব্যঞ্জনৰ লগত বনাই খোৱা হয়।

মাগুৰ ,শিঙি বা গৰৈ আদি মাছ পুৰণা খৰিচা দি শুকনি(As a natural healing medicine) হিচাপে প্ৰসূতা তিৰোতাক খাবলৈ দিয়া হয়| এনেদৰে বনোৱা খৰিচাৰ শুকনি ব্যঞ্জন বসন্ত ৰোগৰ দাগ নোহোৱা কৰিবলৈও খোৱা হয়। শুকান খৰিচা বৰল, মৌ মাখিয়ে বিন্ধিলে লগাই দিলে অতি সোনকালে সুফল পোৱা যায়।

পিয়াঁজ:-পিয়াঁজ নহলে পাকঘৰৰ বেছিভাগ ব্যঞ্জনেই হয়তো আধৰুৱা হৈ পৰিব। পিয়াঁজ কিন্তু বিভিন্ন ঘৰুৱা দিহাত ব্যৱহাৰ কৰিব পাৰি। কিছুমানৰ ছাইনাচাইটিচ সমস্যা থাকে আৰু কেতিয়াবা সৰু সৰু লৰা ছোৱালী বিলাকৰ নাকেৰে তেজ ওলায় যাক গাঁৱলীয়া ভাষাত কোৱা হয় এঁৱা ভঙা। এনেকৈ নাকেৰে তেজ ওলালে হঠাৎ কি কৰো কি নকৰো লাগে নহয়নে বাৰু? তেনেক্ষেত্ৰত ওপৰমুৱাকৈ শুই নাকৰ দুয়োটা ফুটাত দুই তিনিটোপাল পিয়াঁজৰ ৰস দিলে তেজ ওলোৱা বন্ধ হোৱা দেখা যায়। ইয়াৰ উপৰিও বৰল বা মৌমাখিয়ে বিন্ধিলে পিয়াঁজৰ ৰস উলিয়াই লগালে বিষ ভালেখিনি কমি যায়। পিয়াঁজৰ ৰসত থকা ছালফাৰে নতুন চুলি গজাটো সহায় কৰে। সেয়েহে চুলিৰ বিভিন্ন ঘৰুৱা দিহাত পিয়াঁজৰ ৰস ব্যৱহাৰ কৰা দেখা যায়।

নহৰু:

পাকঘৰত প্ৰতিটো মুহূৰ্তত গৃহিনীৰ সংগী হৈ থাকে নহৰু। দাইল, চবজি, মাংস বা যিয়েই বনোৱা হয় নহৰু অকণমান সদায়ে লাগে নহয়নে। ব্যঞ্জনৰ সোৱাদ বৃদ্ধি কৰাৰ লগতে ই বহুতো বেমাৰৰ পৰা আমাক বচাইও ৰাখে। উচ্চ ৰক্তচাপ , কলেষ্টৰল আৰু মেদবহুলতাৰ সমস্যাত নহৰু উপকাৰী। দিনে তিনি চাৰি ফুটা নহৰু বাকলিৰ সৈতে খালে যথেষ্ট সুফল পোৱা যায়। কিন্তু নিম্ন ৰক্তচাপ থকা সকলে বেছিকৈ নহৰু নাখাব, কেতিয়াবা ৰক্তচাপ বেছি কমিও যোৱাৰ সম্ভাৱনা থাকে। প্ৰসূতি সকলৰ বাবেও নহৰু বহুত উপকাৰী। বনজালুকৰ, কচুথোৰ আদিৰ জালুকীয়া আঞ্জাত নহৰু দি  খালে জৰায়ুৰ স্বাভাৱিক অৱস্থা ঘূৰি অহাটো সহায় কৰে আৰু পেটৰ চৰ্বীও কম কৰাত সহায় কৰে।

জালুক

জালুক এবিধ গৰম মছলা। অৰ্থাৎ খালে আমাৰ ই শৰীৰটো গৰম কৰি ৰাখে। জালুকৰ উপকাৰী গুণ কিছুমান হৈছে-

কাহ, চৰ্দি, জ্বৰ বা বতৰ পৰিবৰ্তনৰ সময়ত হোৱা কফজনীত বহুতো ৰোগত জালুক উপকাৰী।

আইৰণ থকা বাবে নিম্ন ৰক্তচাপত উপকাৰী। নিম্ন ৰক্তচাপ থকা সকলে পাৰ মাংসৰ লগত কলডিলৰ জালুকীয়া খালে যথেষ্ঠ খিনি উপকৃত হয়। কিন্তু উচ্চ ৰক্তচাপ থকা সকলে জালুক কমাই খাব লাগে বা এনেকুৱা ব্যঞ্জন কমাই খাব লাগে।

ওপৰত উল্লিখিত প্ৰায়বোৰ বস্তুৱেই আমাৰ পাকঘৰত থাকে। এনেকুৱা সাধাৰণ বস্তুবোৰো যে কেতিয়াবা আমাৰ বাবে বিপদৰ বন্ধু হৈ পৰে ভাবিলে আচৰিত লাগে নহয়নে? আমি খোৱা খাদ্যবোৰক আমি এনেকৈ ঔষধি হিচাবে সেৱন কৰাত আগ্ৰহী হ'লে নিশ্চয় আমি সুস্বাস্থ্যৰ গৰাকী হ'ব পাৰিম।

লগতে পঢ়ক-

Black Rice: প্ৰচুৰ ফাইবাৰ আৰু এন্টিঅক্সিডেণ্টেৰে সমৃদ্ধ ক’লা চাউলৰ স্বাস্হ্য উপকাৰিতা

ডাঃ ৰেইনী দেৱী (আয়ুৰ্বেদিক চিকিৎসক)

BAMS (GU)

গুৱাহাটী

 

English Summary: Home remedies with simple kitchen items
Published on: 18 March 2023, 12:11 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now